ETV Bharat / bharat

Rahul Gandhi to visit Manipur: 29-30 জুনত মণিপুৰ ভ্ৰমণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

author img

By

Published : Jun 27, 2023, 10:30 PM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 29 আৰু 30 জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে সংঘৰ্ষগ্ৰস্ত মণিপুৰ ভ্ৰমণ কৰি ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল’ব ৷ তেওঁ ভ্ৰমণকালত সাহায্য শিবিৰ সমূহ পৰিদৰ্শন কৰাৰ লগতে আৰু ৰাজ্যখনৰ নাগৰিকসকলৰ সৈতেও মত বিনিময় কৰিব ৷

Rahul Gandhi to visit Manipur
দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে

নিউজ ডেস্ক, 27 জুন: অশান্ত মণিপুৰ ৷ যোৱা 3 মে’ৰ পৰা আজি পৰ্যন্ত শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ৷ অহা 29 আৰু 30 জুন তাৰিখে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মণিপুৰ ৰাজ্যখন ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে ৷ গান্ধীয়ে তেওঁৰ ভ্ৰমণকালত সাহাৰ্য শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰাৰ লগতে ৰাজ্যখনৰ সাধাৰণ জনতাৰ লগত বাৰ্তালাপ কৰিব বুলি জানিবলৈ দিয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ৷ উল্লেখ্য যে, মণিপুৰত উদ্ভৱ হোৱা সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পিচত ৰাজ্যখনলৈ কংগ্ৰেছ নেতাজনৰ এইটো প্ৰথম ভ্ৰমণ ৷

  • Sh. @RahulGandhi ji will be visiting Manipur on 29-30 June. He will visit relief camps and interact with civil society representatives in Imphal and Churachandpur during his visit.

    Manipur has been burning for nearly two months, and desperately needs a healing touch so that the…

    — K C Venugopal (@kcvenugopalmp) June 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বেণুগোপালে লগতে কয়, "এয়া এক মানৱসৃষ্ট ঘৃণাৰ ফলত হোৱা পৰিণাম ৷ ৰাজ্যখনলৈ পুনৰ প্ৰেমৰ শক্তি ঘূৰাই অনাটো আমাৰ দায়িত্ব ৷" কংগ্ৰেছে ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে বিজেপি আৰু ইয়াৰ "বিভাজনমূলক ৰাজনীতি"ক দোষাৰোপ কৰে ৷ বিজেপিৰ এনে বিভাজনমূলক নীতিৰ বাবে 100 ৰো অধিক লোকে মৃত্যু মুখত পৰিবলগীয়া হৈছে ৷ 24 জুনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিষয়ত এক সৰ্বদলীয় বৈঠক আহ্বান কৰি কেইবাটাও বিৰোধী দলক সৰ্বদলীয় প্ৰতিনিধি হিচাপে উত্তৰ-পূবৰ ৰাজ্যখনলৈ পৰিস্থিতিৰ বুজ ল’বলৈ যাবলৈ আহ্বান জনাইছিল ৷

আনহাতে কংগ্ৰেছ, সমাজবাদী পাৰ্টীসহ কেইবাটাও সংগঠনে মণিপুৰৰ ঘটনাৰ বাবে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক জগৰীয়া কৰি তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰাৰ দাবী জনাইছিল ৷ লগতে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিবলৈ দাবী উত্থাপন কৰিছিল ৷ অৱশ্যে, মণিপুৰ চৰকাৰে দৃঢ়তাৰে কয় যে তেওঁলোকে ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ যথাসাপেক্ষ চেষ্টা কৰি আছে ৷ ইয়াক সমৰ্থন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰত শান্তি পুনৰুদ্ধাৰৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক: Violence in Manipur: মণিপুৰত স্থাপন কৰা হৈছে আৰক্ষী নিয়ন্ত্ৰণ কক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.