ETV Bharat / bharat

Modi surname case: গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ৰাহুল গান্ধী

author img

By

Published : Jul 15, 2023, 7:51 PM IST

‘মোদী উপাধি’ গোচৰত এতিয়াও সকাহ পোৱা নাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ৰাহুল গান্ধী ৷

Modi surname case
Modi surname case

নেশ্যনেল ডেস্ক, 15 জুলাই: কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে ‘মোদী’ উপাধিক লৈ কৰা মন্তব্যক লৈ অব্যাহত আছে বিচাৰ প্ৰক্ৰিয়া ৷ এইবাৰ গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে ৰাহুল গান্ধীয়ে ৷ উল্লেখ্য যে গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ ‘মোদী’ উপাধিৰ ওপৰত অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি দাখিল কৰা তেওঁৰ আবেদন প্ৰত্যাখ্যান কৰিছে ৷

গুজৰাটত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰৰ অভিযোগকাৰী পূৰ্ণেশ মোদীয়েও উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ ৭ জুলাইত, উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ মোদী উপাধিৰ ওপৰত অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি দাখিল কৰা আবেদন প্ৰত্যাখ্যান কৰে ৷

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত প্ৰচ্ছকে প্ৰদান কৰে এই ৰায়দান ৷ আদালতে 'মোদী উপাধি' মন্তব্যৰ বিৰুদ্ধে মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ অস্বীকাৰ কৰি সত্ৰ আদালতৰ আদেশ কাৰ্য কৰি ৰাখিছিল ৷

ৰাহুল গান্ধীৰ অধিবক্তাই যুক্তি দিছিল যে যদি ৰাহুল গান্ধীক জামিনযোগ্য, অজ্ঞাত অপৰাধৰ বাবে সৰ্বাধিক দুবছৰৰ শাস্তি প্ৰদানৰ ৰায় বাহাল ৰখা হয়, তেন্তে তেওঁ লোকসভাৰ স্থায়ীভাৱে হেৰুৱাব ৷ এই শাস্তি ব্যক্তিগতভাৱে ৰাহুল গান্ধী আৰু তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টি দুয়োৰে বাবে এক গুৰুতৰ অতিৰিক্ত বোজা বুলি যুক্তি প্ৰদান কৰিছিল ৷

কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী জনসভাৰ সময়ত 2019 চনত ‘মোদী উপাধি’ক লৈ কৰা এক মন্তব্যৰ পাচতেই ৰাহুল দান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল ৷

দক্ষিণ চুৰাটক প্ৰতিনিধিত্ব কৰা ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) প্ৰাক্তন বিধায়ক পূৰ্ণেশ মোদীয়ে ৰাহুল গান্ধীৰ বক্তব্যৰ বিৰুদ্ধে পোন প্ৰথমে আদালতত গোচৰ ৰুজু কৰিছিল ৷

লগতে পঢ়ক: Modi Surname Row: ৰাহুল গান্ধীৰ সমৰ্থনত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.