ETV Bharat / bharat

১৬ মে'ত নেপাললৈ প্ৰধানমন্ত্ৰী মোডী: নেপালৰ প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হ'ব মোডী

author img

By

Published : May 14, 2022, 1:31 PM IST

MEA
অহা সপ্তাহত নেপাললৈ যাব প্ৰধানমন্ত্ৰী মোডী

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণ ৰক্ষা কৰি ১৬ মে'ত নেপাললৈ যাব প্ৰধানমন্ত্ৰী মোডী (PM Modi to visit Nepal)। লুম্বিনীত নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ সৈতে দ্বিপাক্ষিত বৈঠকত মিলিত হ'ব মোডী । কোনো 'ৰাজনীতিকৰণ' অবিহনে সীমান্ত বিবাদৰ বিষয় আলোচনা কৰাৰ সম্ভাৱনা ।

নেশ্যনেল ডেস্ক, ১৪ মে': অহা ১৬ মে'ত নেপাললৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to visit Nepal)। নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণ ৰক্ষা কৰিব এই ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । বুদ্ধ পূৰ্ণিমা উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে নেপালৰ লুম্বিনী পৰিদৰ্শন কৰিব ।

এই ভ্ৰমণৰ প্ৰাকক্ষণত শুকুৰবাৰে বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে ভাৰতে সদায়ে দ্বিপাক্ষিক প্ৰণালীক বজাই ৰাখিবলৈ চেষ্টা কৰিছে । যাতে তাৰ দ্বাৰা সীমান্ত সমস্যা আদি সমাধান কৰিব পাৰি । সীমান্ত বিবাদ সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে নেপাল চৰকাৰৰ সৈতে কথা পাতিব নেকি বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত সচিবগৰাকীয়ে কয় যে কোনো 'ৰাজনীতিকৰণ' অবিহনে বিষয়টো দায়িত্বশীলভাৱে আলোচনা কৰা উচিত ।

নেপাল ভ্ৰমণ সম্পৰ্কে এক সংবাদমেল সম্বোধন কৰি বৈদেশিক সচিব কোৱাট্ৰাই কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে লুম্বিনীত নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ সৈতে দ্বিপাক্ষিত বৈঠকত মিলিত হ'ব (PM Modi to hold bilateral meeting with Nepal PM)। এই বৈঠকত জলবিদ্যুৎ আৰু যোগাযোগ ব্যৱস্থাকে ধৰি একাধিক ক্ষেত্ৰত সহযোগিতা অধিক সম্প্ৰসাৰিত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব । প্ৰধানমন্ত্ৰীৰ এই এদিনীয়া ভ্ৰমণ শীৰ্ষ পৰ্যায়ৰ বিনিময়ৰ ক্ষেত্ৰত দুয়োখন দেশৰ ঘনিষ্ঠতাৰ প্ৰতিফলন আৰু লগতে পাৰস্পৰিকভাৱে লাভজনক সম্পৰ্ক অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হ'ব ।

বৈদেশিক সচিবগৰাকীয়ে লগতে কয় যে এই ভ্ৰমণে নেপালৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব । জানিব পৰা মতে ২০১৪ চনৰ পৰা এইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পঞ্চম নেপাল ভ্ৰমণ হ'ব । লুম্বিনীত প্ৰধানমন্ত্ৰী মোডীয়ে মায়াদেৱী মন্দিৰ দৰ্শন কৰিব বুলি জানিব পৰা গৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নেপাল চৰকাৰৰ অধীনত আয়োজিত বুদ্ধ জয়ন্তী অনুষ্ঠানতো ভাষণ প্ৰদান কৰিব ।

আনহাতে বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰ ভৱন (Buddhist Culture and Heritage center building) নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । বৌদ্ধ কেন্দ্ৰটো লুম্বিনী সন্ন্যাসী অঞ্চলৰ ভিতৰত অৱস্থিত নতুন দিল্লীৰ আন্তৰ্জাতিক বৌদ্ধ কনফেডাৰেচনৰ ভূমিত নিৰ্মাণ কৰা হ'ব ।

লগতে পঢ়ক :ভাৰতক প্ৰশংসা শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী ৰনিল ৱিক্ৰমসিংঘেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.