ETV Bharat / bharat

চিল্কিয়াৰাৰ সুৰংগ দুৰ্ঘটনাৰ ৮ম দিন, পৰস্থিতিৰ বুজ ল'বলৈ উত্তৰকাশীত উপস্থিত নীতিন গাডকাৰী

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 2:25 PM IST

উত্তৰকাশীৰ চিল্কিয়াৰাৰ সুৰংগ দুৰ্ঘটনাই অষ্টম দিনত ভৰি দিলে । সুৰংগৰ ভিতৰত আৱদ্ধ ৪১ শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে । দেওবাৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী উত্তৰকাশীত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে ।

Tunnel Collapse of Uttarakhand
উত্তৰকাশীত উপস্থিত নীতিন গাডকাৰী

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ : উত্তৰাখণ্ডৰ উত্তৰকাশীত সুৰংগৰ দুৰ্ঘটনাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এসপ্তাহ ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৪১ জন শ্ৰমিক । শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে বিভিন্ন পদক্ষেপ লৈছে যদিও এতিয়ালৈ কোনো পৰিকল্পনা সফল হোৱা নাই । ইয়াৰ মাজতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী উত্তৰকাশীত উপস্থিত হৈছে । য'ত তেওঁলোকে চিল্কিয়াৰা সুৰংগত চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰে । তেওঁলোকৰ সৈতে মুখ্য সচিব এছ এছ সান্ধুও উত্তৰকাশীত উপস্থিত হৈছে ।

  • #WATCH | Uttarakhand: Union Minister Nitin Gadkari arrives at Dehradun airport.

    Uttarakhand CM Pushkar Singh Dhami and Union Minister Nitin Gadkari will leave for the Silkyara tunnel in Uttarkashi to conduct an on-site inspection of the ongoing relief and rescue work. pic.twitter.com/71zZFe5xgw

    — ANI (@ANI) November 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ১২ নৱেম্বৰৰ পুৱা উত্তৰকাশীৰ নিৰ্মীয়মান চিল্কিয়াৰা সুৰংগত হোৱা ভূমিস্খলনৰ ফলত ৪১ জন শ্ৰমিক আৱদ্ধ হৈ আছে । এনে পৰিস্থিতিত, তেওঁলোকক সুৰক্ষিতভাৱে বাহিৰ লৈ অনাৰ বাবে অভিযান চলাই থকা হৈছে । আজি দুৰ্ঘটনাটোৰ অষ্টম দিন । একে সময়তে, চিল্কিয়াৰা সুৰংগ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি, চিনিয়ালিচাউৰ বিমানবন্দৰত এটা সেনা কোম্পানী মোতায়েনৰ প্ৰস্তুতি চলি আছে । চিল্কিয়াৰা সুৰংগ দুৰ্ঘটনাত সাহায্য আৰু উদ্ধাৰৰ দায়িত্বত থকা কৰ্ণেল দীপক পাটিলে এই তথ্য প্ৰদান কৰিছে ।

  • #WATCH | Dehradun: On Uttarkashi tunnel rescue, Uttarakhand CM Pushkar Singh Dhami says, "We are working on all the possibilities available. All types of expert teams are working here... Under the monitoring of PM Modi, we are continuously working. Saving everyone's life is our… pic.twitter.com/Rn5MnqO7Jx

    — ANI (@ANI) November 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

একে সময়তে, চিল্কিয়াৰা সুৰংগৰ ওপৰত ড্ৰিলিং কৰাৰ বাবে এক অস্থায়ী পথ প্ৰস্তুত কৰা হৈছে । তাৰ পাছত এখন পোকলেণ্ড সেই স্থানলৈ লৈ যোৱা হৈছে । ইয়াৰ জৰিয়তে সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সুৰংগটোৰ ওপৰত সোঁফালৰ পৰা ড্ৰিলিং কৰা হ'ব । ইয়াৰ পূৰ্বে শনিবাৰে ভাৰত চৰকাৰৰ উপদেষ্টা ভাস্কৰ খুলবে আৰু পিএমঅ'ৰ বিষয়া মংগেশ ঘিলদিয়াল আৰু জিলা উপায়ুক্ত অভিষেক ৰুহেলাই পৰিস্থিতিৰ বুজ লৈছিল ।

চিল্কিয়াৰাৰ নেটৱৰ্কৰ সমস্যাৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বিএছএনএলকে ধৰি এটা ব্যক্তিগত খণ্ডৰ কোম্পানীক সৰু মোবাইল নেটৱৰ্ক টাৱাৰ স্থাপন কৰিবলৈ পত্ৰ লিখিছে । জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া দেৱেন্দ্ৰ পাটৱালে কয় যে এটা ব্যক্তিগত কোম্পানীয়ে চিল্কিয়াৰাত সৰু মোবাইল নেটৱৰ্কৰ বাবে এটা টাৱাৰ স্থাপন কৰিব । আনহাতে, বিএছএনএলৰ দ্বাৰা বিটিএছ মাইক্ৰ' টাৱাৰো স্থাপন কৰা হ'ব ।

লগতে পঢ়ক :শুকান খাদ্যৰ ফলত স্বাস্থ্যৰ অৱনতি উত্তৰকাশীৰ চিল্কীয়াৰাত আৱদ্ধ শ্ৰমিকসকলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.