ETV Bharat / bharat

LPG Cylinder Price Hike : নৱবৰ্ষৰ প্ৰথমটো দিনতেই 25 টকাকৈ বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

author img

By

Published : Jan 1, 2023, 3:26 PM IST

LPG Cylinder Price Hike
নৱবৰ্ষৰ প্ৰথমটো দিনতেই 25 টকাকৈ বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃদ্ধি পালে 25 টকাকৈ ৷ বছৰৰ প্ৰথমটো দিনৰ পৰাই কাৰ্যকৰী হোৱাকৈ লোৱা হ’ল এই সিদ্ধান্ত ৷ অৱশ্যে বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে লোৱা হৈছে দামবৃদ্ধিৰ সিদ্ধান্ত (Commercial LPG cylinder price)৷ ৷

নিউজ ডেস্ক, 1 জানুৱাৰী: নৱবৰ্ষৰ পহিলা দিনটোৰ পৰাই বৃদ্ধি পালে বাণিজ্যিক ৰন্ধন গেছৰ দাম ৷ ৰন্ধন গেছৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত আজিৰে পৰা ভৰিব লাগিব অতিৰিক্ত 25 টকা ৷ ফলত এতিয়াৰে পৰা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হ’ব ১,৭৬৯ টকা (Commercial LPG cylinder price)৷

তেল বিপণন কোম্পানীসমূহে ২০২৩ চনৰ প্ৰথম দিনটোৰ পৰাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰে (Oil Marketing Companies on commercial LPG)৷ অৱশ্যে ঘৰুৱা চিলিণ্ডাৰ এই দামবৃদ্ধিৰ আওতালৈ অহা নাই ৷ ৰন্ধন গেছৰ চিলিণ্ডাৰ এই দামবৃদ্ধিৰ লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে ৷

ইফালে কংগ্ৰেছ দলে মোডী চৰকাৰে দেশহাসীক নতুন বছৰৰ উপহাৰ হিচাবে ৰন্ধন গেছৰ দাম বৃদ্ধি কৰা বুলি মন্তব্য কৰিছে ৷ কংগ্ৰেছ দলৰ অফিচিয়েল টুইটাৰ হেণ্ডলৰ পৰা টুইট কৰি কয়, "নতুন বছৰৰ প্ৰথম উপহাৰ । বাণিজ্যিক গেছ চিলিণ্ডাৰ ২৫ টকা ব্যয়বহুল হৈ পৰিল (Hike in Commercial LPG)।" দলটোৱে সকীয়াই দিয়ে যে এয়া মাত্ৰ আৰম্ভণিহে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিগত বছৰৰ ছেপ্টেম্বৰত তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা হ্ৰাস কৰিছিল ৷ ১ আগষ্টতো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৩৬ টকা হ্ৰাস কৰা হৈছিল ৷ তাৰ পূৰ্বে ৬ জুলাইত ১৯ কিলোগ্ৰাম ওজনৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ৮.৫ টকা হ্ৰাস কৰিছিল ৷

আনহাতে বৰ্তমান ঘৰুৱা চিলিণ্ডাৰৰ দামৰ পৰিৱৰ্তন নহয় বুলি জানিবলৈ দিছে (Domestic LPG cylinder price)৷ বিগত বৰ্ষৰ ৬ জুলাইত ১৪.২ কিলোগ্ৰাম ওজনৰ প্ৰতিটো ঘৰুৱা এল পি জি চিলিণ্ডাৰত ৫০ টকা বৃদ্ধি পাইছিল ৷

লগতে পঢ়ক: New Year 2023 : দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.