ETV Bharat / bharat

Mountaineer Anvi Chetan Ghatge: ৩ বছৰ বয়সতেই ভালিয়ানাগিৰিৰ শৃংগ বগাই আনভিৰ অভিলেখ

author img

By

Published : Jan 22, 2023, 8:40 PM IST

Mountaineer Anvi Chetan Ghatge
আনভি চেতন ঘাটগে

আনভি চেতন ঘাটগেৰ আন এক কৃতিত্ব (Mountaineer Anvi Chetan Ghatge)। এইবাৰ ৩ বছৰ ৫ মাহতেই কৰ্ণাটকৰ ভালিয়ানাগিৰিৰ শৃংগ আৰোহণ কৰে আনভিয়ে । তেওঁ ভালিয়ানাগিৰিৰ শৃংগ আৰোহণ কৰা দেশৰ কনিষ্ঠতম পৰ্বতাৰোহী হিচাপে স্বীকৃতি লাভ কৰিছে ।

স্প'ৰ্টছ ডেস্ক, ২২জানুৱাৰী: কৰ্ণাটকৰ কোলহাপুৰৰ অভিলেখকাৰী পৰ্বতাৰোহী আনভি চেতন ঘাটগেই আন এক কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে (World Record Mountaineer Anvi Chetan Ghatge)। মাত্ৰ ৩ বছৰ ৫ মাহতেই তেওঁ কৰ্ণাটকৰ ভালিয়ানাগিৰিৰ শৃংগ আৰোহণ কৰা দেশৰ প্ৰথম আৰু কনিষ্ঠতম পৰ্বতাৰোহী হিচাপে অভিলেখ গঢ়ে । এই প্ৰদৰ্শনৰ পিছত এতিয়া আনভিই সকলোৰে পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । মুলিয়াংগিৰি ট্ৰেকৰ শীৰ্ষলৈ ৩-৪ কিলোমিটাৰ বগাবলৈ শিশুটিক ৩ ঘণ্টাৰ প্ৰয়োজন হয় ।

উল্লেখ্য় যে এই ট্ৰেকৰ প্ৰাৰম্ভিক অংশটো ৬০ ডিগ্ৰী বা ততোধিক উচ্চতাত অৱস্থিত । এই আৰোহণৰ আৰম্ভণিতে জোপোহা আৰু ডাঠ গছৰে আবৃত ঠাই হোৱা বাবে বহুত কঠিন ট্ৰেক বুলি কোৱা হয় । কিছু সময় অতিক্ৰম কৰাৰ পিছত পাহাৰৰ কাষত পথটো আৰোহণৰ বাবে অধিক কঠিন হৈ পৰে । আনভিয়ে প্ৰচণ্ড ৰ'দত আৰু প্ৰতিকূল পৰিস্থিতিতো মাত্ৰ আঢ়ৈ ঘণ্টাত এই ট্ৰেকটো সম্পূৰ্ণ কৰে । অনভিয়ে বিহালানাংগিৰিৰ শীৰ্ষত উপনীত হোৱাৰ পিছত ৰাজমাতা জিজাউকে শুভেচ্ছা জ্ঞাপন কৰে (Anvin greeted Rajmata Jijau)।

আনভি চেতন ঘাটগেই যোৱা ১২ জানুৱাৰীত ৰাজমাতা জীজাউৰ জন্ম জয়ন্তীত সাগৰপৃষ্ঠৰ পৰা ১৯৩০ মিটাৰ উচ্চতাৰ কৰ্ণাটকৰ সৰ্বোচ্চ শৃংগ মুলিয়াংগিৰি আৰোহণ কৰে (Birth anniversary of Rajamata Jijau) । আনভিয়ে এই অভিযানৰ বাবে তেওঁৰ মাতৃ অনিতা ঘাটগে আৰু পিতৃ চেতন ঘাটগেৰ সৈতে যোৱা ১১ জানুৱাৰীত কোলহাপুৰৰ পৰা যাত্ৰা কৰে । ১২ জানুৱাৰীত আনভিয়ে পিতৃ-মাতৃৰ লগতে মামা ৰোহন মানে, হৰ্ষদা মানে, চিকমাগালুৰ বন বিভাগৰ বনৰক্ষী উমেশৰ সৈতে আবেলি মুলিয়াংগিৰি শৃংগৰ চৰপাদাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰে (Started the summit from Sarpadari)। আনভি হৈছে কৰ্ণাটকৰ ভালিয়ানাগিৰিৰ শৃংগ আৰোহণ কৰা দেশৰ প্ৰথম আৰু কনিষ্ঠতম পৰ্বতাৰোহী (Valyanagiri in Karnataka)।

এই সন্দৰ্ভত, কৰ্ণাটকৰ বন সংৰক্ষকেও তেওঁক অভিনন্দন জনাই প্ৰমাণপত্ৰ প্ৰদান কৰিছে । ইয়াৰ পূৰ্বে,আনভিয়ে ২ বছৰ ১১ মাহত মহাৰাষ্ট্ৰৰ সৰ্বোচ্চ শৃংগ কালচুবাই আৰোহণ কৰিছিল (Kalsubai peak in Maharashtra)। এই কৃতিত্ব ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ (India Book of Records)লগতে এছিয়া বুক অৱ ৰেকৰ্ডছত লিপিবদ্ধ হৈছে (Asia Book of Records)। শেহতীয়াকৈ তেওঁক বিশ্ব ৰেকৰ্ড সমিতিয়ে এংষ্ট মাউন্টেনিয়াৰ উপাধিৰে সন্মানিত কৰিছে (Angst Mountaineer)। ইতিমধ্য়ে তেওঁ পানহলগড় দুৰ্গ, পৱনগড় দুৰ্গ, বিশালগড় দুৰ্গ, শিৱগড় দুৰ্গ, চামংগদ দুৰ্গ, পাৰগড় দুৰ্গ, ৰংগণা দুৰ্গ, বল্লভগদ দুৰ্গ আৰু ভাচোতা দুৰ্গ আদি আৰোহণ কৰিছে ।

লগতে পঢ়ক:Sports ministry suspends Vinod Tomar: ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সহকাৰী সম্পাদক বিনোদ টোমৰক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.