ETV Bharat / bharat

Violence in Manipur: মণিপুৰত স্থাপন কৰা হৈছে আৰক্ষী নিয়ন্ত্ৰণ কক্ষ

author img

By

Published : Jun 27, 2023, 8:16 PM IST

মণিপুৰলৈ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিবলৈ এতিয়াও বহু বাকী ৷ বিগত ২৪ ঘণ্টাত মণিপুৰত কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই যদিও যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ স্থাপন কৰা হৈছে আৰক্ষী নিয়ন্ত্ৰণ কক্ষ ৷

violence in Manipur
মণিপুৰত এতিয়াও চেপা উত্তেজনা

তেজপুৰ, ২৭ জুন : বিগত ২৪ ঘণ্টাত মণিপুৰত কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই ৷ সম্পূৰ্ণৰূপে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি পেলোৱা মণিপুৰত দৈনিক বিৰাজ কৰিছে এক চেপা উত্তেজনাই ৷ খোদ মণিপুৰ আৰক্ষীয়েই এই কথা সদৰি কৰিছে ৷ সোমবাৰৰ পৰা 37 (A) নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী গাড়ীৰ চলাচল আৰম্ভ হোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিছে ।

অৱশ্যে অধিকাংশ জিলাতে আৰক্ষীৰ মতে স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈছে । ৰাজ্যিক আৰক্ষী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে অহৰহ টহল, ফ্লেগ মাৰ্চ আৰু তালাচী অভিযান চলাই আছে ৰাজ্যখনত । বিশেষকৈ পাহাৰীয়া আৰু উপত্যকা জিলা উভয়ৰে দুৰ্গম অঞ্চলত তালাচী অভিযান অব্যাহত আছে ।

উল্লেখ্য যে, যোৱা ২৪ ঘন্টাত আৰক্ষী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে ইম্ফল পশ্চিম, কাকচিং, কাংপকপি. চুৰাচান্দপুৰ জিলাৰ প্ৰত্যন্ত অঞ্চলত অনুসন্ধান অব্যাহত ৰাখিছে আৰু ৰাজ্যৰ বিভিন্ন জিলাত প্ৰায় ১১০ টা স্থানত নাকা/ চেকপইণ্ট স্থাপন কৰিছে, যাতে কোনো লোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে । বিশেষকৈ পাহাৰ আৰু উপত্যকা অঞ্চলত আৰক্ষীয়ে কাৰ্ফিউৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৈতে জড়িত ১৮৫ গৰাকী লোকক আটক কৰিছে ৰাজ্যখনৰ বিভিন্ন জিলাত ।

আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ চলাচল সুৰক্ষিতভাৱে অব্যাহত আছে । মুঠ ৩০০ খন লোডেড বাহন জিৰিবামৰ পৰা ইম্ফললৈ আৰু ৩৫৬ খন লোডেড বাহন মঙলবাৰে ননীৰ পৰা ইম্ফললৈ ৰাওনা হয় । ইফালে, ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ প্ৰতি সকলোধৰণৰ সহায় আগবঢ়াবলৈ আহ্বান জনাইছে সেনা বাহিনীয়ে ৷ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক আৰক্ষীক জমা দিবলৈ অথবা নিৰাপত্তা বাহিনীক তৎক্ষণাত জমা দিবলৈ আহ্বান জনোৱা হৈছে ৷ ইয়াৰ উপৰিও যিকোনো উৰাবাতৰিৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাৰ লগতে বাতৰিৰ সত্য-সত্যতা নিৰূপণ কৰাৰ বাবে নিয়ন্ত্ৰণকক্ষও স্থাপন কৰা হৈছে ৷ এই ক্ষেত্ৰত জনসাধাৰণক ট'ল ফ্ৰী নম্বৰ- ৯২৩৩৫২২৮২২ ত যোগাযোগ কৰিবলৈ কৈছে সেনা বাহিনীয়ে ৷

লগতে পঢ়ক : Manipur Violence : মণিপুৰৰ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত কঠোৰ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.