ETV Bharat / state

ধন দাবী কৰা আৰক্ষী কনিষ্টবল ৰেব লস্কৰক ৰিজাৰ্ভ ক্ল'জ

author img

By

Published : Jul 4, 2022, 7:00 PM IST

ধৰ্ষণৰ গোচৰত অভিযুক্তক ধন দাবী কৰি অৱশেষত ৰিজাৰ্ভ ক্ল'জ হ’ল কনিষ্টবল ৰেব লস্কৰ (Police demand money from accused in rape case) ৷ নগাঁৱৰ ইটচালি আৰক্ষী চকীত নিয়োজিত কনিষ্টবল ৰেব লস্কৰে গোচৰৰ মীমাংসা কৰি দিয়াৰ বাবদ অভিযুক্তৰ পৰা দাবী কৰিছিল ধন ৷

Nogaon Police constable accused for seeking bribe
ধন দাবী কৰি ৰিজাৰ্ভ ক্ল'জ নগাঁৱৰ আৰক্ষী ৰেব লস্কৰৰ

নগাঁও, 4 এপ্ৰিল: ধৰ্ষণৰ গোচৰ নিষ্পত্তিৰ নামত ধন দাবীৰ প্ৰসংগ (Nogaon Police constable accused for seeking bribe)। সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই ৰিজাৰ্ভ ক্ল'জ আৰক্ষী কনিষ্টবল লস্কৰক । দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ আৰক্ষী অধীক্ষক লীনা দলে । উপ আৰক্ষী অধীক্ষকক তদন্তৰ দায়িত্ব ।

ই টি ভি ভাৰতকে ধৰি একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত এটা বাতৰিক লৈ তোলপাৰ লাগিছে নগাঁও আৰক্ষীত । এটা ধৰ্ষণৰ গোচৰ নিষ্পত্তি কৰি দিয়াৰ নামত নগাঁৱৰ ইটচালি আৰক্ষী চকীৰ লস্কৰ উপাধিৰ এজন কনিষ্টবলে অভিযুক্তৰ পৰা বিচাৰিছিল ধন । আৰক্ষী কনিষ্টবলগৰাকীয়ে ধন দাবী কৰাৰ অডিঅ’ ভাইৰেল(Nagaon constable viral audio) হোৱাৰ সমান্তৰালকৈ বাতৰি সম্প্ৰচাৰ হৈছিল ই টি ভি ভাৰতকে ধৰি একাংশ সংবাদ মাধ্যমত । পুৱা বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হৈ পৰে নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে (Nagaon SP Leena Doley)।

ধন দাবী কৰি ৰিজাৰ্ভ ক্ল'জ নগাঁৱৰ আৰক্ষী ৰেব লস্কৰৰ

গোচৰ নিষ্পত্তিৰ নামত দুৰ্নীতিৰ আশ্ৰয় লোৱা আৰক্ষীৰ বিৰুদ্ধে তৎকালেই গ্ৰহণ কৰিলে ব্যৱস্থা । দূৰ্নীতিগ্ৰস্ত আৰক্ষী কণিষ্টবল ৰেব লস্কৰক ৰিজাৰ্ভ ক্ল'জ কৰিলে নগাঁও আৰক্ষীয়ে । এই সন্দৰ্ভত সোমবাৰে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰে আৰক্ষী অধীক্ষক লীনা দলেই । সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষী অধীক্ষক লীনা দলেৰ মন্তব্য- দুৰ্নীতিত জড়িত হ’লে আৰক্ষীৰ লোককো দিয়া নহয় ৰেহাই । ধর্ষণৰ দৰে গোচৰত ধন দাবী কৰা আৰক্ষী কনিষ্টবল ৰেব লস্কৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষক লীনা দলেই ।

ইতিমধ্যেই আৰক্ষী কনিষ্টবল ৰেব লস্কৰক ৰিজাৰ্ভ ক্ল'জ কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰে নগাঁও আৰক্ষীয়ে । ধন দাবী কৰা ঘটনাৰ তদন্ত কৰিবলৈ ইতিমধ্যে উপ-আৰক্ষী অধীক্ষকক দায়িত্ব প্ৰদান কৰিছে আৰক্ষী অধীক্ষক লীনা দলেই ।

ধৰ্ষণৰ গোচৰত ধন দাবী কৰি নগাঁও আৰক্ষীকে নহয় অসম আৰক্ষীকে পুনৰ এবাৰ বদনামী কৰিলে আৰক্ষী কনিষ্টবল ৰেব লস্কৰে ।

লগতে পঢ়ক: নিৰ্লজ্জ ! ধৰ্ষণ আৰু অপহৰণৰ গোচৰ নিষ্পত্তি কৰিবলৈ ধন দাবী নগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.