ETV Bharat / bharat

কানহায়া লাল হত্যাকাণ্ড: গৃহমন্ত্ৰী অমিত শ্বাহৰে NIA ৰ মুৰব্বীৰ বৈঠক

author img

By

Published : Jul 5, 2022, 8:43 AM IST

ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহায়া লাল জঘন্য হত্যাকাণ্ড সন্দৰ্ভত তদন্ত কৰি আছে NIAই(Kanhaiya Lal murder case in Udaipur) । কি গতিত চলিছে এই তদন্ত সেই সন্দৰ্ভত NIAই সৱিশেষ তথ্য অৱগত কৰালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ।

nia chief briefs hm amit shah over kanhaiya lal killing
কানহাইয়া লাল হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত NIA আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক

নেশ্যনেল ডেস্ক,০৫ জুলাই: সমগ্ৰ দেশ কঁপাই যোৱা ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহায়া লাল জঘন্য হত্যাকাণ্ডৰ তদন্ত এতিয়া দ্ৰুতগতিত চলিছে (Kanhaiya Lal murder case in Udaipur) । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অতি সুক্ষ্মভাৱে এই তদন্ত কৰি থকা পৰিলক্ষিত হৈছে । কি পৰ্যায় পাইছেগৈ এই তদন্ত প্ৰক্ৰিয়া সেই সন্দৰ্ভত অৱগত কৰাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah)ৰ সৈতে বৈঠকত মিলিত হয় ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA ।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৰ মুৰব্বী দিনকৰ গুপ্তাই(NIA DG Dinkar Gupta) সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে আৰু উদয়পুৰত কানহায়া লাল হত্যাকাণ্ডৰ চলিত তদন্তৰ স্থিতিৰ বিষয়ে অৱগত কৰে । নৰ্থ ব্লকত বৈঠকৰ পৰা ওলাই অহাৰ পিছত গুপ্তাই ই টিভি ভাৰতক কয় যে সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে । তদন্তৰ খাতিৰত বৰ্তমান সময়ত একো তথ্য ৰাজহুৱা কৰিব নোৱাৰি । ইপালে গৃহ মন্ত্ৰালয়ৰ এক সূত্ৰই জনাই যে NIA ৰ মুৰব্বীয়ে অমিত শ্বাহক কানহায়া লাল হত্যাকাণ্ডৰ গোচৰত পাকিস্তান জড়িত থকাৰ বিষয়েও তথ্য প্ৰদান কৰিছিল ।

উল্লেখ্য যে গুপ্তাই শেহতীয়াকৈ দেশৰ মুখ্য সন্ত্ৰাসবাদ বিৰোধী সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব পালন কৰি আছে । আনহাতে ইয়াৰ পূৰ্বেও NIA ৰ এগৰাকী জেষ্ঠ বিষয়াই ই টিভি ভাৰতক জনাইছিল যে এই ঘটনাৰ লগত এনে কিছু স্থানীয় দল-সংগঠন জড়িত আছে যাৰ লগত পাকিস্তানৰ সম্পৰ্ক থকাৰ সন্দেহ কৰাৰ থল আছে । বিচাৰ্যৰ বিষয় যে কানহায়া লাল হত্যাকাণ্ডৰ এজন অভিযুক্ত গৌছ মহম্মদ ২০১৪ চনত পাকিস্তানলৈ গৈছিল আৰু অভিযুক্তজনৰ কৰাচী ইছলামিক সংগঠন দাৱত-ই-ইছলামীৰ সৈতে সম্পৰ্ক আছিল । কানহায়া লাল হত্যাকাণ্ডৰ এদিন পিছত NIA ই যিকোনো সংগঠন আৰু আন্তঃৰাষ্ট্ৰীয় দুষ্ট চক্ৰ জড়িত থকাৰ সন্দেহত তদন্তৰ বাবে গোচৰটো গ্ৰহণ কৰে ।

লগতে পঢ়ক: ধন দাবী কৰা আৰক্ষী কনিষ্টবল ৰেব লস্কৰক ৰিজাৰ্ভ ক্ল'জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.