ETV Bharat / bharat

মোডী-অৰুণ জেটলী ষ্টেডিয়ামৰ নাম সলনি কৰাৰ দাবী বিৰোধীৰ

author img

By

Published : Aug 7, 2021, 10:57 AM IST

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম আহমেদাবাদৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামৰ নাম গুজৰাট ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি তথা প্ৰধানমন্ত্ৰী মোডীৰ নামেৰে পুনৰ নামাকৰণ কৰা হৈছিল । আনহাতে ২০১৯ চনৰ ছেপ্তেম্বৰ মাহত দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাই ফিৰোজ শ্বাহ কোটলাক প্ৰয়াত ৰাজনীতিবিদ তথা ক্ৰীড়া প্ৰশাসক অৰুণ জেটলীৰ স্মৃতিত ষ্টেডিয়ামখনৰ পুনৰ নামাকৰণ কৰে ।

Rename Modi stadium
মোডী আৰু অৰুণ জেটলী ষ্টেডিয়ামৰ নামো সলনি কৰিব লাগে

নেশ্যনেল ডেস্ক, ৭ আগষ্ট : কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা হিচাপে জনাজাত 'ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা'ক (rajiv gandhi khel ratna award) মেজৰ ধ্যানচান্দ বঁটা (Major Dhyan Chand Khel Ratna Award) নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে । সকলোৱে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে কিন্তু তাৰ লগে লগে কেইবাটামান দাবীও উত্থাপন কৰিছে ।

  • मोदी जी हमें उम्मीद है आप देश के खिलाड़ियों के नाम पर और स्टेडियम के नाम,अन्य स्कीम का नाम भी रखेंगे

    अब शुरुआत हो ही गई है, तो अच्छी शुरुआत करे।
    सबसे पहले नरेन्द्र मोदी स्टेडियम व अरुण जेटली स्टेडियम के नाम बदल मिल्खा सिंह स्टेडियम रख दीजिए!

    पूरा देश आपके इस फैसले से सहमत होगा! pic.twitter.com/8bRjP6IdBh

    — Randeep Singh Surjewala (@rssurjewala) August 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বিশেষকৈ বিৰোধী কংগ্ৰেছ আৰু একাংশ লোকে সামাজিক মাধ্যমত ব্যাপকভাৱে চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । তেওঁলোকে দাবী কৰা মতে যিধৰণে এগৰাকী খেলুৱৈৰ নামেৰে বঁটাৰ নামটো সলনি কৰা হ'ল ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামেৰে নামাকৰণ কৰা ষ্টেডিয়ামৰ নামটোও সলনি কৰিব লাগে । প্ৰধানমন্ত্ৰী মোডী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ নামেৰে নামাকৰণ কৰা ষ্টেডিয়ামৰ নাম পুনৰ সলনি কৰিবলৈ চৰকাৰক আহ্বান জনাই বিৰোধীয়ে ।

  • As @narendramodi Govt renamed Rajiv Gandhi Khel Ratna Award to Major Dhyan Chand Khel Ratna Award, I would like to request them to rename Narendra Modi Stadium to Sardar Patel Stadium again. pic.twitter.com/w1ccKacK4b

    — Shankersinh Vaghela (@ShankersinhBapu) August 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম আহমেদাবাদৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামৰ নাম গুজৰাট ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি তথা প্ৰধানমন্ত্ৰী মোডীৰ নামেৰে পুনৰ নামাকৰণ কৰা হৈছিল । আনহাতে ২০১৯ চনৰ ছেপ্তেম্বৰ মাহত দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাই ফিৰোজ শ্বাহ কোটলাক প্ৰয়াত ৰাজনীতিবিদ তথা ক্ৰীড়া প্ৰশাসক অৰুণ জেটলীৰ স্মৃতিত ষ্টেডিয়ামখন পুনৰ নামাকৰণ কৰে ।

  • Absolutely welcome this move. Sportsman getting recognition and award being named after him or her. Hopefully start of many such things in sports #DhyanChandAward #dhyanchand ji

    — Irfan Pathan (@IrfanPathan) August 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

জেটলী ১৪ বছৰ ধৰি দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাৰ সভাপতি আছিল । কংগ্ৰেছৰ মুখ্য ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই হিন্দীত টুইট কৰি কয় যে এতিয়া চৰকাৰে বিশিষ্ট ক্ৰীড়াবিদৰ স্মৃতিত বঁটাৰ নামাকৰণ কৰা আৰম্ভ কৰিছে ৷ সেয়ে নৰেন্দ্ৰ মোডী আৰু অৰুণ জেটলীৰ নামত থকা ষ্টেডিয়ামো বিশিষ্ট ক্ৰীড়াবিদৰ নামেৰে নামাকৰণ কৰি এই আৰম্ভণি আৰু বেছি আকৰ্ষণীয় কৰি তুলিব লাগে ।

  • This is a welcome change. Thank you @narendramodi 🙏
    I also request to change the world’s largest cricket stadium’s name from Narendra Modi Stadium to Kapil Dev or Sachin stadium. https://t.co/gqzUKSGE9j

    — Amarkant Singh (@singh_amarkant) August 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সমান্তৰালকৈ গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰসিংহ বাঘেলাইও টুইট কৰি আহ্বান জনাই, মোডী চৰকাৰে যিধৰণে ৰাজীৱ গান্ধী খেলৰত্ন বঁটাক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটালৈ পুনৰ নামাকৰণ কৰিলে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ নামো পুনৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামলৈ যাতে সলনি কৰে । প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ইৰফান পাঠানেও টুইট কৰি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায় ।

  • Hopefully in the future sports stadium names will be after sportsmen too.

    — Irfan Pathan (@IrfanPathan) August 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

খেলুৱৈগৰাকীয়ে স্বীকৃতি আৰু পুৰস্কাৰ লাভ কৰিছে যাৰ বাবে তেওঁৰ নামেৰে বঁটা নামাকৰণ কৰা হৈছে । তেওঁ আশা কৰে যে পৰৱৰ্তী দিনবোৰত ক্ৰীড়াত এনে ধৰণৰ বহুত পৰিৱৰ্তন হ'ব ৷ লগতে ভৱিষ্যতে ক্ৰীড়া ষ্টেডিয়ামৰ নামো খেলুৱৈসকলৰ নামেৰে হ'ব বুলি আশা কৰে ইৰফান পাঠানে । উল্লেখ্য যে, ১৯২৬ চনৰ পৰা ১৯৪৯ চনলৈকে কেৰিয়াৰত মেজৰ ধ্যানচান্দে ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনত একেৰাহে অলিম্পিক পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ সেয়ে হকীৰ যাদুকৰ হিচাপেও তেওঁ অতি জনপ্ৰিয় ।

লগতে পঢ়ক : খেলৰত্ন বঁটাৰ নাম সলনি : কেন্দ্ৰৰ সিদ্ধান্তক myopic আখ্যা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.