ETV Bharat / bharat

Ranchi Mobiles disappearing case: এটা গুদামৰ পৰা একেদিনাই 50 লাখ ম’বাইল ফোন চুৰি; ঘটনাৰ তদন্ত কৰি হতবাক আৰক্ষী

author img

By

Published : Aug 11, 2023, 4:26 PM IST

Ranchi Mobiles disappearing case
Ranchi Mobiles disappearing case

ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীস্থিত এটা গুদামৰ পৰা বৃহৎ পৰিমাণৰ ম’বাইল ফোন চুৰি হৈছে ৷ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি হতবাক হৈ পৰিছে ৷ কিয়নো বিভিন্ন চহৰত থকা একেটা প্ৰতিষ্ঠানৰ গুদামৰ পৰা 3 কোটিতকৈয়ো অধিক মূল্যৰ ম’বাইল ফোন চুৰি হৈছে ৷

নেশ্যনেল ডেস্ক, 11 আগষ্ট: শনিবাৰে ৰাঁচীৰ এটা গুদামৰ পৰা 50 লাখ টকাৰ ম’বাইল ফোন চুৰি হয় বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷ জানিব পৰা মতে ৰাঁচীৰ পুণ্ডাগ আৰক্ষী থানাত ‘প্ৰজেক্ট চাপ্লাই চেইন ছলিউশ্যন লিমিটেড’ৰ তত্বাৱধায়কৰ দ্বাৰা এখন এজাহাৰ দাখিল কৰাৰ পাচতে এই বিষয়টো পোহৰলৈ আহিছে ৷

ঘটনাটোৰ তদন্তত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, ‘প্ৰজেক্ট ছাপ্লাই চেইন ছলিউশ্যন লিমিটেড’ৰ ৱেৰহাউচ মেনেজাৰ মহম্মদ জামিৰ বাৰী খানে পুণ্ডাগ আৰক্ষী থনাত এখন এজাহাৰ দাখিল কৰিছে । দাখিল কৰা এজাহাৰখনত তেওঁ কয় যে কোনো অচিনাক্ত লোকে তেওঁৰ ৱেৰহাউচৰ পৰা প্ৰায় 50 লাখ মূল্যৰ ম’বাইল ফোন চুৰি কৰি গুদামৰ পৰা নিৰুদ্দেশ হৈছে ৷

আশ্চৰ্যজনকভাৱে, ‘প্ৰজেক্ট ছাপ্লাই চেইন ছলিউশ্যন লিমিটেডে’ কেৱল জুলাই মাহতে 3 কোটি টকাৰো অধিক মূল্যৰ ম’বাইল ফোন চুৰি হোৱাৰ প্ৰতিবেদন দাখিল কৰিছে ৷ পুণে, ভুৱনেশ্বৰ আৰু গুৱাহাটীকে ধৰি বিভিন্ন ৰাজ্যত অৱস্থিত গুদামৰ পৰা মোবাইল চুৰি হোৱাৰ খবৰ পোৱা গৈছে ৷

ঘটনাটোৰ তদন্তত আৰক্ষীয়ে আচৰিত তথ্য লাভ কৰিছে ৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি ৰাঁচীৰ ৱেৰহাউচৰ চিচিটিভি কেমেৰা যোৱা পাঁচ দিনধৰি অনিয়মীয়া হৈ আছে আৰু জুলাইত কোম্পানীৰ গুদামৰ পৰা কোটি কোটি টকাৰ ম’বাইল ফোন চুৰি হৈছে ৷ আৰক্ষী সদৰী কৰিছে যে প্ৰাৰম্ভিক তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাচতহে পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়া আগবঢ়োৱা হ’ব ৷

ৰাঁচী আৰক্ষীয়ে ঘটনাটোৰ তদন্তৰ বাবে আন ৰাজ্যৰ আৰক্ষীৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে ৷ আনহাতে, ম'বাইল চুৰিৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰিবলৈ ৱেৰহাউচৰ চাৰিওফালে থকা চিচিটিভি ফুটেজো পৰীক্ষা কৰি থকা কৰা হৈছে । আৰক্ষীয়ে সন্দেহ কৰিছে যে এই ঘটনাৰ সৈতে গুদামৰ কোনে লোকো জড়িত থাকিব পাৰে ৷

লগতে পঢ়ক: Nitesh Kumar Murder case: দাৰে ডিঙি কাটি হত্যা কৰা হৈছিল নীতেশ কুমাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.