ETV Bharat / bharat

Manipur 40 MLAs write to PM: মণিপুৰৰ পৰা অসম ৰাইফলছক প্ৰত্যাহাৰৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ 40 বিধায়কৰ

author img

By

Published : Aug 10, 2023, 12:09 PM IST

ৰাজনীতিৰ মেৰপেচত সোমাল নেকি মণিপুৰৰ ঘটনা ! দেশৰ প্ৰধানমন্ত্ৰীয়ে ক’ব নিবিচাৰে মণিপুৰৰ সন্দৰ্ভত ৷ কিন্তু 40 জনীয়া বিধায়ক দলৰ প্ৰতিনিধিয়ে উদঙাইছে কেন্দ্ৰৰ অভিসন্ধি ৷ যদি মণিপুৰলৈ শান্তি আনিব বিচাৰিলে সম্পূৰ্ণ নিৰস্ত্ৰকৰণে মূল চাবিকাঠি ৷

Manipur 40 MLAs write to PM
মণিপুৰৰ শান্তিৰ বাবে অবৈধ মাৰানাস্ত্ৰসমূহ জব্দ কৰক

নিউজ ডেস্ক, 10 আগষ্ট: আজিও শান্ত হোৱা নাই মণিপুৰৰ ৷ হিংসা জৰ্জৰ মণিপুৰক লৈ দেশৰ ৰাজনৈতি বলিছে গৰম বতাহ ৷ ৰাজনৈতিক মেৰপেচত থকা অতি স্পৰ্শকাতৰ মণিপুৰৰ সমস্যাক লৈ শাসকীয় পক্ষই স্বাকীৰ কৰিব নিবিচাৰে ৷ পৰিণতিত আজিও অস্ত্ৰৰ জনজননি শুনিবলৈ পোৱা গৈছে ৷

আনহাতে, গোষ্ঠীসংঘৰ্ষৰ মাজতে মণিপুৰৰ 40 বিধায়কেৰে গঠিত এটা প্ৰতিনিধিৰ দলে ৯ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷ প্ৰতিনিধি দলটোৱে ৰাজ্যখনত সম্পূৰ্ণ নিৰস্ত্ৰকৰণ দাবী উত্থাপন কৰে স্মাৰক পত্ৰৰ যোগেদি ৷ বিধায়ক প্ৰতিনিধি দলৰ প্ৰধানমন্ত্ৰীলৈ আহ্বান, তাৎক্ষণিকভাৱে নিৰাপত্তা ব্যৱস্থাৰ বাবে পদক্ষেপ গ্ৰহণ কৰক ৷

তেওঁলোকে আৰু দাবী কৰে যে, ৰাজ্যখনত থকা বৰ্তমানৰ সেনা বাহিনী পৰ্যাপ্ত নহয় । যদিহে মণিপুৰলৈ শান্তি আনিব বিচাৰিছে তেতিয়া হ’লে সম্পূৰ্ণ নিৰস্ত্ৰকৰণৰ প্ৰয়োজন ৷ ই হৈছে ৰাজ্যখনৰ বাবে শান্তিৰ মূল চাবিকাঠি ৷ বৰ্তমানৰ বিদ্ৰোহী গোট, অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু ৰাজ্যখনৰ আৰক্ষীৰ পৰা কাঢ়ি নিয়া অস্ত্ৰসমূহ জব্দ কৰা অতি প্ৰয়োজন হৈ পৰিছে ৷ স্মাৰক পত্ৰখনত আৰু কোৱা হৈছে যে মণিপুৰত স্থায়ী শান্তি নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীক অধিক সক্ৰিয় কৰিব লাগিব শীঘ্ৰে ৷

আনহাতে সেনা বাহিনীৰ ওপৰত আস্থা আৰু বিশ্বাস হেৰুৱাইছে জনসাধাৰণে ৷ বিভিন্নত প্ৰন্তত কৃষকসকলে তেওঁলোকৰ পথাৰলৈ যাব পৰা নাই ৷ পথাৰলৈ ওলাই গ’লে কেৱল উগ্ৰপন্থীয়ে গুলী চালনা কৰা শব্দ শুনা যায় ৷ ইফালে উগ্ৰপন্থীসকলে ব্যৱহাৰ কৰা অস্ত্ৰবোৰ অত্যাধুনিক ৷

স্মাৰক পত্ৰখনত কেন্দ্ৰীয় সামৰিক বাহিনীৰ বিৰুদ্ধেও কেতবোৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিনিধি দলটোৱে ৷ তেওঁলোকৰ মতে গুলীচালনাৰ বেছিভাগ ঘটনা কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ উপস্থিতিত সংঘটিত হৈছে ৷ কিন্তু সেনাই সঠিক প্ৰত্যুত্তৰ দিব পৰা নাই ৷ ইয়াৰ ফলত কেন্দ্ৰীয় সামৰিক বাহিনীৰ ওপৰত বিশ্বাস হেৰুওৱা হৈছে আৰু জনসাধাৰণৰ অসন্তুষ্টি বৃদ্ধি পাইছে ৷ সেয়ে বৰ্তমান নিয়োজিত কেন্দ্ৰীয় সামৰিক বাহিনী মণিপুৰৰ পৰা আঁতৰাব লাগে ৷ লগতে NRC ব্যৱস্থা কৰাৰ দাবী কৰে বিধায়কৰ দলটোৱে ৷

লগতে পঢ়ক:Who is doing politics: মণিপুৰকলৈ ৰাজনীতি নকৰিবলৈ শ্বাহৰ সকীয়নি; অধীৰ ৰঞ্জনে দিলে প্ৰত্যুত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.