ETV Bharat / bharat

Morena firing between 2 family : চাঞ্চল্যকৰ! পাৰিবাৰিক সংঘাতৰ বাবে প্ৰাণ গ'ল ৬ জনৰ

author img

By

Published : May 5, 2023, 6:14 PM IST

মধ্য প্ৰদেশৰ চম্বলত দুটা পৰিয়ালৰ মাজত ভয়ংকৰ সংঘৰ্ষ (Clashes between two families in MP)। এটা পৰিয়ালৰ ৬ সদস্যক গুলীয়াই হত্যা । ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ উত্তেজনা ।

Morena firing between 2 family
পাৰিবাৰিক সংঘাতৰ বাবে প্ৰাণ গ'ল ৬ জনৰ

নেশ্যনেল ডেস্ক,৫ মে' : মধ্য প্ৰদেশৰ চম্বলত ভয়ংকৰ ঘটনা । দুটা পৰিয়ালৰ মাজৰ সংঘৰ্ষত প্ৰাণ গ'ল ৬ গৰাকীৰ (6 killed in clash between two families)। এটা পৰিয়ালে ১০ বছৰ পুৰণি এক হত্যাৰ প্ৰতিশোধ ল'বলৈ আন এটা পৰিয়ালৰ ওপৰত গুলীচালনা কৰে ।

চিহোনিয়ান আৰক্ষী থানাৰ অন্তৰ্গত লেপা গাঁৱত সংঘটিত হৈছে এই ঘটনা (MP firing)। দুগৰাকী মহিলাসহ ৬ জন লোকক গুলীয়াই হত্যা কৰে এটা পৰিয়ালৰ সদস্যই । ‘তোমাৰ’ পৰিয়ালৰে আন ৩ জন লোকো আহত হয় । আহতসকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ মোৰেনা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । লগে লগে ঘটনাস্থলীত আৰক্ষীও উপস্থিত হয় ।

আৰক্ষীয়ে জনোৱা মতে ৰঞ্জিত তোমাৰ আৰু ৰামবীৰ সিং তোমাৰৰ মাজত চলি থকা দীৰ্ঘদিনীয়া পাৰিবাৰিক সংঘাতৰ পৰিণতিতে এই ঘটনা সংঘটিত হয় । শুকুৰবাৰে পুৱা দুয়োটা পৰিয়ালৰ মাজত পুনৰ সংঘৰ্ষ হয় । এই সংঘৰ্ষত আক্ৰমণকাৰী পৰিয়ালে ৰাইফল ব্যৱহাৰ কৰে (Clashes between two families in MP)।

জানিব পৰা মতে ৰামবীৰ তোমাৰৰ হৈ এজন যুৱকে ৰাইফলৰে গুলীবৰ্ষণ আৰম্ভ কৰে । এই গুলীচালনাত গজেন্দ্ৰ সিং তোমাৰ আৰু তেওঁৰ দুই পুত্ৰ ফাণ্ডি তোমাৰ আৰু সঞ্জু তোমাৰৰ ঘটনাস্থলীতে মৃত্যু হয় । ইয়াৰ উপৰিও, দুগৰাকী মহিলাকো গুলীয়াই হত্যা কৰা হয় । আৰক্ষীয়ে আহতসকলক তেওঁলোকৰ বাহনত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

স্থানীয় সূত্ৰৰ মতে প্ৰায় ১০ বছৰ পূৰ্বে, ৰঞ্জিত তোমাৰৰ পৰিয়ালৰ লোকসকলে ৰামবীৰ তোমাৰৰ পক্ষৰ দুজন লোকক হত্যা কৰিছিল । এই ঘটনাৰ পাচতে অভিযুক্ত পক্ষৰ পৰিয়ালটো সেই অঞ্চলৰ পৰা আঁতৰি গৈছিল । তেওঁলোকে এক বুজাবুজিত উপনীত হৈছিল আৰু শুকুৰবাৰে পুনৰ গাঁওখনলৈ উভতি আহিছিল । কিন্তু ৰামবীৰ তোমাৰ পক্ষৰ পৰিয়ালে পূৰ্বৰ হত্যাকাণ্ডৰ প্ৰতিশোধ ল'বলৈ আনটো পৰিয়ালক প্ৰথমে লাঠিৰে আক্ৰমণ কৰে । এই সংঘৰ্ষত আহত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

মৃতকৰ পৰিয়ালৰ সদস্য ৰঘুৰাজে কোৱা মতে ২০১৩ চনত তেওঁলোকে বিদ্যালয়ৰ বাবে মাটি দান কৰিছিল আৰু কৈছিল যে কোনেও ঘৰুৱা ব্যৱহাৰৰ বাবে এই মাটি ব্যৱহাৰ কৰিব নোৱাৰে । কিন্তু অভিযুক্ত পক্ষটোৱে বিদ্যালয়ৰ ভূমি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে । অভিযোগকাৰী পক্ষই ইয়াত আপত্তি কৰাৰ সময়তে তেওঁলোকৰ কাজিয়া হয় ।

ৰঘুৰাজে কোৱা মতে এবছৰ পূৰ্বে দুয়োপক্ষৰ মাজত এক চুক্তি হৈছিল আৰু অভিযুক্ত পক্ষই তেওঁলোকক কৈছিল যে তেওঁলোকে আহি গাঁওখনত থাকিব পাৰে । ইয়াৰ পাচতে, ৰঘুৰাজ তোমাৰ আৰু তেওঁৰ পৰিয়াল আৰু মহিলাসকল আহমেদাবাদৰ পৰা এখন বাহনেৰে আহি লেপা গাঁৱত উপস্থিত হৈছিল । তাৰ পাচতে অভিযুক্তপক্ষৰ পৰা ৭-৮ জন লোকে লাঠি আৰু বন্দুক লৈ আহিছিল আৰু তেওঁলোকক ঘেৰি ধৰি আক্ৰমণ কৰে ।

লগতে পঢ়ক :Encounter in Rajouri : জম্মু-কাশ্মীৰৰ ৰাজৌৰীত ৫ সেনা জোৱান শ্বহীদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.