ETV Bharat / bharat

Omicron cases in India : দেশত চেঞ্চুৰী কোবাইছে অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যাই

author img

By

Published : Dec 18, 2021, 10:37 AM IST

ভাৰতত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যাই ১০০ ৰ ঘৰ অতিক্ৰম কৰিলে (Omicron cases in India cross the 100 mark)। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে । আহি থকা নৱবৰ্ষ, বৰদিনকে ধৰি বিভিন্ন উৎসৱত জন সমাৱেশ নোহোৱাকৈ অতি সাধাৰণভাৱে পালন কৰিবলৈ ৰাইজক আহ্বান জনাইছে ভাৰত চৰকাৰে ।

Omicron cases in India cross the 100 mark
ৰাইজক ক'ভিড প্ৰট'কল পালনৰ আহ্বান চৰকাৰৰ

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ : পুনৰ ক'ভিড 19 ক লৈ চিন্তিত কেন্দ্ৰীয় চৰকাৰ । ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ ইতিমধ্যে বিভিন্ন ৰাজ্যত সংক্ৰমণ আৰম্ভ হৈছে (Omicron cases in India) । দেশত ১০০ ঘৰ অতিক্ৰম কৰিলে অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যাই (Omicron cases in India cross the 100 mark) । যাৰ বাবে ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে চৰকাৰে ।

শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু আন সংস্থাসমূহে ৰাইজক সাৱধান কৰি দিয়ে । অপ্ৰয়োজনীয় ভ্ৰমণ প্ৰত্যাহাৰ কৰিবলৈ ৰাইজক আহ্বান জনাইছে চৰকাৰে । লগতে আহি থকা নৱবৰ্ষ, খ্ৰীষ্টমাছ বা আন উৎসৱ অতি সীমিতভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে ৷

স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিবে জনোৱা মতে, বিগত প্ৰায় ২০ দিন ধৰি দেশত দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা ১০ হাজাৰৰ তলত আছে যদিও প্ৰায় ১১ খন ৰাজ্যত অ'মিক্ৰণৰ আক্ৰান্তৰ সংখ্যাই ১০০ ৰ ঘৰ অতিক্ৰম কৰিছে । মহাৰাষ্ট্ৰত অ'মিক্ৰণত আক্ৰান্ত হৈছে সৰ্বাধিক ৩২ গৰাকী । সমান্তৰালকৈ দিল্লীত ২২ গৰাকী, ৰাজস্থানত ১৭ গৰাকী, কৰ্ণাটক আৰু তেলেংগানাত ৮ গৰাকীকৈ, গুজৰাট আৰু কেৰালাত ৫ গৰাকীকৈ, অন্ধ্ৰপ্ৰদেশ, চণ্ডীগড়, তামিলনাডু আৰু পশ্চিমবংগত এগৰাকীকৈ লোক অ'মিক্ৰণৰ চিকাৰ হৈছে ।

ইউৰোপীয় দেশসমূহত অতি ভয়ংকৰ ৰূপত অ'মিক্ৰণৰ সংক্ৰমণ (Omicron in Europe) ৰ কথা প্ৰকাশ কৰে আইচিএমআৰৰ (ICMR) মহানিৰ্দেশক ডাঃ বলৰাম ভাৰ্গৱে । ভাৰতৰো যিবোৰ জিলাত আক্ৰান্তৰ হাৰ ৫ শতাংশৰ অধিক, সেইবোৰত এই হাৰ হ্ৰাস নোহোৱা পৰ্যন্ত বিভিন্ন ধৰণৰ প্ৰতিবন্ধক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় মহানিৰ্দেশক গৰাকীয়ে ।

নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি কে পলে সংবাদ মাধ্যমক জনোৱা মতে, জিন’মিক পৰীক্ষা সম্পন্ন কৰাৰ ফালৰ পৰা বিশ্বৰ ভিতৰতে ভাৰত দ্বিতীয় স্থানত আছে । অৱশ্যে সকলো নমুনাৰ জিন’মিক চিকুয়েঞ্চিং সম্ভৱ হোৱা নাই যদিও এই প্ৰক্ৰিয়া তীব্ৰতৰ কৰা হ'ব বুলিও সদস্যগৰাকীয়ে অৱগত কৰে । ইউৰোপৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে তাত ৮০ শতাংশ লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে । গতিকে জনসংখ্যাৰ ফালৰ পৰা ইউৰোপত যদি আক্ৰান্তৰ সংখ্যা ৮০ হাজাৰ হয় তেনেহ'লে ভাৰতত এই সংখ্যা ১৪ লাখ হ'ব ।

যাৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে ল'বলগীয়া সাৱধানতাসমূহ আগতীয়াকৈ গ্ৰহণ কৰিছে । অ'মিক্ৰণৰ প্ৰৱেশ প্ৰতিহত কৰাৰ উদ্দেশ্যে বিদেশৰ পৰা অহা যাত্ৰীসকলৰ ক্ষেত্ৰতো বিশেষ নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । বৰ্তমান ভাৰতৰ স্থিতি ভয়ংকৰ হোৱা নাই যদিও তেওঁ উল্লেখ কৰা মতে কিছুমান জিলাত সংক্ৰমণৰ হাৰ বৃদ্ধি হৈছে । প্ৰতিষেধকে হৈছে ইয়াৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় বুলিও উল্লেখ কৰে নীতি আয়োগৰ সদস্যগৰাকীয়ে ।

স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লভ আগৰাৱালাই সদৰী কৰা অনুসৰি, ভাৰতৰ বেছিখিনি অ'মিক্ৰণৰ ঘটনা ভ্ৰমণৰ ইতিহাস থকা লোকৰ ক্ষেত্ৰতহে ধৰা পৰিছে । সম্প্ৰতি ডেল্টা প্ৰকাৰতকৈও অধিক দ্ৰুতগতিত অ'মিক্ৰণ সংক্ৰমণ হৈছে ।

ক'ভিডৰ পূৰ্বৰ কোনো প্ৰকাৰে এনেধৰণে সংক্ৰমণ হোৱা নাই । কিন্তু ৰাইজে এই প্ৰকাৰটোক অতি সহজভাৱে লোৱাক লৈ চিন্তিত হৈ পৰিছে চৰকাৰ । সেয়েহে সকলোকে ক'ভিড বিধি অনুসৰণ কৰিবলৈ আহ্বান জনাইছে সচিবগৰাকীয়ে ।

লগতে পঢ়ক : Omicron variant threat : অমিক্ৰণৰ দ্বাৰা পুনৰ সংক্ৰমিত হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.