ETV Bharat / bharat

Who is doing politics: মণিপুৰকলৈ ৰাজনীতি নকৰিবলৈ শ্বাহৰ সকীয়নি; অধীৰ ৰঞ্জনে দিলে প্ৰত্যুত্তৰ

author img

By

Published : Aug 10, 2023, 7:47 AM IST

মণিপুৰক লৈ ৰাজনীতি কোনে কৰিছে ? কংগ্ৰেছ নে বিজেপিয়ে ? লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বিৰোধীক সমালোচনা কৰাৰ পিচতে কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধাৰীয়ে কৰিলে মন্তব্য ৷

Adhir Ranjan Chowdhary
Who is doing politics

নিউজ ডেস্ক, 10, আগষ্ট: মণিপুৰ হিংসাক লৈ বিৰোধীয়ে ৰাজনীতি কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তোলা অভিযোগৰ প্ৰত্যুত্তৰ দি বিজেপি দলক তীব্ৰ সমালোচনা কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধাৰীৰ ৷ সাংবাদিকৰ আগত সাংসদগৰাকীয়ে কয় যে, কংগ্ৰেছে নহয়, বিজেপিয়েহে সংকলো বিষয়কতে ৰাজনীতি কৰে ৷

‘‘26/11 ৰ মুম্বাই আক্ৰমণৰ সময়ত নৰেন্দ্ৰ মোদী মুম্বাইলৈ আহি সংবাদমেল সম্বোধন কৰিছিল ৷ ৰাহুল গান্ধীয়ে মণিপুৰত গৈ কোনো সংবাদমেল পতা নাই ৷ তাৰোপৰি ৰাজ্যপালক সাক্ষাতৰ পাচত সাংবাদিকৰ দলে আগুৰি ধৰিছিল যদিও মাত্ৰ কেইটামান কথাহে তেওঁ ক’লে ৷ এন ডি এ আৰু বিজেপিয়ে সকলোতে ৰাজনীতি কৰে, আমি নহয় ৷’’ চৌধাৰীয়ে কয় ৷

  • #WATCH | We don't do politics. When the 26/11 Mumbai attacks were taking place, Modi ji went to Mumbai and held a press conference there. Rahul Gandhi didn't hold a press conference in Manipur. He said a few things when the press surrounded him after his meeting with Manipur… pic.twitter.com/8uC9qJiLz3

    — ANI (@ANI) August 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বুধবাৰে লোকসভাৰ সংসদত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে মণিপুৰৰ বিষয়টোক লৈ ৰাজনীতি কৰাতো লজ্জাজনক ৷ মণিপুৰত হিংসাৰ জুই জ্বলিছে, এনেকুৱা হিংসাত্মক ঘটনাক কোনেও সমৰ্থন নকৰে ৷ ইয়াক লৈ ৰাজনীতি কৰাতো লজ্জাৰ বিষয় ৷ শ্বাহে বিৰোধী পক্ষক মণিপুৰ সন্দৰ্ভত আলোচনাত মিলিত নোহোৱাৰ বাবেও সমালোচনা কৰে ৷

লগতে পঢ়ক: No-confidence motion: মণিপুৰত ইবোবি নেতৃত্বাধীন চৰকাৰৰ অধীনত দুহেজাৰ লোক নিহত হোৱাৰ সময়ত কংগ্ৰেছে কি কৰিছিল ? গৃহমন্ত্ৰীৰ প্ৰশ্ন

‘‘মণিপুৰ হিংসাৰ আৰম্ভণিৰে পৰা মই ইয়াক সমাধানৰ বাবে আলোচনাত বহিবলৈ সাজু হৈ আছিলোঁ ৷ কিন্তু বিৰোধীয়ে আলোচনা বিচৰা নাছিল ৷ যদি তেওঁলোক মোৰ দৃষ্টিভংগীৰ সৈতে একমত নহয়, তেন্তে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ মতামত দাবী কৰিব পাৰিলে হেতেন ৷ কিন্তু বিৰোধী আলোচনাৰ বাবে মুঠেও সাজু নাছিল ৷’’ শ্বাহে নিম্ন সদনত কয় ৷

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মণিপুৰত কিহৰ বাবে হিংসাত্মক ঘটনা সংঘটিত হ’ল আৰু ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দর্ভতো বিতং প্ৰত্যুত্তৰ দিয়ে ৷ তেওঁ আৰু মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ক আলোচনাত মিলিত হ’বলৈ আহ্বান জনায় আৰু কয় যে হিংসাৰে কোনো সমস্যাৰ সমাধান নহয় । ‘‘আপোনালোকক আশ্বাস দিছো যে আমি ৰাজ্যত শান্তি কঢ়িয়াই আনিম । এই বিষয়ত ৰাজনীতি কৰা উচিত নহয় ।’’ শ্বাহে লগতে কয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.