ETV Bharat / bharat

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিলেখ: গাডকাৰীৰ অভিনন্দন

author img

By

Published : Jun 9, 2022, 2:06 PM IST

শেহতীয়াকৈ অতি কম সময়ৰ ভিতৰত ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৭৫ কিঃমিঃ অংশ নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI sets new Guinness World Record)। ১০৫ ঘণ্টা ৩৩ মিনিটতে আলকতৰা স্থাপন কৰি পথটো নিৰ্মাণ কৰা হৈছে । এই সফলতাত আনন্দিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী । টুইটযোগে শুভেচ্ছা জনালে মন্ত্ৰীগৰাকীয়ে ।

NHAI
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিলেখ

নেশ্যনেল ডেস্ক,৯ জুন : দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ১০৫ ঘণ্টা ৩৩ মিনিটত ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত ৭৫ কিলোমিটাৰ আলকতৰা কংক্ৰিট স্থাপন কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্মিৱিষ্ট কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI sets new Guinness World Record) । বুধবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ।

গাডকাৰীয়ে টুইটাৰত এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কয় যে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা আজাদী কা অমৃত মহোৎসৱৰ অধীনত NHAIয়ে এই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । গাডকাৰীয়ে NHAI আৰু ৰাজপথ ইনফ্ৰাকন প্ৰাইভেট লিমিটেডৰ সকলো অভিযন্তা, ঠিকাদাৰ, পৰামৰ্শদাতা আৰু কৰ্মীসকলক এই বিশ্ব অভিলেখৰ বাবে অভিনন্দন জনায় । তেওঁ কয় যে ১০৫ ঘণ্টা ৩৩ মিনিটত অমৰাৱতীৰ পৰা আকোলা জিলালৈ যোৱা ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৭৫ কিলোমিটাৰ অংশত আলকতৰা কংক্ৰিট স্থাপন কৰা হৈছিল (Record by setting 75 km bituminous concrete in NH53)।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ৩ জুনৰ পুৱা ৭:২৭ বজাত কাম আৰম্ভ হৈছিল আৰু ৭ জুনৰ সন্ধিয়া ৫ বজাত সম্পূৰ্ণ হৈছিল । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পথটো নিৰ্মাণত ২,০৭০ মেট্ৰিক টন আলকতৰাৰে ৩৬,৬৩৪ মেট্ৰিক টনৰ আলকতৰা মিশ্ৰণ ব্যৱহাৰ কৰা হৈছিল ।

তেওঁ লগতে কয় যে প্ৰকল্পটোত ৭২০ গৰাকী শ্ৰমিকে কাম কৰিছিল । লগতে এটা স্বতন্ত্ৰ পৰামৰ্শদাতাৰ দলে কামটো সম্পূৰ্ণ কৰিবলৈ দিন-ৰাতিয়ে কাম কৰিছিল । গাডকাৰীয়ে উল্লেখ কৰা মতে ইয়াৰ পূৰ্বে কাটাৰৰ দোহাত ২৫.২৭৫ কিলোমিটাৰ পথত আলকতৰা স্থাপন কৰি ২০১৯ চনত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল । যিটো কামটো সম্পূৰ্ণ হ'বলৈ ১০ দিনৰ সময় লাগিছিল ।

লগতে পঢ়ক :Presidential Election 2022 : আজি ঘোষণা হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.