ETV Bharat / bharat

Modi surname case: ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰাখিব লাগে; উচ্চতম ন্যায়ালয়ত আবেদন কংগ্ৰেছৰ

author img

By

Published : Jul 18, 2023, 12:07 PM IST

কংগ্ৰেছে সোমবাৰে উচ্চতম ন্যায়ালয়ত মোডী উপাধি গোচৰত ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি এখন আবেদন দাখিল কৰে । জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিৰ দ্বাৰা এই আবেদন দাখিল কৰা হৈছে । ২১ জুলাইত হ'ব শুনানি ।

Modi surname case
ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰাখিব লাগে

নেশ্যনেল ডেস্ক,১৮ জুলাই : মোডী উপাধিৰ গোচৰত ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি মঙলবাৰে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হয় । আবেদনখনৰ শুনানি ২১ জুলাইত হ'ব বুলি জানিব পৰা গৈছে । আবেদনখনৰ জৰিয়তে ৰাহুল গান্ধীৰ শাস্তিৰ ওপৰত স্থগিতাদেশ বিচৰা হৈছে আৰু মুখ্য ন্যায়াধীশৰ ওচৰত জৰুৰী শুনানিৰ বাবে আবেদন জনোৱা হৈছে । উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিৰ দ্বাৰা এই আবেদন দাখিল কৰা হৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি, ৰাহুল গান্ধীৰ মানহানিৰ গোচৰত শাস্তি স্থগিত ৰখাৰ বাবে মঙলবাৰে উচ্চতম ন্যায়ালয়ত কংগ্ৰেছে আবেদনখন দাখিল কৰে । অৱশ্যে দীৰ্ঘদিন ধৰি চৰ্চা চলি আছিল যে ৰাহুল গান্ধীয়ে শাস্তি স্থগিত ৰখাৰ বাবে শীৰ্ষ আদালতত আবেদন দাখিল কৰিব । ইফালে ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি পূৰ্বেই ইংগিত দিছিল ।

৭ জুলাইত গুজৰাট উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পুনৰীক্ষণ আবেদনৰ শুনানিৰ সময়ত তেওঁৰ দাবী খাৰিজ কৰিছিল । তেতিয়াৰ পৰাই কংগ্ৰেছে এই সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ কথা ঘোষণা কৰিছিল ।

উল্লেখ্য যে ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত এক ৰেলীৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল । মোদী উপাধিক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পাচতে তেওঁৰ বিৰুদ্ধে বিজেপি নেতাই গোচৰ ৰুজু কৰিছিল । গোচৰটোৰ শুনানিৰ সময়ত বিচাৰ আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰে । এই সিদ্ধান্তক গুজৰাট উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল ।

অৱশ্যে উচ্চ ন্যায়ালয়ে আবেদনখনৰ দাবী নাকচ কৰে । এই আদেশত হস্তক্ষেপ কৰাৰ কোনো প্ৰয়োজন নাই বুলিও আদালতে উল্লেখ কৰে । যাৰ বাবে ন্যায়ৰ দাবীত ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছেও এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ।

লগতে পঢ়ক :Modi surname case: গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.