ETV Bharat / bharat

Rijiju praises PM Modi: নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত উন্নত ৰাষ্ট্ৰৰ দৃষ্টিভংগী সলনি হৈছে; কিৰেণ ৰিজিজু

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 5:20 PM IST

Rijiju praises PM Modi
নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত উন্নত ৰাষ্ট্ৰৰ দৃষ্টিভংগী সলনি হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা কিৰেণ ৰিজিজুৰ । ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি শাসনলৈ অহাৰ পাছত ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে ।

নেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ : দেশৰ বিভিন্ন নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জনাইছে । জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰধানমন্ত্ৰীক বিশ্বৰ এগৰাকী মহান নেতা আখ্যা দিয়ে । ৰিজিজুৱে দৃঢ়তাৰে কয় যে ২০১৪ চনত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পাছত ভাৰতৰ প্ৰতি উন্নত ৰাষ্ট্ৰসমূহৰ দৃষ্টিভংগী যথেষ্ট পৰিৱৰ্তন হৈছে । তেওঁ পিএম বিশ্বকৰ্মা আঁচনিৰ শুভাৰম্ভৰ এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে ।

তেওঁ উল্লেখ কৰা মতে পূৰ্বে ভাৰতৰ নেতাসকলক বিদেশ ভ্ৰমণৰ সময়ত গুৰুত্ব দিয়া হোৱা নাছিল । ২০১৪ চনত মোদী শাসনলৈ অহাৰ পাছত সেই ধাৰণা সলনি হৈছে । এতিয়া প্ৰতিগৰাকী বিদেশী নেতাই কেৱল ভাৰতীয় মন্ত্ৰীসকলক সন্মান জনোৱাই নহয় তেওঁলোকৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ বাবেও ইচ্ছা প্ৰকাশ কৰিছে । বিশ্বৰ নেতাসকলে প্ৰতিটো দিশত ভাৰতৰ সৈতে জড়িত হ'ব বিচাৰিছে বুলিও ৰিজিজুৱে দাবী কৰে ।

মোদীক তেওঁৰ ৭৩ সংখ্যক জন্মদিনত শুভেচ্ছা জনাই ৰিজিজুৱে কয় যে প্ৰধানমন্ত্ৰীৰ কাম কৰাৰ শৈলী ব্যতিক্ৰম আৰু তেওঁৰ শক্তিৰ স্তৰ অতি উচ্চ । ৰিজিজুৰ মতে তেওঁ ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আহিছে আৰু তেওঁৰ শক্তিৰ দ্বাৰা সদায় অনুপ্ৰাণিত হৈ আহিছে । ৰিজিজুৰ মতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবা দিনৰ বাবে খুব কম টোপনিৰ সৈতে কাম কৰি আহিছে । তেওঁ এটা দিনত বহুতো সভা সম্বোধন কৰিব পাৰে যিটো সাধাৰণ ব্যক্তিৰ বাবে কঠিন বুলিও ৰিজিজুৱে উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰা পিএম বিশ্বকৰ্মা আঁচনি সন্দৰ্ভত ৰিজিজুৱে কয় যে অৰ্থনৈতিক বিষয়ৰ কেবিনেট সমিতিয়ে শেহতীয়াকৈ এই আঁচনিখনৰ বাবে ১৩,০০০ কোটি টকা আৱণ্টন কৰিছে । ২০২৩-২৪ বৰ্ষৰ পৰা ২০২৭-২৮ বৰ্ষলৈ ৫টা বিত্তীয় বৰ্ষৰ বাবে পৰম্পৰাগত শিল্পীসকলৰ বাবে এই আঁচনি উপলব্ধ হ'ব । ৰিজিজুৱে কোৱা মতে শিল্পীসকলে বায়'মেট্ৰিক ব্যৱহাৰ কৰি পিএম বিশ্বকৰ্মা পৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব ।

লগতে পঢ়ক :PM Modi birthday: জন্মদিনৰ দিনা মেট্ৰ'ত ভ্ৰমণৰ আমেজ ল’লে প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.