ETV Bharat / bharat

Padyatra of Rahul Gandhi : কংগ্ৰেছক পুনৰুদ্ধাৰৰ বাবে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰাহুলৰ পদযাত্ৰা

author img

By

Published : May 15, 2022, 11:20 AM IST

আহি থকা সাধাৰণ নিৰ্বাচনৰ (General election of India 2024) প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে । দলটোক নতুন ৰূপ দিয়াৰ লগতে জনসাধাৰণৰ মাজত দলটোৰ প্ৰতি থকা বিশ্বাস পুনৰ ঘূৰাই আনিবলৈ কেইবাটাও সিদ্ধান্ত লোৱা হৈছে । তাৰ মাজতে দলটোৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে দেশত পদযাত্ৰা কৰাৰ সিদ্ধান্ত লৈছে । প্ৰতিখন ৰাজ্যৰ নেতাসকলেও এইধৰণৰ পদযাত্ৰাৰ কাৰ্যসূচী ল'ব ।

Padyatra of Rahul Gandhi
কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ পদযাত্ৰা কৰিব ৰাহুল গান্ধীয়ে

নেশ্যনেল ডেস্ক,১৫ মে' : শেহতীয়া নিৰ্বাচনবোৰত কংগ্ৰেছ দলৰ ফলাফলে চিন্তিত কৰি তুলিছে শীৰ্ষ নেতৃত্বক । সমগ্ৰ দেশতে কংগ্ৰেছৰ পূৰ্বৰ শক্তিশালী ভেটি যে এতিয়া নাই সেই কথাও প্ৰমাণ কৰিছে নিৰ্বাচনৰ ফলাফলবোৰে । এসময়ৰ প্ৰভাৱশালী দলটোক জনসাধাৰণে অস্বীকাৰ কৰা দেখা গৈছে । যাৰবাবে দলটোৱে নতুন কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে ।

ৰাইজক পুনৰ দলটোৰ প্ৰতি আকৰ্ষণ কৰিবলৈ উঠি পৰি লাগিছে দলৰ শীৰ্ষ নেতৃত্ব । দলটোক পুনৰুদ্ধাৰৰ বাবে এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । জানিব পৰা মতে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ পদযাত্ৰা কৰিব ৰাহুল গান্ধীয়ে । কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ পদযাত্ৰা কৰিব নেতাগৰাকীয়ে (Rahul Gandhi to embark on Padyatra)।

কংগ্ৰেছ দলে আয়োজন কৰা চিন্তন শিবিৰত (Congress Chintan Shivir 2022) ইতিমধ্যে এই বিষয়ে আলোচনা হৈছে । যিহেতু দেশৰ সাধাৰণ নিৰ্বাচন সমাগত সেয়ে তাৰ পূৰ্বে দলটোৰ ভেটি পুনৰ শক্তিশালী কৰাৰ উদ্দেশ্যেই এই সিদ্ধান্ত লৈছে দলটোৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীৰ উপৰিও প্ৰতিখন ৰাজ্যৰে নেতাসকলে একেধৰণৰ পদযাত্ৰা কৰিব বুলি জানিব পৰা গৈছে । জনসাধাৰণৰ মাজত দলটোৰ প্ৰতি থকা বিশ্বাস পুনৰ গঢ়ি তোলাৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰৰ বিভিন্ন বিফলতা সম্পৰ্কে ৰাইজক সজাগ কৰাই দলটোৰ উদ্দেশ্য ।

অৱশ্যে এই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত কংগ্ৰেছৰ ৱৰ্কিং কমিটিয়ে ল'ব । দলটোৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক বিষয়ত চৰকাৰৰ বিৰুদ্ধে এক গণ আন্দোলন কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিছে । ছোনিয়া গান্ধীয়ে কোৱা মতে ৰাহুল গান্ধীৰ পদযাত্ৰা সমন্বয়ৰ বাবে হ'ব ।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে চিন্তন শিবিৰত বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ সতীৰ্থসকলে কেৱল শাসনৰ ওপৰত বেছি গুৰুত্ব দিছে (Sonia Gandhi criticizes BJP government)। যাৰ অৰ্থ হৈছে দেশখনক মেৰুকৰণৰ দ্বাৰা প্ৰভাৱিত কৰি ৰখা, মানুহক ভয়-ভাবুকি আৰু নিৰাপত্তাহীনতাৰ মাজেৰে জীয়াই থাকিবলৈ বাধ্য কৰোৱা, গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ সংখ্যালঘুসকলক ভুক্তভোগী সজোৱা আৰু তেওঁলোকক নিৰন্তৰভাৱে লক্ষ্য কৰা । সেয়ে এই চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰচাৰ চলোৱাৰ লগতে ৰাইজৰ মাজত একতাৰ বাৰ্তা প্ৰেৰণ কৰিব বুলিও ছোনিয়া গান্ধীয়ে উল্লেখ কৰে । অৱশ্যে কংগ্ৰেছ দলটোৱে এই ক্ষেত্ৰত কিমান সফল হয় সেয়া সাধাৰণ নিৰ্বাচনৰ ফলাফলত গম পোৱা যাব ।

লগতে পঢ়ক :দেশৰ অৰ্থনৈতিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.