ETV Bharat / bharat

প্ৰতিষেধক, অক্সিজেন, ঔষধৰ সৈতে প্ৰধানমন্ত্ৰী সন্ধানহীন: ৰাহুল গান্ধী

author img

By

Published : May 13, 2021, 6:51 PM IST

ক'ভিড-১৯ মহামাৰীৰে মোকাবিলা কৰাক লৈ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক পুনৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীক কটাক্ষ কৰি কয় যে, প্ৰতিষেধক, অক্সিজেন আৰু ঔষধৰ সৈতে বৰ্তমান প্ৰধানমন্ত্ৰীও সন্ধানহীন হৈ আছে ।

Rahul Gandhi critise PM over  the government's handling of the pandemic
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক,১৩ মে': কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰে যে, মহামাৰীয়ে সংকটৰ সৃষ্টি কৰা সময়ত সময়ত এতিয়া প্ৰতিষেধক, অক্সিজেন আৰু ঔষধৰ সৈতে প্ৰধানমন্ত্ৰীৰো সন্ধান নোহোৱা হৈছে । কেৱল কেন্দ্ৰীয় চৰকাৰৰ ভিষ্টা প্ৰকল্প আৰু প্ৰধানমন্ত্ৰীৰ ফটোহে এতিয়া বাকী ৰৈছে । বৃহস্পতিবাৰে টুইটযোগে ৰাহুল গান্ধীয়ে এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে ।

  • वैक्सीन, ऑक्सीजन और दवाओं के साथ PM भी ग़ायब हैं।

    बचे हैं तो बस सेंट्रल विस्टा, दवाओं पर GST और यहाँ-वहाँ PM के फ़ोटो।

    — Rahul Gandhi (@RahulGandhi) May 13, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ কৈছে যে, এতিয়া কেৱল কেন্দ্ৰীয় ভিষ্টা প্ৰকল্প, ঔষধৰ ওপৰত জি এছ টি আৰু য'তে ত'তে প্ৰধানমন্ত্ৰীৰ ফটোহে আছে । দেশত কৰ'ণাসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি আহিছে কংগ্ৰেছ নেতাগৰাকীয়ে । এতিয়া ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবে সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱাৰ সময়ত পুনৰ দেশত অক্সিজেন, ঔষধ আৰু প্ৰতিষেধকৰ অভাৱৰ বাবে কেন্দ্ৰক সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে ।

আনহাতে, স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, মাত্ৰ এটা দিনত দেশত ৩,৬২,৭২৭ জন লোক মহমাৰীত আক্ৰান্ত হৈছে । বৃহস্পতিবাৰ পৰ্যন্ত ভাৰতত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ২,৩৭,০৩,৬৬৫ জনলৈ লৈ বৃদ্ধি পাইছে । আনহাতে, মহমাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২,৫৮,৩১৭ লৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: চলিত বৰ্ষত বিহাৰত কৰ’ণাত আক্ৰান্ত হৈ 40 গৰাকী নাৰ্চৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.