ETV Bharat / bharat

Presidential Election 2022 : আজি ঘোষণা হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ তাৰিখ

author img

By

Published : Jun 9, 2022, 1:08 PM IST

নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে (Presidential Election 2022)। ২৪ জুলাইৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব । সংসদৰ দুয়োখন সদনৰ সদস্যৰ উপৰিও সকলো ৰাজ্যিক বিধান সভাৰ নিৰ্বাচিত সদস্য, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বিধান সভাৰ সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব পাৰে ।

Presidential Election 2022
ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ তাৰিখ

নেশ্যনেল ডেস্ক,৯ জুন : দেশত অতি শীঘ্ৰে অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন (Presidential Election 2022)। বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে । নিৰ্বাচনৰ তাৰিখ আবেলি ৩ বজাত নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ কথা আছে (Election commission to announce Presidential Election date)। সংবিধানৰ ৬২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ'ব (President Ram Nath Kovind's term ends on July 24) আৰু তাৰপূৰ্বে পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব ।

সংসদৰ দুয়োখন সদনৰ সদস্যৰ উপৰিও সকলো ৰাজ্যিক বিধান সভাৰ নিৰ্বাচিত সদস্য, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বিধান সভাৰ সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব পাৰে । ৰাজ্যসভা, লোকসভা বা বিধান সভাৰ মনোনীত সদস্যসকলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ অধিকাৰ নাই । একেদৰে, ৰাজ্যসমূহৰ বিধান পৰিষদৰ সদস্যসকলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ অধিকাৰ নাই । ২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ ১৭ জুলাইত অনুষ্ঠিত হৈছিল আৰু ভোটগণনা ২০ জুলাইত হৈছিল ।

জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ৰাজ্যসভাত শাসকীয় বিজেপি আৰু বিৰোধী দলবোৰৰ কঠিন পৰীক্ষা হ'ব । ১০ জুনত, উচ্চ সদনৰ ৫৭ খন আসনৰ বাবে এক বৃহৎ প্ৰতিযোগিতা হ'ব ৷ ইফালে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সংসদৰ সদস্য আৰু ৰাজ্যসমূহৰ বিধান সভাৰ সদস্যসকল থাকে । মুঠ সাংসদৰ সংখ্যা হৈছে ৭৭৬ জন (ৰাজ্যসভা ২৩৩, লোকসভা ৫৪৩) । প্ৰতিগৰাকী সাংসদৰ ভোটৰ মূল্য হৈছে ৭০৮ । বিধায়কসকলৰ ক্ষেত্ৰত সমগ্ৰ দেশত মুঠ ৫,১২০ টা ভোট আছে ।

১৯৭২ চনৰ লোকপিয়ল অনুসৰি, সদস্যসকলৰ ভোটৰ মূল্য ৰাজ্যসমূহৰ মাজত পৃথক হয় । শেহতীয়াকৈ অসম, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ পৰা ৩ খন আসন লাভ কৰা বিজেপিৰ ২৪৫ জনীয়া সদনত ১০১ গৰাকী সদস্য আছে । আনহাতে ১৬ টা খালী পদৰ বাবে বৰ্তমান ৰাজ্যসভাত বিজেপিৰ ৯৫ গৰাকী সদস্য আছে ।

লগতে পঢ়ক :Tripura By-election : বিজেপিৰ ৰেলীত অংশগ্ৰহণ কৰা আৰক্ষী বিষয়াক নিলম্বনৰ দাবী চি পি আই এমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.