ETV Bharat / bharat

New parliament Building: ভৱিষ্যতে সাংসদৰ সংখ্যা বৃদ্ধি পাব পাৰে; নতুন সংসদ ভৱনৰ তাৎপৰ্য ব্যাখ্যা প্ৰধানমন্ত্ৰীৰ

author img

By

Published : May 28, 2023, 2:26 PM IST

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে আৰু এই ভৱন দেশৰ ভৱিষ্যতৰ বাবে উৎসৰ্গা কৰে ৷ তাৰ পিচত নতুন সংসদ ভৱনত প্ৰথম ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে (PM Modi 1st lecture in new Parliament)।

PM Modi 1st lecture in new Parliament
New parliament Building

নিউজ ডেস্ক, ২৮ মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনটোৰ আৰম্ভণিতে উদ্বোধন কৰা নতুন সংসদ ভৱনত প্ৰথম ভাষণ প্ৰদান কৰি নতুন সংসদৰ প্ৰয়োজনীয়তাৰ কথা পুনৰাবৃত্তি কৰে । "নতুন সংসদৰ প্ৰয়োজন আছিল । আমিও চাব লাগিব যে আগন্তুক সময়ত আসন আৰু সাংসদৰ সংখ্যা বৃদ্ধি পাব । সেইবাবেই নতুন সংসদ গঠন হোৱাটো সময়ৰ আহ্বান আছিল (PM Modi 1st lecture in new Parliament)।"

যেতিয়া ভাৰত আগবাঢ়ি যায়, তেতিয়া বিশ্ব আগবাঢ়ি যায় । এই নতুন সংসদে ভাৰতৰ উন্নয়নৰ জৰিয়তেও বিশ্বৰ বিকাশৰ দিশত আগুৱাই নিব বুলি উল্লেখ কৰি কেইবাবছৰীয়া বিদেশী শাসনে আমাৰ পৰা আমাৰ গৌৰৱ চুৰি কৰিলে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে ৷ তেওঁ লগতে কয়, "আজি ভাৰতে সেই ঔপনিৱেশিক মানসিকতাক এৰি থৈ গৈছে ।" (New Parliament building inaugurate by PM Modi)

আজি সংসদত স্থাপন কৰা হয় পবিত্ৰ ‘ছেংগোল’। চোল বংশত ‘ছেংগোল’ ন্যায়, ধাৰ্মিকতা আৰু সুশাসনৰ প্ৰতীক আছিল । এই নতুন সংসদখন স্বাৱলম্বী ভাৰতৰ উত্থানৰ সাক্ষী হৈ পৰিব । নতুন সংসদ কেৱল এটা অট্টালিকা নহয়, ই ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ আকাংক্ষাৰ প্ৰতীক বুলিও কয় প্ৰধানমন্ত্ৰীয়ে (Sengol installed at New parliament Building)।

লগতে পঢ়ক: Old Parliament House: বহু ঘটনাৰ স্মৃতি বুকুত সাৱটি অতীত হৈ ৰ’ব পুৰণি সংসদভৱন

‘‘আমাৰ সৌভাগ্য যে আমি পবিত্ৰ ‘ছেংগোল’ৰ গৌৰৱ পুনৰ ঘূৰাই আনিবলৈ সক্ষম হৈছো । এই সদনত যেতিয়াই কাৰ্যবিধি আৰম্ভ হ’ব ‘ছেংগোলে’ আমাক অনুপ্ৰাণিত কৰিব । ভাৰত গণতন্ত্ৰৰ মাতৃ । ইয়াৰ উপৰিও ই বিশ্ব গণতন্ত্ৰৰ ভেটি । গণতন্ত্ৰ আমাৰ ‘সংস্কাৰ’, ধাৰণা আৰু পৰম্পৰা’’ বুলি মোদীয়ে কয় (PM Modi latest news) ।

‘‘ই ভাৰতৰ দৃঢ়তাৰ বিষয়ে বিশ্ববাসীক এটা বাৰ্তা দিয়ে । প্ৰতিখন দেশৰ উন্নয়ন যাত্ৰাত কিছুমান মুহূৰ্ত আহে যিবোৰ অমৰ হৈ পৰে । ২৮ মে' আমাৰ বাবে এনেকুৱা এটা দিন বুলি’’ মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

নতুন সংসদ ভৱনত লোকসভা চেম্বাৰত ৮৮৮ জন সদস্য আৰু ৰাজ্যসভা চেম্বাৰত ৩০০ সদস্য আৰামদ্বায়কভাৱে বহিব পাৰিব । নতুন সংসদ ভৱনত অত্যাধুনিক দৃশ্য-শ্ৰাব্য ব্যৱস্থাৰে সজ্জিত অধিক সংখ্যক সমিতি কক্ষ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত সংসদীয় সমিতিসমূহৰ সুচাৰুৰূপে কাম-কাজত সহায়ক হ’ব ৷

দুয়োটা সদনৰ যৌথ অধিৱেশনৰ ক্ষেত্ৰত লোকসভা চেম্বাৰত মুঠ ১২৮০ জন সদস্যক থাকিব পাৰিব । নতুন সংসদ ভৱনত লোকসভা আৰু ৰাজ্যসভাই বিভিন্ন বিষয়বস্তু প্ৰদৰ্শন কৰে । লোকসভাত জাতীয় পক্ষী ময়ূৰক সন্নিবিষ্ট কৰা হৈছে ৷ আনহাতে ৰাজ্যসভাত নিজ নিজ গঠনত জাতীয় ফুল পদুমৰ বৈশিষ্ট্য আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.