ETV Bharat / bharat

আইপিএছ প্ৰশিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Jul 31, 2021, 5:08 PM IST

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁলোকে এনে এক সময়ত কেৰিয়াৰ আৰম্ভ কৰিছে যেতিয়া ভাৰতে প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো স্তৰত পৰিৱৰ্তনৰ পৰ্যায়ৰ মাজেৰে গৈ আছে । সেয়ে তেওঁলোকৰ কেৰিয়াৰৰ আগন্তুক ২৫ বছৰ ভাৰতৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ব । যাৰ বাবে তেওঁলোকৰ প্ৰস্তুতি, মনোভাৱ এক ডাঙৰ লক্ষ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ হোৱা উচিত বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।

PM Modi interacts with IPS probationers
আইপিএছ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, ৩১ জুলাই : দেশৰ অন্যতম প্ৰধান আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান হায়দৰাবাদস্থিত চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ (Sardar Vallabhbhai Patel National Police Academy) প্ৰশিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) । ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । আইপিএছ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁলোকৰ কেৰিয়াৰৰ আগন্তুক ২৫ বছৰ ভাৰতৰ উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ব । লগতে 'নেশ্যন ফাৰ্ষ্ট, অলৱেজ ফাৰ্ষ্ট'ৰ মনোভাৱ তেওঁলোকৰ কাৰ্যকলাপত প্ৰতিফলিত হ'ব লাগিব বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

আইপিএছ প্ৰশিক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁলোকে এনে এক সময়ত কেৰিয়াৰ আৰম্ভ কৰিছে যি সময়ত ভাৰতে প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো স্তৰত পৰিৱৰ্তনৰ পৰ্যায়ৰ মাজেৰে গৈ আছে । সেয়ে তেওঁলোকৰ কেৰিয়াৰৰ আগন্তুক ২৫ বছৰ ভাৰতৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ব । যাৰ বাবে তেওঁলোকৰ প্ৰস্তুতি, মনোভাৱ এক ডাঙৰ লক্ষ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ হোৱা উচিত বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।

যোৱা ৭৫ বছৰে ভাৰতে এক উন্নত আৰক্ষী সেৱা প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছে আৰু শেহতীয়া বছৰবোৰত আৰক্ষীৰ প্ৰশিক্ষণ সম্পৰ্কীয় আন্তঃগাঁথনিও যথেষ্ট উন্নত হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । ১৯৩০ চনৰ পৰা ১৯৪৭ চনৰ ভিতৰত দেশত যি জোৱাৰ উঠিছিল, যিদৰে দেশৰ যুৱপ্ৰজন্ম আগবাঢ়ি আহিছিল, সমগ্ৰ যুৱ প্ৰজন্ম এটা লক্ষ্যৰ বাবে একত্ৰিত হৈছিল । সেয়ে প্ৰশিক্ষাৰ্থী সকলৰ মাজতো একেই অনুভূতি আশা কৰিছে প্ৰধানমন্ত্ৰীয়ে ।

সেই সময়ত, দেশৰ জনসাধাৰণে স্বাধীনতাৰ বাবে যুঁজ দিছিল আৰু আজি সুৰাজ্যৰ বাবে তেওঁলোকক আগবাঢ়ি আহিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁলোকে দেশৰ বিভিন্ন জিলা অথবা চহৰত সেৱা আগবঢ়াব । গতিকে সকলোৱে এটা মন্ত্ৰ মনত ৰাখিব লাগিব সেয়া হৈছে তেওঁলোকে কৰা সকলো দেশৰ স্বাৰ্থত হ'ব লাগিব আৰু সকলোৰে এক ৰাষ্ট্ৰীয় দৃষ্টিভংগী থাকিব লাগিব ।

ক'ভিড পৰিস্থিতি সন্দৰ্ভত মন্তব্য ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই পৰিস্থিতিত দেশৰ আৰক্ষীয়ে বহুত কষ্ট কৰিছে । আনকি দেশক সুৰক্ষা দিয়াৰ স্বাৰ্থত বহু আৰক্ষী কৰ্মীয়ে প্ৰাণো হেৰুৱাইছে । সেয়ে সেইসকল আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

তেওঁ লগতে কয় যে, ভূটান (Bhutan), নেপাল (Nepal), মালদ্বীপ (Maldives), মৰিচাছ (Mauritius) এই সকলো কেৱল ভাৰতৰ চুবুৰীয়াই নহয়, চিন্তা ধাৰা আৰু সামাজিক গাঁথনিৰ ক্ষেত্ৰতো যথেষ্ট মিল আছে । তেওঁৰ মতে এই কেইখন দেশ সুখ-দুখৰ সংগী । যেতিয়াই কোনো দুৰ্যোগ হয়, প্ৰথমে ইখন দেশে আনখনক সহায় কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ো অনুষ্ঠানটোত উপস্থিত থাকে ।

লগতে পঢ়ক :প্ৰশান্ত কিশোৰে কি পৰামৰ্শ দিছে কংগ্ৰেছ দলক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.