ETV Bharat / bharat

Encounter in Rajouri : জম্মু-কাশ্মীৰৰ ৰাজৌৰীত ৫ সেনা জোৱান শ্বহীদ

author img

By

Published : May 5, 2023, 5:10 PM IST

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ (Clashes between militants and security forces)। সংঘৰ্ষত ৫ সেনা জোৱান নিহত । নিৰাপত্তা বাহিনীয়ে এনকাউণ্টাৰ অব্যাহত ৰাখিছে ।

Encounter in Rajouri
জম্মু-কাশ্মীৰৰ ৰাজৌৰীত ৫ সেনা জোৱান শ্বহীদ

নেশ্যনেল ডেস্ক,৫ মে' : জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৫ সেনা জোৱান (Five Army personnel killed in Jammu and Kashmir)। নৰ্ডাৰ্ণ কমাণ্ডে জনোৱা মতে এই আক্ৰমণত পাঁচগৰাকী জোৱানৰ মৃত্যু হোৱাৰ লগতে এগৰাকী জোৱান আহত হৈছে । জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত তালাচীৰ অভিযানৰ সময়তে সন্ত্ৰাসবাদীয়ে বোমা নিক্ষেপ কৰে ।

ৰাজৌৰী জিলাৰ কান্দি অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হৈছিল (Encounter between militants and security forces)। জম্মুৰ এডিজিপি মুকেশ সিঙে এই কথা নিশ্চিত কৰি কয় যে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ যুটীয়া বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰিছে ।

উল্লেখ্য যে নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য পোৱাৰ পাচতে অঞ্চলটো ঘেৰাও কৰে । তেতিয়াই দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । জানিব পৰা মতে অতিৰিক্ত দলক এনকাউণ্টাৰৰ স্থানলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে আহত সেনা জোৱানক উধমপুৰৰ কমাণ্ড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । সেনাৰ শীৰ্ষ বিষয়াই জনোৱা মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দল আৱদ্ধ হৈ আছে । সন্ত্ৰাসবাদী দলটোৰো সদস্য হতাহত হোৱাৰ সম্ভাৱনা আছে । এনকাউণ্টাৰ এতিয়াও অব্যাহত আছে (Encounter in Rajouri)।

বৃহস্পতিবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত সংঘৰ্ষত ২ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী নিহত হোৱাৰ এদিন পাচতে এই সংঘৰ্ষ সংঘটিত হয় (LeT militants killed in Baramulla)।

আৰক্ষীয়ে নিহত সন্ত্ৰাসবাদী কেইটাক দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ বাসিন্দা শাকিৰ মজিদ নাজাৰ আৰু হানান আহমেদ ছেহ বুলি চিনাক্ত কৰিছিল । আৰক্ষীয়ে জনোৱা মতে দুয়োটা সন্ত্ৰাসবাদীয়ে এই বছৰৰ মাৰ্চত সংগঠনত যোগদান কৰিছিল ।

ইয়াৰ পূৰ্বে, বুধবাৰে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা আন এক সংঘৰ্ষত দুই সন্ত্ৰাসবাদী নিহত হয় (2 militants killed in Kupwara district)। জম্মু-কাশ্মীৰ আৰক্ষীৰ মুখপাত্ৰই কোৱা মতে বুধবাৰে পুৱা কুপৱাৰা জিলাৰ পিচনাদ মাচিল অঞ্চলৰ ওচৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষটো হৈছিল । নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীক প্ৰত্যক্ষ কৰাৰ পাছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয় ।

লগতে পঢ়ক :Manipur Violence update : মণিপুৰৰ হিংসাত আহত বিজেপিৰ বিধায়ক; অনুচ্ছেদ 355 জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.