ETV Bharat / bharat

উত্তৰকাশী সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ কামৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 12:43 PM IST

Updated : Nov 20, 2023, 4:53 PM IST

উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আবদ্ধ ৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে অব্যাহত আছে সাহায্য অভিযান । ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে সাহায্য আৰু উদ্ধাৰ কাম সন্দৰ্ভত ফোনযোগে কথা পাতিছে । প্ৰধানমন্ত্ৰী মোদীয়ে সুৰংগটোত আবদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ কামৰ বিষয়ে ধাৰাবাহিকভাৱে আলোচনা কৰি আছে আৰু কেন্দ্ৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে ।

pm-modi-speaks-to-cm-dhami-on-rescue-operations-says-need-to-maintain-workers-morale
উত্তৰকাশী সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ কামৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

নিউজ ডেস্ক, ২০ নৱেম্বৰ : উত্তৰকাশীৰ চিল্কিয়াৰাৰ সমীপৰ সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলক নিৰাপদে উদ্ধাৰৰ বাবে চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ পৰা টেলিফোনিক বাৰ্তালাপ কৰে । তেওঁ লগতে মুখ্যমন্ত্ৰীৰ পৰা সুৰংগটোত আবদ্ধ শ্ৰমিকসকলৰ তথ্যও লয় ।

একে সময়তে প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় উদ্ধাৰ সঁজুলি আৰু প্ৰয়োজনীয় সম্পদ যোগান ধৰা হৈছে । কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত অহৰহ সমন্বয়ৰ ফলত শ্ৰমিকসকলক নিৰাপদে উলিয়াই অনা হ’ব । কিন্তু আৱদ্ধ শ্ৰমিকসকলৰ মনোবল বজাই ৰখাৰ প্ৰয়োজন আছে ।

ইফালে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় সংস্থাসমূহে অহৰহ সমন্বয় আৰু তৎপৰতাৰে সাহায্যৰ কামত নিয়োজিত হৈ আছে । সুৰংগটোত আবদ্ধ হৈ থকা সকলো শ্ৰমিক নিৰাপদে আছে আৰু অক্সিজেন, পুষ্টিকৰ খাদ্যৰ লগতে পানী যোগান ধৰা হৈছে ।

ইয়াৰ সমান্তৰালভাৱে শ্ৰমিকসকলক নিৰাপদে উলিয়াই অনাতো সুনিশ্চিত কৰাৰ বাবে বিশেষজ্ঞৰ মতামত লৈ সংস্থাসমূহে কাম কৰি আছে । মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ নিজেই সেই স্থান পৰিদৰ্শন কৰি স্থানীয় পৰিদৰ্শন কৰি চলি থকা উদ্ধাৰ কামৰ ওপৰত চকু ৰাখিছে । ঘটনাস্থলীত স্বাস্থ্য বিভাগৰ দলকো মোতায়েন কৰা হৈছে ।

মুখ্যমন্ত্রী ধামীয়ে প্রধানমন্ত্রী মোদীক কয় যে সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা আটাইকেইজন শ্ৰমিক নিৰাপদ আছে আৰু তেওঁলোকক অতি সোনকালে উলিয়াই আনিবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছে । উল্লেখ্য যে, উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগৰ সাহায্য অভিযান সন্দৰ্ভত এইবাৰ তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ধামীৰ লগত বাৰ্তালাপ কৰি প্ৰকৃত পৰিস্থিতিৰ সম্ভেদ লৈছে ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এটা দলেও উক্ত স্থান পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে ।

উল্লেখ্য যে, উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত চলি থকা সাহায্য অভিযানৰ আজি নৱম দিন । কিন্তু এতিয়ালৈকে সাহায্য উদ্ধাৰকাৰী দলটোৱে কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই । যাৰ বাবে এতিয়া সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিক অতিষ্ঠ হৈ পৰিছে ৷

ইফালে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ পৰিয়ালৰ লোকৰ ধৈৰ্যৰ সীমা চেৰাই গৈছে ৷ এনে সময়তে চিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

লগতে পঢ়ক : চিল্কিয়াৰাৰ সুৰংগ দুৰ্ঘটনাৰ ৮ম দিন, পৰস্থিতিৰ বুজ ল'বলৈ উত্তৰকাশীত উপস্থিত নীতিন গাডকাৰী

Last Updated :Nov 20, 2023, 4:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.