ETV Bharat / bharat

দেশৰ অৰ্থনৈতিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ

author img

By

Published : May 14, 2022, 2:04 PM IST

কংগ্ৰেছ দলে আৰম্ভ কৰিছে চিন্তন শিবিৰ । এই শিবিৰ অৰ্থনীতি পেনেলৰ মুৰব্বী পি চিদাম্বৰমৰ গুৰুত্বপূৰ্ণ মন্তব্য । দেশৰ বৰ্তমানৰ অৰ্থনৈতিক অৱস্থাক লৈ (Chidambaram on state of economy) বিজেপি চৰকাৰক দোষাৰোপ চিদাম্বৰমৰ ।

Chidambaram
প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম

নেশ্যনেল ডেস্ক, ১৪ মে' : 'ভাৰতৰ অৰ্থনীতিৰ বৰ্তমানৰ অৱস্থা চৰম উদ্বেগজনক ।' এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ । বৰ্তমান দেশত মূল্যবৃদ্ধিৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । পেট্ৰ'ল, ডিজেলৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীতে মূল্য যথেষ্ট বৃদ্ধি পাইছে ।

ইয়াৰ লগে লগে দেশৰ অৰ্থনৈতিক অৱস্থাক লৈও বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হৈছে । তেনে সময়তে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে (Chidambaram on state of economy)। বিশ্বব্যাপী আৰু ঘৰুৱা উন্নয়নৰ কথা চিন্তা কৰি দেশৰ অৰ্থনৈতিক নীতিসমূহ পুনৰ বিবেচনা কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে (Chidambaram demand to reset of economic policies)।

নেতাগৰাকীয়ে সংবাদমেল সম্বোধন কৰি দেশৰ অৰ্থনীতি সন্দৰ্ভত বিজেপি চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে (Chidambaram blames BJP government for economic condition of India)। তেওঁৰ অভিযোগ বিগত ৮ বছৰে বিজেপি চৰকাৰৰ দিনত অৰ্থনীতিৰ বিকাশৰ হাৰ লেহেমীয়া হোৱাটো 'হলমাৰ্ক'ত পৰিণত হৈছে । ক'ভিড মহামাৰীৰ পিছৰ পৰা দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা অতি উদাসীন আৰু স্থবিৰ বুলিও তেওঁ অভিযোগ কৰে ।

শেহতীয়াকৈ অধ্যক্ষ ছোনিয়া গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে আৰম্ভ কৰিছে চিন্তন শিবিৰ (Congress Chintan Shivir)। এই শিবিৰত অৰ্থনীতি পেনেলৰ মুৰব্বীৰ দায়িত্ব দিছে চিদাম্বৰমক । পেনেলৰ আন সদস্য কেইজন ক্ৰমে গৌৰৱ বল্লভ আৰু সুপ্ৰিয়া শ্ৰীনেট ।

অৰ্থনীতি পেনেলৰ মুৰব্বী হিচাপে তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত বিত্তীয় সম্পৰ্কৰ এক ব্যাপক পৰ্যালোচনা কৰাৰ এয়া সঠিক সময় । নেতাগৰাকীৰ মতে ২০১৭ চনত মোডী চৰকাৰে দুৰ্বলভাৱে প্ৰস্তুত কৰা আৰু অন্যায়ভাৱে ৰূপায়ণ কৰা জিএছটি আইনৰ পৰিণাম সকলোৱে দেখিছে । তেওঁৰ অভিযোগ ৰাজ্যসমূহৰ বিত্তীয় অৱস্থা এনে কেতিয়াও হোৱা নাছিল আৰু সেইবোৰৰ প্ৰতিকাৰমূলক ব্যৱস্থা অতি শীঘ্ৰে গ্ৰহণ কৰিব লাগে বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :১৬ মে'ত নেপাললৈ প্ৰধানমন্ত্ৰী মোডী: নেপালৰ প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হ'ব মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.