ETV Bharat / bharat

PM Modi’s birthday : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰীলৈ যাঁচিলে শুভেচ্ছা বাৰ্তা

author img

By ANI

Published : Sep 17, 2023, 11:10 AM IST

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 সংখ্যক জন্মদিন ৷ বিভিন্নজনে সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীগৰাকীলৈ যাঁচিছে শুভেচ্ছা ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ‘X’ যোগে প্ৰধানমন্ত্ৰীলৈ জনায় জন্মদিনৰ শুভেচ্ছা ৷

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ: দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ 73 সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ‘X’ যোগে ৰাষ্ট্ৰপতিয়ে লিখিছে, “প্ৰধানমন্ত্ৰী @narendramodi লৈ তেওঁৰ জন্মদিনত আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা । আপোনাৰ সুদূৰপ্ৰসাৰী দৃষ্টিশক্তি আৰু শক্তিশালী নেতৃত্বৰে ভাৰতৰ সামগ্ৰিক বিকাশৰ পথ প্ৰশস্ত কৰক । আপুনি সদায় সুখী আৰু সুস্থ জীৱন যাপন কৰক আৰু আপোনাৰ নেতৃত্বৰে দেশবাসীক উপকৃত কৰক ।"

ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও ‘X’ যোগে প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনায় । “বিশ্ব মঞ্চৰ আটাইতকৈ জনপ্ৰিয় নেতা, সক্ষম আৰু শক্তিশালী ভাৰতৰ স্থপতি, সনাতন সংস্কৃতিৰ ধ্বজাবাহী, যিয়ে উন্নয়নমুখী নীতিৰ জৰিয়তে বৃহৎ পৰিসৰত জনকল্যাণৰ পথ প্ৰশস্ত কৰিছিল, তেওঁলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছো ” ধামীয়ে লিখিছে ।

“মই বাবা কেদাৰনাথৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আপোনাৰ দক্ষ নেতৃত্বত দেশখন আগবাঢ়ি যায় আৰু উন্নয়নৰ নতুন মাত্ৰা প্ৰতিষ্ঠা কৰে । আপুনি সদায় দীৰ্ঘ, সুস্থ আৰু সমৃদ্ধিশালী জীৱন যাপন কৰক ”, তেওঁ লগতে কয় ।

কটকস্থিত শিল্পী দীপক বিশ্বৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 সংখ্যক জন্ম জয়ন্তীত এখন প্ৰতিকৃতি নিৰ্মাণ কৰি তেওঁলৈ শুভেচ্ছা যাঁচে । শেহতীয়া সৃষ্টি সন্দৰ্ভত ANI ৰ সৈতে হোৱা কথা-বতৰাত বিশ্বালে কয়, ‘মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 73 সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাই তেওঁৰ এখন ধোঁৱাৰ প্ৰতিকৃতি তৈয়াৰ কৰিছো । প্ৰতিকৃতিখনত মই ওড়িশাত সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰা কোৰ্নাক চকাটোও চিত্ৰিত কৰিছোঁ । আমি জনা মতে, G 20 ৰ ৰাতিৰ আহাৰত বিশ্বৰ নেতা আৰু প্ৰতিনিধিক আদৰণি জনোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কোৰ্নাক চকাটোক পটভূমি হিচাপে ব্যৱহাৰ কৰিছিল । আমাৰ বাবে গৌৰৱৰ বিষয় আছিল ।”

লগতে পঢ়ক: PM Modi’s 73rd birth anniversary: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 সংখ্যক জন্ম বাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.