ETV Bharat / bharat

PM Modi birthday: জন্মদিনৰ দিনা মেট্ৰ'ত ভ্ৰমণৰ আমেজ ল’লে প্ৰধানমন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 2:19 PM IST

জন্মদিনৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বাৰকা চেক্টৰ ২১ ৰ পৰা নতুন মেট্ৰ' ষ্টেচন 'যশোভূমি দ্বাৰকা চেক্টৰ ২৫'লৈ দিল্লী বিমানবন্দৰ মেট্ৰ' এক্সপ্ৰেছ লাইনৰ সম্প্ৰসাৰণ উদ্বোধন কৰে । এই সময়ত তেওঁ মেট্ৰ'ত যাত্ৰা কৰে আৰু যাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে ।

PM Modi birthday
জন্মদিনৰ দিনাই মেট্ৰ'ত যাত্ৰা প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ১৭ ছেপ্টেম্বৰ : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৩ সংখ্যক জন্মদিন । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীলৈ শুভেচ্ছা বাৰ্তা অহা দেখা গৈছে । তেওঁৰ অনুৰাগী তথা সমৰ্থকসকলে সামাজিক মাধ্যমত ব্যাপকভাৱে জন্মদিনৰ শুভেচ্ছা জনোৱা দেখা গৈছে । কেইবাজনো নেতাই প্ৰধানমন্ত্ৰীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাইছে । তেওঁক দীৰ্ঘায়ু আৰু সুস্থ স্বাস্থ্যৰ বাবে শুভেচ্ছা জনাইছে । একাংশই আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে বিশেষ পূজা আগবঢ়াইছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

এক্সত শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে সুদূৰপ্ৰসাৰী দৃষ্টিভংগী আৰু শক্তিশালী নেতৃত্বৰ দ্বাৰা 'অমৃত কাল'ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সামগ্ৰিক বিকাশৰ পথ প্ৰশস্ত কৰিব বুলি আশাবাদী । গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক নতুন ভাৰতৰ স্থপতি হিচাপে প্ৰশংসা কৰে । শ্বাহে কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ প্ৰাচীন ঐতিহ্যৰ আধাৰত এক বিশাল আৰু স্বাৱলম্বী ভাৰতৰ এক শক্তিশালী ভেটি স্থাপন কৰিছে ।

তেওঁ কয় যে দলীয় সংগঠন হওক বা চৰকাৰ হওক তেওঁলোকে সদায় মোডীৰ পৰা ৰাষ্ট্ৰীয় স্বাৰ্থ সৰ্বোচ্চ হোৱাৰ অনুপ্ৰেৰণা পাই বুলিও তেওঁ উল্লেখ কৰে । এনে এক অনন্য নেতাৰ অধীনত দেশৰ সেৱা কৰাটো তেওঁৰ সৌভাগ্য বুলিও তেওঁ উল্লেখ কৰে । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ।

ইফালে বিজেপিয়ে আজিৰ পৰা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী অৰ্থাৎ ২ অক্টোবৰলৈকে 'সেৱা পখৱাৰা' আৰম্ভ কৰাৰ পৰিকল্পনা ঘোষণা কৰে । এই অভিযানৰ উদ্দেশ্য হৈছে দেশৰ প্ৰখ্যাত নেতাজনৰ জন্মদিন উপলক্ষে বহুতো কল্যাণমূলক পদক্ষেপৰ সৈতে সমাজৰ বিভিন্ন শ্ৰেণীৰ ওচৰলৈ যোৱা । এই অভিযানত অংশগ্ৰহণৰ বাবে এজনে মোবাইল নম্বৰ বা ইমেইল আইডি ব্যৱহাৰ কৰি 'নমো' এপ্পত লগ ইন কৰিব লাগিব ।

আনহাতে জন্মদিনৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বাৰকা চেক্টৰ ২১ ৰ পৰা নতুন মেট্ৰ' ষ্টেচন 'যশোভূমি দ্বাৰকা চেক্টৰ ২৫'লৈ দিল্লী বিমানবন্দৰ মেট্ৰ' এক্সপ্ৰেছ লাইনৰ সম্প্ৰসাৰণ উদ্বোধন কৰে । উদ্বোধনৰ পাছত তেওঁ দিল্লী মেট্ৰ'ত যাত্ৰা কৰে ৷ লগতে প্ৰধানমন্ত্ৰীয়ে দ্বাৰকাত যশোভূমি নামেৰে জনাজাত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপো চেণ্টাৰ (আইআইচিচি)ৰ প্ৰথম পৰ্যায়ও আনুষ্ঠানিকভাৱে উন্মোচন কৰিব ।

মেট্ৰ'ত যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে যাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰাও দেখা গৈছে । বহুতে তেওঁৰ সৈতে চেলফি লোৱাও দেখা গৈছে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জনায় ।

লগতে পঢ়ক :PM Modi’s birthday : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰীলৈ যাঁচিলে শুভেচ্ছা বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.