Sports ministry suspends Vinod Tomar: ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সহকাৰী সম্পাদক বিনোদ টোমৰক নিলম্বন

author img

By

Published : Jan 22, 2023, 8:04 AM IST

Wrestlers' harassment: Sports ministry suspends assistant secy WFI Vinod Tomar, cancels championship

ৰিং এৰি ধৰ্ণাত বহা ভাৰতীয় মল্লযুঁজাৰুসকলৰ অভিযোগক গুৰুত্ব প্ৰদান কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ৰ ৷ মল্লযুঁজ ফেডাৰেশ্বনৰ সহকাৰী সম্পাদক বিনোদ টোমৰক শনিবাৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে নিলম্বন কৰে (Sports ministry suspends Vinod Tomar)৷

নেশ্যনেল ডেস্ক, 22 জানুৱাৰী: কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে (Union Sports Ministry) ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সহকাৰী সম্পাদক বিনোদ টোমৰক (WFI Assistant secretary Vinod Tomar) নিলম্বন কৰিছে ৷ ক্ৰীড়া সংস্থাটোৰ মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলক চলোৱা যৌন নিৰ্যাতন আৰু দুৰ্নীতিৰ অভিযোগৰ পৰিণতি হিচাপে গণ্য কৰা হৈছে এই সিদ্ধান্তক (Sports ministry suspends Vinod Tomar)। উত্তৰ প্ৰদেশৰ গোণ্ডাত আৰম্ভ হ’বলগীয়া অ’পেন চেম্পিয়নশ্বিপো বাতিল কৰিছে মন্ত্ৰণালয়ে (Cancelled the Open championship) ।

মন্ত্ৰণালয়ৰ সূত্ৰৰ উদ্ধৃতি অনুসৰি, টোমৰৰ উপস্থিতি এই উচ্চ অগ্ৰাধিকাৰ অনুশাসনৰ বিকাশৰ বাবে ক্ষতিকাৰক হ’ব । সূত্ৰসমূহে লগতে কয় যে, মন্ত্ৰণালয়ৰ শীঘ্ৰে গঠন হ’বলগীয়া তদাৰকী সমিতিখনে ভাৰতীয় মল্লযুঁজ সম্পৰ্কীয় বিষয়সমূহৰ সকলো সিদ্ধান্ত লোৱাৰ ক্ষমতা লাভ কৰিব । দেওবাৰে ক্ৰীড়া মন্ত্ৰণালয়ৰ সূত্ৰই নিশ্চিত কৰাৰ কিছু সময়ৰ পিছতে এই অভিযোগৰ তদন্ত কৰিবলগীয়া তদাৰকী সমিতিৰ সদস্যসকলৰ নাম ঘোষণা কৰিব ।

ইয়াৰ পূৰ্বে, শনিবাৰে টোমৰে ডব্লিউ এফ আইৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ভাৰতৰ একাংশ মল্লযুঁজাৰুৱে উত্থাপন কৰা গুৰুতৰ অভিযোগৰ বিৰুদ্ধে পক্ষ লয় । “এইবোৰ কি হৈ আছে নাজানো । অৱশ্যে ডব্লিউ এফ আইৰ সভাপতিলৈ লিখা চিঠিখনৰ পৰা আমি গম পালোঁ যে একাংশ মল্লযুঁজাৰু প্ৰতিবাদত বহিছে । মই তেওঁলোকৰ সমস্যাৰ বিষয়ে সুধিবলৈ আহিছোঁ ।’’ শনিবাৰে সংবাদ মাধ্যমক এইদৰে কয় টোমৰে ৷ তেওঁ আৰু কয় যে, মল্লযুঁজাৰুসকলে আনুষ্ঠানিকভাৱে ফেডাৰেচনৰ কাষ চাপিলে সকলো সমস্যা সমাধান কৰা হ’ব ।

অৱশ্যে তেওঁ দাবী কৰে যে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে এতিয়াও নিজৰ বিষয়সমূহৰ সন্দৰ্ভত ফেডাৰেচনক আস্থাত লোৱা নাই । “তেওঁলোকে এতিয়াও মোক কোৱা নাই যে, তেওঁলোকৰ অভিযোগ কি । মোৰ বা ফেডাৰেচনৰ সৈতে এতিয়ালৈকে কোনো বিষয় উত্থাপন হোৱা নাই ।’’ টোমৰে লগতে কয় । চৰকাৰৰ আশ্বাসৰ পিচত শুকুৰবাৰে গভীৰ নিশা খেলুৱৈসকলে প্ৰতিবাদ বন্ধ কৰাৰ পিচত প্ৰতিবাদকাৰী আৰু ডব্লিউ এফ আইৰ মাজত হোৱা বিবাদৰ অন্ত পৰে ৷ ইয়াৰ প্ৰথম পদক্ষেপ আছিল ব্ৰিজ ভূষণ শৰণ সিঙক অস্থায়ীভাৱে একাষৰীয়া কৰা

মাৰাথন বৈঠকৰ অন্ত পৰাৰ পাচতে ঠাকুৰে কয় যে বিনেশ ফোগট (Vinesh Phogat) , বজৰং পুনিয়া (Bajrang Punia), সাক্ষী মালিক (Sakshi Malik), ৰবি দহিয়াকে (Ravi Dahiya) ধৰি দেশৰ একাংশ শীৰ্ষ স্থানত থকা মল্লযুঁজাৰুৱে উত্থাপন কৰা অভিযোগৰ তদন্তৰ বাবে চৰকাৰে এখন তদাৰকী সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে । শনিবাৰে কমিটীৰ সদস্যসকলৰ নাম প্ৰকাশ কৰাৰ কথা আছিল । দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে তিনিজনীয়া তদাৰকী/তদন্ত পেনেলৰ নাম ঘোষণা কৰিব । মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি ঠাকুৰ, চতুৰ্বেদী আৰু প্ৰধানৰ মাজত দুঘণ্টীয়া বৈঠক অনুষ্ঠিত হয় । এই সমিতিখনে ফেডাৰেচনৰ দৈনন্দিন কাম-কাজো তদাৰক কৰিব ।

ইয়াৰ পূৰ্বে ডব্লিউ এফ আইয়ে সভাপতিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগকে ধৰি সকলো অভিযোগ নাকচ কৰি দাবী কৰে যে, মল্লযুঁজাৰুসকলৰ প্ৰতিবাদক “বৰ্তমানৰ পৰিচালনা কমিটীক ওফৰোৱাৰ চেষ্টা চলাই থকা এক গোপন অভিসন্ধিৰ দ্বাৰা অনুপ্ৰাণিত কৰা হৈছে । চৰকাৰৰ জাননীৰ উত্তৰত ডব্লিউ এফ আইয়ে সকলো অভিযোগ অস্বীকাৰ কৰি দৃঢ়তাৰে কয় যে, ফেডাৰেচনত “স্বেচ্ছাচাৰী আৰু অপব্যৱস্থাপনাৰ কোনো স্থান নাই ”।

দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলে ধৰ্ণাত বহি ফেডাৰেচনৰ মুৰব্বীগৰাকীয়ে মহিলা মল্লযুঁজাৰুসকলক যৌন নিৰ্যাতন চলোৱা আৰু ‘একনায়কত্ববাদী’ৰ দৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিচত ক্ৰীড়া মন্ত্ৰণালয়ে ডব্লিউ এফ আইৰ পৰা ব্যাখ্যা বিচাৰিছিল । ভুক্তভোগী মল্লযুঁজাৰুসকলে নিজৰ প্ৰতিবাদৰ অন্ত পেলাবলৈ সন্মতি দিয়াৰ পূৰ্বে শুকুৰবাৰে ভাৰতীয় অলিম্পিক সন্থাই ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এম চি মেৰী কমৰ নেতৃত্বত সাতজনীয়া এখন সমিতি গঠন কৰিছিল ।

মল্লযুঁজাৰুৰ ধৰ্ণা-প্ৰতিবাদে তিনি দিনত প্ৰৱেশ কৰাৰ সময়তে আই অ’ এ পেনেল গঠন কৰা হৈছিল । কিংবদন্তি বক্সাৰ মেৰী কম (legendary boxer Mary Kom) আৰু মল্লযুঁজাৰু যোগেশ্বৰ দত্তৰ (wrestler Yogeshwar Dutt)উপৰিও এই পেনেলত আছে ধনুৰ্দ্ধৰ দোলা বেনাৰ্জী আৰু ইণ্ডিয়ান ভাৰোত্তোলন ফেডাৰেচনৰ সভাপতি তথা আই অ’ এৰ কোষাধ্যক্ষ সাহদেৱ যাদৱ । আই অ’ এ কমিটীৰ প্ৰাক্তন শ্বাটলাৰ আৰু আই অ’ এৰ যুটীয়া সম্পাদক অলকানন্দা অশোকৰ (IOA joint secretary Alaknanda Ashok) উপৰিও দুজন অধিবক্তা আছে ৷ তেওঁলোক হ’ল তালিছ ৰয় আৰু শ্লোক চন্দ্ৰ ।

লগতে পঢ়ক: 2047 NIA charge sheet: 2047 চনত ইছলামিক সেৱা শাসন কাৰ্যকৰী কৰিবলৈ পিএফআইৰ বিশেষ কিলাৰ স্কোৱাড !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.