ETV Bharat / bharat

No-confidence motion: মণিপুৰত ইবোবি নেতৃত্বাধীন চৰকাৰৰ অধীনত দুহেজাৰ লোক নিহত হোৱাৰ সময়ত কংগ্ৰেছে কি কৰিছিল ? গৃহমন্ত্ৰীৰ প্ৰশ্ন

author img

By

Published : Aug 9, 2023, 8:55 PM IST

No-confidence motion
No-confidence motion

ৰাহুল গান্ধীৰ বক্তব্যৰ পাচতে সদনত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ কংগ্ৰেছৰ অনাস্থা প্ৰস্তাৱক ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিত আখ্যা ৷

নেশ্যনেল ডেস্ক, 9 আগষ্ট: বুধবাৰে অনাস্থা প্ৰস্তাৱত বক্তব্য ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেৱল বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক অংক নিষ্পত্তি কৰাৰ বাবে ‘সংকীৰ্ণ ৰাজনীতি’ত ৰাহুল গান্ধীৰ আগ্ৰহৰ যৌক্তিকতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ৷ লগতে গৃহমন্ত্ৰীগৰাকীয়ে সদনক আশ্বাস দিয়ে যে মণিপুৰৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনবাৰ বাবে কেন্দ্ৰ বদ্ধপৰিকৰ ৷ লগতে কয় যে মণিপুৰতত ওক্ৰাম ইবোবি (Okram Ibobi-led Congress government) নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ 15 বছৰীয়া শাসনকালত জাতিগত সংঘৰ্ষৰ সৰ্বাধিক দেখা গৈছিল ৷

পাঁচ দশক ধৰি মণিপুৰত জাতিগত হিংসা সংঘটিত হোৱাৰ কথা উল্লেখ কৰাৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে সদনত 30 মিনিট সময় ব্যয় কৰে ৷ লগতে সদনৰ মজিয়াত তেওঁ মেইটেই আৰু কুকি সম্প্ৰদায় দুয়োকে হিংসা পৰিহাৰ কৰিবলৈ আৰু চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ ‘হাত জোৰ কৰি’ আবেদন জনায় ৷

‘‘আমি সকলোৱে দেখিছোঁ যে ৰাহুল গান্ধীয়ে কেনেকৈ জুইত ঘিউ ঢলাত আগভাগ লৈছে । মণিপুৰত জাতিগত হিংসাৰ ইতিহাস আছে ৷ মণিপুৰ পৰম্পৰাগতভাৱে সংবেদনশীল ৰাজ্য ৷ মণিপুৰত মহিলাৰ ওপৰত হোৱা অত্যাচাৰ নিন্দনীয় কিন্তু 4 মে'ত গ্ৰহণ কৰা এটা ভিডিঅ'ক লৈ ৰাজনীতি কৰা হৈছে ?’’ গৃহমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে ৷

তেওঁ লগতে কয় যে ওক্ৰাম ইবোবি সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ সময়ত মণিপুৰত প্ৰায় 2000 লোক নিহত হৈছিল । ‘‘ইয়াৰ পূৰ্বে মণিপুৰত কংগ্ৰেছ শাসনকালত ডেৰ বছৰ নাগা-কুকিৰ মাজত সংঘৰ্ষ হৈছিল ৷ 700 ৰো অধিক লোক নিহত হৈছিল আৰু 45,000 লোক স্থানচ্যুত হৈছিল ৷ তেতিয়া কোনোবাই প্ৰধানমন্ত্ৰীৰ বক্তব্য দাবী কৰিছিল নেকি? গৃহমন্ত্ৰীগৰাকীয়ে পুনৰ প্ৰশ্ন কৰে ৷

‘‘প্ৰধানমন্ত্ৰীয়ে এই দেশৰ দৰিদ্ৰ লোকসকলক নতুন আশা প্ৰদান কৰিছে । এই দেশৰ কোনো ঠাইতে অনাস্থাৰ আভাস নাই । দেশৰ প্ৰধানমন্ত্ৰী আৰু এই চৰকাৰৰ ওপৰত কোনো অনাস্থা নাই । প্ৰধানমন্ত্ৰীৰ ওপৰত মানুহৰ সম্পূৰ্ণ বিশ্বাস আছে । এই অনাস্থা প্ৰস্তাৱটো কেৱল এক ভ্ৰান্তি সৃষ্টি কৰিবলৈ অনা হৈছে... এই অনাস্থা প্ৰস্তাৱ ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত," লোকসভাত অনাস্থা প্ৰস্তাৱসন্দৰ্ভত বিতৰ্কত অংশগ্ৰহণ কৰি অমিত শ্বাহে কয় ।

অমিত শ্বাহে লগতে কয় যে স্বাধীনতাৰ পিচত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন এইখন একমাত্ৰ চৰকাৰ, যিখন চৰকাৰে দেশৰ বেছিভাগ লোকৰ বিশ্বাস জিকিছে ৷ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদী হৈছে আটাইতকৈ জনপ্ৰিয় নেতা যি জনসাধাৰণৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰে ৷

‘‘প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনসাধাৰণৰ বাবে অক্লান্ত পৰিশ্ৰম কৰে । তেওঁ দিনত 17 ঘণ্টা একেৰাহে কাম কৰে, এটাও ছুটি নোলোৱাকৈ । মানুহে তেওঁক বিশ্বাস কৰে’’, গৃহমন্ত্ৰীগৰাকীয়ে সদনত কয় । অমিত শ্বাহে কয় যে এই অনাস্থা প্ৰস্তাৱে দেশত বিৰোধীৰ প্ৰকৃত চৰিত্ৰ প্ৰদৰ্শন কৰিব ।

তেওঁ কয় যে বিৰোধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে কেৱল এক ভ্ৰান্তি সৃষ্টি কৰিবলৈ আৰু এয়া ‘ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ ৷ গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই অনাস্থা প্ৰস্তাৱে দেশত বিৰোধীৰ প্ৰকৃত চৰিত্ৰ প্ৰদৰ্শন কৰিব । উল্লেখ্য যে কংগ্ৰেছ দলে মঙলবাৰে নিম্ন সদনত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পিচত সাংসদ গৌৰৱ গগৈয়ে শাসকীয় বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ বক্তব্য প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: Brij Bhushan case: ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে থকা অভিযোগৰ ওপৰত ৰাউজ এভিনিউ আদালতত বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.