ETV Bharat / bharat

প্ৰশান্ত কিশোৰে কি পৰামৰ্শ দিছে কংগ্ৰেছ দলক ?

author img

By

Published : Jul 31, 2021, 2:02 PM IST

বিশিষ্ট ৰাজনৈতিক পৰামৰ্শবিদ প্ৰশান্ত কিশোৰে দিয়া পৰামৰ্শ চিন্তা চৰ্চা কৰি ইতিমধ্যে বিভিন্ন পৰিকল্পনাৰ বাবে সাজু হৈছে দলটো । কিশোৰে দিয়া পৰিকল্পনাৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ দলৰ আন জ্যেষ্ঠ নেতাসকলৰ সৈতেও বৈঠকৰ আহ্বান জনাইছিল । তাৰ পাছতে কংগ্ৰেছ কাৰ্যকৰী কমিটিৰ সদস্যৰ এটা গোটে বিষয়টো আলোচনা কৰিবলৈ বৈঠকত মিলিত হৈছে ।

Prashant Kishors plan
প্ৰশান্ত কিশোৰৰ পৰামৰ্শ মতে আগবাঢ়িছে কংগ্ৰেছ দল

নেশ্যনেল ডেস্ক, ৩১ জুলাই : ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ (General Elections) বাবে ৰণকৌশল প্ৰস্তুত কৰিছে কংগ্ৰেছ দলে । বিশিষ্ট ৰাজনৈতিক পৰামৰ্শবিদ প্ৰশান্ত কিশোৰে (political strategist Prashant Kishor) দিয়া পৰামৰ্শ চিন্তা চৰ্চা কৰি ইতিমধ্যে বিভিন্ন পৰিকল্পনাৰ বাবে সাজু হৈছে দলটো । এই মাহৰ আৰম্ভণিতে প্ৰশান্ত কিশোৰৰ সৈতে ভিডিঅ' কনফাৰেন্সত এক বৈঠকত মিলিত হৈছিল কংগ্ৰেছ নেতৃত্ব ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) লগতে অধ্যক্ষ ছোনিয়া গান্ধীয়েও (Sonia Gandhi) ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল ৷ এই কনফাৰেঞ্চত য'ত প্ৰশান্ত কিশোৰে বিজেপিৰ বিৰুদ্ধে দলৰ নিৰ্বাচনী যুঁজ সাজু কৰাৰ পৰিকল্পনা সন্দৰ্ভত বিভিন্ন পৰামৰ্শ দিছিল । বিশেষ সূত্ৰই জনোৱা মতে কংগ্ৰেছক পুনৰুজ্জীৱিতকৰণৰ বাবে কিশোৰে দিয়া পৰিকল্পনাৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ দলৰ আন জ্যেষ্ঠ নেতাসকলৰ সৈতেও বৈঠকৰ আহ্বান জনোৱা হৈছিল ।

তাৰ পাছতে কংগ্ৰেছ কাৰ্যকৰী কমিটীৰ (CWC) সদস্যৰ এটা গোটে বিষয়টো আলোচনা কৰিবলৈ বৈঠকত মিলিত হৈছিল । খবৰ পোৱা মতে আনকি ৰাহুল গান্ধীয়েও দলৰ কেইজনমান জ্যেষ্ঠ সদস্যৰ সৈতে আলোচনা কৰিছে । আনহাতে এনে খবৰৰ মাজতে প্ৰশান্ত কিশোৰে কংগ্ৰেছ দলত যোগদান কৰাৰো চৰ্চা চলিছে ।

অৱশ্যে দলৰ নেতাসকলে এই বিষয়টোৰ ওপৰত মন্তব্য দিয়াৰ পৰা বিৰত আছে কিন্তু দলৰ হাইকামাণ্ডে সাংগঠনিক পৰিৱৰ্তনৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি আছে বুলি স্বীকাৰ কৰিছে নেতাসকলে । এগৰাকী কংগ্ৰেছ নেতাই ইটিভি ভাৰতক (ETV Bharat) জনোৱা মতে কংগ্ৰেছ দলৰ পৰিৱৰ্তনৰ বাবে আলোচনা চলি আছে । কিন্তু প্ৰশান্ত কিশোৰে দলত যোগদান কৰাৰ বিষয়টো সম্পূৰ্ণৰূপে তেওঁৰ পচন্দৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যদিহে তেওঁ যোগদান কৰিব বিচাৰে, তেন্তে কি চৰ্তত আৰু কংগ্ৰেছে সেইবোৰ পূৰণ কৰিব পাৰিবনে সেয়াহে লক্ষণীয় হ'ব ।

খবৰ অনুসৰি, কিশোৰে সক্ৰিয় ৰাজনীতিত যোগদান কৰাৰ অভিপ্ৰায়ৰ কথা প্ৰকাশ কৰিছে । কংগ্ৰেছৰ একাংশ নেতাই আনকি স্বীকাৰ কৰে যে তেওঁৰ আগমনে দলটোক শক্তিশালী কৰাত সহায় কৰিব । অৱশ্যে একাংশ নেতাই সন্দেহ প্ৰকাশ কৰে যে এজন বহিৰাগতক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ ফলত দলটোত আভ্যন্তৰীণ বিভ্ৰান্তিৰো সৃষ্টি হ'ব পাৰে ।

জানিব পৰা মতে ৰাজনৈতিক পৰামৰ্শবিদ প্ৰশান্ত কিশোৰে নিৰ্বাচনী ৰণনীতি, সমন্বয় আৰু মিত্ৰতাৰ সিদ্ধান্তৰ ওপৰত পৰামৰ্শ দিছে কংগ্ৰেছ দলক । তেওঁ দাবী কৰিছে যে দলটোৱে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ গোটবোৰ শক্তিশালী কৰাৰ প্ৰয়োজন আছে ।

দলটোৰ ভিতৰৰ এক সূত্ৰই জনাইছে যে কংগ্ৰেছে ২০২৪ চনৰ নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত বিকল্প মিত্ৰতা বিচাৰিবলৈ আৰম্ভ কৰিছে । বিৰোধীয়ে আনকি শাসকীয় বিজেপিৰ সৈতে মুখামুখি হ'বলৈ বিৰোধীৰ ঐক্যবদ্ধ গোট তৈয়াৰ কৰিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছে । এগৰাকী কংগ্ৰেছ নেতাই জনোৱা মতে বিৰোধী দলসমূহ একত্ৰিত হ'বলৈ আৰম্ভ কৰিছে । বিৰোধীসকলক একত্ৰিত কৰিবলৈ চেষ্টা কৰা হৈছে ।

লগতে পঢ়ক :অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.