ETV Bharat / bharat

New Year 2023 : দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

author img

By

Published : Jan 1, 2023, 1:42 PM IST

আনন্দ উল্লাহৰ মাজেৰে দেশবাসীয়ে আদৰণি জনাইছে ইংৰাজী নৱবৰ্ষক । এই বিশেষ ক্ষণত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও দেশবাসীৰ মংগল কামনা কৰিছে (President Murmu greets people on New Year)। মুম্বাই, দিল্লী, চেন্নাই আদি প্ৰতিখন চহৰতে নৱবৰ্ষক আদৰৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

New Year 2023
দেশবাসীক ৰাষ্ট্ৰপতিৰ নৱবৰ্ষৰ শুভেচ্ছা

নেশ্যনেল ডেস্ক,১ জানুৱাৰী : আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন । সকলোৱে আনন্দ উল্লাহৰ মাজেৰে নৱবৰ্ষক আদৰিছে । সকলোৱে নিজৰ পৰিয়াল, বন্ধুবৰ্গ, আত্মীয়ক বিভিন্ন ধৰণে নৱবৰ্ষৰ শুভেচ্ছাও জনাইছে । দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও দেশবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে (President Murmu greets people on New Year)। ২০২৩ বৰ্ষই সকলোৰে জীৱনত নতুন অনুপ্ৰেৰণা, লক্ষ্য আৰু সাফল্য কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ৰাষ্ট্ৰপতিয়ে জনসাধাৰণক ৰাষ্ট্ৰৰ ঐক্য, অখণ্ডতা আৰু সামগ্ৰিক উন্নয়নৰ বাবে নিজকে পুনৰ সমৰ্পিত কৰাৰ সংকল্প ল'বলৈ কৈছে । ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে লিখিছে, "সকলোকে নৱবৰ্ষৰ শুভেচ্ছা ! বিদেশত বাস কৰা সকলো নাগৰিকসহ আৰু প্ৰতিগৰাকী ভাৰতীয়ক শুভেচ্ছা জনাইছো । ২০২৩ বৰ্ষই আমাৰ জীৱনত নতুন অনুপ্ৰেৰণা, লক্ষ্য আৰু সফলতা আনক । আহক আমি ৰাষ্ট্ৰৰ ঐক্য, অখণ্ডতা আৰু সামগ্ৰিক উন্নয়নৰ বাবে নিজকে পুনৰ সমৰ্পিত কৰাৰ সংকল্প লওঁ ।"

ইয়াৰ পূৰ্বে ২০২৩ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতিয়েও সকলো নাগৰিকলৈ শুভেচ্ছা প্ৰেৰণ কৰে । এক বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "নৱবৰ্ষ উপলক্ষে মই সকলো নাগৰিক আৰু বিদেশৰ সকলো ভাৰতীয়লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো । নতুন বছৰৰ আৰম্ভণি, সতেজ শক্তিৰে পৰিপূৰ্ণ হওক, আমাৰ জীৱনত নতুন সুখ, লক্ষ্য, অনুপ্ৰেৰণা আৰু অধিক সফলতা আহক । এই উপলক্ষে আমি ৰাষ্ট্ৰৰ ঐক্য, অখণ্ডতা আৰু সামগ্ৰিক উন্নয়নৰ বাবে নিজকে পুনৰ সমৰ্পিত কৰাৰ সংকল্প লওঁ আহক । মই ২০২৩ চনত আমাৰ গৌৰৱময় ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ প্ৰগতি আৰু সমৃদ্ধি কামনা কৰিছো ।"

ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোৰে জীৱন আশা, সুখ আৰু যথেষ্ট সফলতাৰে ভৰি পৰিব বুলি আশা প্ৰকাশ কৰে (PM Modi greets people on New Year)। প্ৰধানমন্ত্ৰীয়ে এক টুইটত লিখিছে, "২০২৩ সকলোৰে বাবে গুৰুত্বপূৰ্ণ হওক ! ই আশা, সুখ আৰু যথেষ্ট সফলতাৰে ভৰি থাকক । সকলো নাগৰিক সুস্বাস্থ্যৰ অধিকাৰী হওক ।"

ইফালে নিশা ১২ বজাৰ লগে লগে ৰঙীণ হৈ পৰিছিল দেশৰ প্ৰতিখন চহৰ । আতচবাজী আৰু সংগীত আদিৰে ২০২৩ বৰ্ষক ধুমধামেৰে আদৰণি জনাইছে বিভিন্নজনে । দিল্লীৰ পৰা আৰম্ভ কৰি মুম্বাই, চেন্নাই, কলকাতা সকলোতে ৩১ ডিচেম্বৰৰ নিশা আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে ।

দিল্লীত নতুন বছৰ উদযাপন কৰিবলৈ বৃহৎ সংখ্যক লোক ইণ্ডিয়া গেটত একত্ৰিত হৈছিল । ৰাষ্ট্ৰীয় ৰাজধানীৰ বিভিন্ন প্ৰান্তৰ বাৰ আৰু ক্লাবসমূহত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল (New year celebration in Delhi)। মুম্বাইৰ সাগৰৰ পাৰৰ শিলবোৰো দেখিবলৈ আকৰ্ষণীয় হৈ পৰিছিল । সপোনৰ চহৰখন সংগীত লহৰত নাচি উঠিছিল ।

নতুন বছৰ উদযাপনৰ বাবে মুম্বাইৰ মেৰিন ড্ৰাইভত বিশাল জনসমাগম হোৱা দেখা গৈছিল । আনহাতে ৰঙীণ পোহৰেৰে গোৱাৰ সমুদ্ৰতীৰ জিলিকি উঠিছিল । হোটেল আৰু ৰিজৰ্টত ডিজে পাৰ্টিৰ আয়োজন কৰা হৈছিল (New year celebration in Mumbai)। প্ৰায় সকলো মুখ্য কেচিনো, ৰেষ্টুৰেণ্ট আৰু বাৰবোৰে নতুন বছৰ উদযাপন কৰিবলৈ সংগীতৰ কাৰ্যসূচী আৰু অন্যান্য বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিল । উত্তৰাখণ্ডৰ মৌচুৰীত ৰাইজে সংগীত আৰু নৃত্যৰ মাজেৰে নৱবৰ্ষক আদৰণি জনাইছে ।

একেদৰে, হিমাচল প্ৰদেশৰ মানালীৰ মল ৰোডত নতুন বছৰক আদৰণি জনোৱাৰ বাবে যথেষ্ট লোকে ভিৰ কৰিছিল । ওড়িশাৰ পুৰীত প্ৰখ্যাত বলুকা শিল্পী সুদৰ্শন পাটনায়কে নৱবৰ্ষক আদৰণি জনোৱাৰ বাবে ভগৱান জগন্নাথৰ ৮ ফুট ওখ আৰু ১৫ ফুট দীঘল এক ভাস্কৰ্য প্ৰস্তুত কৰিছে (Sudarsan Pattnaik welcomed new year)। পাটনায়কে ১০ টন বালি ব্যৱহাৰ কৰি ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ প্ৰতিমূৰ্তি প্ৰস্তুত কৰিছে । তেওঁ প্ৰতিমূৰ্তিটো ফুলেৰে সজাইছে আৰু "জয় জগন্নাথ" বুলি লিখিছে ।

নৱবৰ্ষৰ প্ৰথম দিনটোতে বহুলোকে ধৰ্মীয় অনুষ্ঠানসমূহত ভিৰ কৰা দেখা গৈছে । দেওবাৰে পুৱতি নিশা বাৰাণসীৰ আচি ঘাটত এটা 'গংগা আৰতি' পৰিৱেশন কৰা হয় । গংগা আৰতি চাবলৈ ঘাটত যথেষ্ট ভক্ত সমবেত হয় । উজ্জয়িনীত দেওবাৰে পুৱা আৰতিৰ অংশ হ'বলৈ মহাকালেশ্বৰ মন্দিৰত একত্ৰিত হয় বহু ভক্ত । ভগৱান শিৱৰ 'ভস্ম আৰতি' মহাকালেশ্বৰ মন্দিৰত পুৱা পৰিৱেশন কৰা হয় ।

মহাকালেশ্বৰৰ ভস্ম আৰতিৰ এক বিশেষত্ব আছে । কিয়নো ই হৈছে ১২ টা 'জ্যোতিৰ্লিংগ'ৰ ভিতৰত একমাত্ৰ শিৱলিংগ য'ত ভস্ম প্ৰয়োগ কৰা হয় । সেয়েহে, মহাকালেশ্বৰৰ পুৰোহিতৰ মতে, সমগ্ৰ বিশ্বৰ লোকসকলে প্ৰতিবছৰে উক্ত স্থানলৈ আহিবলৈ আগ্ৰহী হৈ থাকে । ইফালে, মুম্বাইৰ বিখ্যাত সিদ্ধিবিনায়ক মন্দিৰতো পুৱা প্ৰাৰ্থনা কৰা হয় । নতুন বছৰৰ প্ৰথম দিনটোতে পুৱা আৰতি চাবলৈ ভক্তসকলে সিদ্ধিবিনায়ক মন্দিৰত ভিৰ কৰে ।

লগতে পঢ়ক :India Covid infections: ভাৰততত ক'ভিড সংক্ৰমিতৰ সংখ্যা হ’লগৈ 3,653

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.