ETV Bharat / state

নিৰ্লজ্জ ! ধৰ্ষণ আৰু অপহৰণৰ গোচৰ নিষ্পত্তি কৰিবলৈ ধন দাবী নগাঁও আৰক্ষীৰ

author img

By

Published : Jul 4, 2022, 11:14 AM IST

গোচৰ নিষ্পত্তিৰ নামত অভিযুক্তৰ পৰিয়ালৰ পৰা উৎকোচ বিচাৰি ভাইৰেল হ'ল আৰক্ষীৰ অডিঅ' কল ৷ ধৰ্ষণ আৰু অপহৰণৰ গোচৰ নিষ্পত্তিৰ নামত 50,000 হাজাৰ টকা বিচাৰি জালত পৰিল আৰক্ষী কনিষ্টবল (Nogaon Police constable accused for seeking bribe) ৷ ধৰ্ষণৰ গোচৰ থানাতে শেষ কৰি দিব পাৰে নগাঁও আৰক্ষীয়ে ৷

viral audio
ধৰ্ষণ আৰু অপহৰণৰ গোচৰ নিষ্পত্তি কৰিবলৈ ধন দাবী নগাঁও আৰক্ষীৰ

নগাওঁ, 4 জুলাই : কালিকা লাগিছে নগাঁও আৰক্ষী থানাত (Nogaon police) ৷ ইটোৰ পিছত সিটো গোচৰে লগ নেৰা হৈছে নগাওঁ আৰক্ষীক ৷ জোনমনি আৰু হাইদৰৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ খাকী পোছাকত কালিমা সানিলে জনৈক ৰেব লস্কৰ নামৰ এজন আৰক্ষী বিষয়াই ৷

ধৰ্ষণ আৰু অপহৰণৰ গোচৰ নিষ্পত্তিৰ নামত 50,000 হাজাৰ টকা বিচাৰি জালত পৰিল আৰক্ষী কনিষ্টবল (Nogaon Police constable accused for seeking bribe) ৷ ধৰ্ষণৰ গোচৰ থানাতে শেষ কৰি দিব পাৰে নগাঁও আৰক্ষীয়ে ৷ এতিয়া সৰ্বত্ৰে ভাইৰেল হৈছে ধন দাবীৰ অডিঅ' ৰেকৰ্ডিং।

আৰক্ষী আৰু অভিযুক্তৰ ফোন কল

ঘটনা অনুসৰি ৰাজু হাজৰিকা নামৰ এজন যুৱকে এটা গেৰেজত কৰ্মৰত আছিল ৷ সেই গেৰেজটোৰ সমীপতে থকা ঘৰৰ যুৱতীগৰাকীৰ লগতে ৰাজুৰ প্ৰেমৰ সম্পৰ্ক আছিল ৷ তেওঁৰ প্ৰেয়সীৰ পিতৃ মইনুল হকে গেৰেজৰ লগতে ছুলাই আৰু গাঞ্জাৰ ব্যৱয়ায় কৰিছিল ৷ কিন্তু তেওঁলোকৰ দোকানৰ গ্ৰাহকসকলে গেৰেজৰ ভিতৰেৰেও নিচাযুক্ত সামগ্ৰীৰ আদান প্ৰদান কৰিছিল ৷ ইয়াকে দেখি অতিষ্ঠ হৈ ৰাজুৱে মইনুল হককে ধৰি গ্ৰাহকসকলকো গেৰেজৰ ভিতৰেৰে অহা যোৱা কৰিবলৈ বাধা দিছিল ৷ তাৰ পিছতেই মইনুল হকে ইটাচালী আৰক্ষী থানাত ৰাজুৰ বিৰুদ্ধে কন্যাক অপহৰণ কৰি ধৰ্ষণ কৰাৰ গোচৰ ৰুজু কৰে ৷ এই ঘটনাৰ পিছতে মইনুলৰ কন্যাই ৰাজুক পিতৃয়ে গোচৰ দিয়াৰ সন্দৰ্ভত অৱগত কৰে ৷

অভিযুক্ত

ইফালে ৰাজুৱে সংবাদমাধ্যমৰ আগত জনায় যে মইনুলৰ কন্যাৰ লগত ৰাজুৰ প্ৰেমৰ সম্পৰ্ক থকাটো সঁচা ৷ কিন্তু ৰাজুৱে তেওঁৰ কন্যাক ঘড়ী এটা উপহাৰ হিচাপে দিবলৈহে লগ কৰিছিল বুলি স্বীকাৰ কৰে ৷ আনকি ৰাজুৰ প্ৰেয়সীয়েও ৰাজুৱে তেওঁক ধৰ্ষণ কৰাৰ কথা নস্যাৎ কৰে ৷

এই ঘটনাৰ কেইদিনমানৰ পিছতে ইটাচালী আৰক্ষী থানাৰ পৰা ৰাজুলৈ জনৈক লস্কৰ উপাধিৰএগৰাকী আৰক্ষীয়ে ফোন কৰি গোচৰ ৰুজু কৰা সন্দৰ্ভত অৱগত কৰে ৷ লগতে অচিৰেই ৰাজুক মইনুল হকৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হ'ব বুলি আৰক্ষীয়ে সকিয়নী দিয়ে ৷ ৰাজুৱে মইনুল হকৰ গোচৰ নস্যাৎ কৰি তেওঁ এনে ঘটনা সংঘটিত কৰা নাই বুলি আৰক্ষীক অৱগত কৰে ৷ এই ফোনকলটোৰ পিছতেই ধৰ্ষণৰ গোচৰ নিষ্পত্তি কৰি দিয়াৰ বাবদ নগাঁৱৰ টাউন ইটাচালী আৰক্ষী চকীৰ জনৈক লস্কৰ উপাধিৰ কনিষ্টবলজনে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ নাম লৈ ৰাজুৰ পৰা 50,000 হাজাৰ টকা দাবী কৰে ৷

এই ভাইৰেল ফোনকলটোত (Viral audio call in Nogaon) আৰক্ষীয়ে ৰাজুক কয় - "আপোনাক আৰক্ষী অধীক্ষক বাইদেউৱে গ্ৰেপ্তাৰ কৰিব দিছে ৷ আপোনাক মই ইংগিত দিছিলো আপুনি বুজিয়েই নাপালে ৷ আপোনাৰ ওপৰত দুটা গোচৰ ৰুজু কৰিছে তেওঁলোকে ৷ আপুনি বেইলো নাপাব ৷ আপোনাক অতি সোনকালেই গ্ৰেপ্তাৰ কৰিব দিছে ৷ আপোনাৰ জেইল অনিবাৰ্য ৷ আপুনি অপহৰণ কৰা দুজনেও সাক্ষী দিছে ৷ তেওঁৰ কন্যাৰ স্বাস্থ্য পৰীক্ষাতো আপুনি দুষ্কাৰ্য কৰা বুলি ধৰা পৰিছে ৷ এইটো বহুত পইচাৰ মামলা ৷ আপুনি কিমান টকা দিব পাৰিব ? যিমান দিব পাৰে প্ৰাথমিক পৰ্যায়ত দিয়ক ছাৰক বুজাব পৰাকৈ দিয়ক ৷

আপোনাৰ হাতত এতিয়া যিমান টকাই আছে সিমান টকাই মোক দি দিয়ক মই ছাৰক মালটো খুৱাই বুজাই থৈ দিম ৷ তেতিয়া আমাৰ ছাৰক মই কব পাৰিম ল'ৰাটোৱে পইচা দিব, দুই এদিন ধৈৰ্য ধৰক ৷ আপোনাক গোটেইখিনি পইচা দিবলৈ 5 দিন দিছো ৷ পইচাখিনি দি মিটমাট হ’লেই আপোনাক মই গ্ৰেপ্তাৰ নকৰাকৈ মুকলি কৰি দিব পাৰিম ৷ আপোনাৰ ঘৰলৈ আমি যোৱা নাই, আমাৰ ছাৰহঁতো ছয়তান ন, ধৰ্ষণ হ’লেও নহ’লেও কেতিয়াও কাৰো আগত নকয় ৷"

সম্প্ৰতি অডিঅ' ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আৰক্ষীৰ এনে কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈছে জিলাখনৰ সচেতন মহল ৷ আগন্তুক দিনত এইজন আৰক্ষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়ক : গোচৰ নিষ্পত্তিৰ নামত উৎকোচ বিচৰা আৰক্ষীক আটক নগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.