ETV Bharat / state

Nitesh Kumar Murder case: দাৰে ডিঙি কাটি হত্যা কৰা হৈছিল নীতেশ কুমাৰক

author img

By

Published : Aug 10, 2023, 7:27 PM IST

Nitesh Kumar Murder case
দাৰে ডিঙি কাটি হত্যা কৰিছিল নীতেশ কুমাৰক

পোহৰলৈ আহিল বোন্দাত ছাত্ৰ হত্যাকাণ্ডৰ A to Z ৷ ধনৰ লেনদেন আৰু ব্লেকমেইলিঙৰ বাবে নৃশংস হত্যাৰ ঘটনাটো সংঘটিত হৈছিল বুলি মহানগৰী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰিছে। হত্যাকাৰীয়ে স্বীকাৰ কৰিছে সমগ্ৰ ঘটনা ৷

দাৰে ডিঙি কাটি হত্যা কৰিছিল নীতেশ কুমাৰক

গুৱাহাটী, 10 আগষ্ট : মহানগৰ আৰক্ষীৰ তদন্ত বোন্দাত ছাত্ৰৰ নৃশংস হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিছে। মুখ্যত ধনৰ লেনদেন আৰু ব্লেকমেইলিঙৰ বাবে নৃশংস হত্যাৰ ঘটনাটো সংঘটিত হৈছিল বুলি মহানগৰী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰিছে। বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেলৰ জৰিয়তে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই ঘটনাৰ সবিশেষ কথা সদৰী কৰে।

উল্লেখ্য যে, যোৱা বুধবাৰে দিনৰ ভাগত বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছিল নীতেশ কুমাৰৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী অভিষেক বৰুৱাক গ্ৰেপ্তাৰ কৰিছে। লক্ষ্যণীয় যে, যোৱা বুধবাৰে বিয়লি 3.30 বজাত নীতেশৰ পিতৃ ৰাজেশ কুমাৰে বশিষ্ঠ আৰক্ষী থানাত নীতেশক অপহৰণ কৰাৰ অভিযোগ তুলি গোচৰ দিছিল।

ইপিনে দিনৰ ভাগত বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছিল এটা অচিনাক্ত মৃতদেহ ৷ পিছত আৰক্ষীয়ে এই মৃতদেহটো নীতেশৰ বুলি চিনাক্ত কৰিছিল। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি পিছত হত্যাকাৰী অভিষেক গ্ৰেপ্তাৰ কৰিছিল।

কিয় হত্যা কাৰ হৈছিল নীতিশ কুমাৰক :

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰা মতে, নীতেশ আৰু অভিষেক ভাল বন্ধু আছিল। 15 বছৰীয়া নীতেশৰ ঘৰ বেলতলাত । ভেটাপাৰৰ মহষি বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নীতেশ ৷ 23 বছৰীয়া অভিষেক বৰুৱাৰ ঘৰ বেলতলাত। 2019 চনত Free fire নামৰ অনলাইন গেমৰ জৰিয়তে দুয়োজনৰ পৰিচয় হৈছিল । তাৰ পিচত বেলতলাৰ এঠাইত সাক্ষাৎ হৈছিল। পিচলৈ দুয়োজনৰ‌ মাজত ঘনিষ্ঠতা বৃদ্ধি হৈছিল। বেলতলাৰ AG Office ত অভিষেক ৰান্ধনী হিচাপে কাম কৰিছিল।

পিচত 2022 চনত অভিষেকে নাৰেংগী তিনিআলিত Burp cartel নামৰ এখন ৰেষ্টোঁৰা খোলে । দোকানৰ বাবে অভিষেকে নীতেশৰ পৰা 30 হাজাৰ টকা সুতত ধাৰে লয়। নীতেশে এজন বন্ধুৰ পৰা এই টকাখিনি অভিষেকক সুতত ধাৰে দিছিল। পিচত সুত সহ 40 হাজাৰ টকা অভিষেকে নীতিশক উভতাই দিছিল।

লক্ষ্যণীয় যে, অভিষেকে জালিয়তি কৰি অভিষেকৰ দেউতাকৰ বেংকৰ একাউণ্টৰ পৰা 16 লাখ টকা অভিষেকৰ বেংক একাউণ্টত জমা কৰিছিল। ইয়াৰে কিছু টকা ৰেষ্টোঁৰাত বিনিয়োগ কৰিছিল। আকৌ কিছু টকা সুতত দিছিল। এই কথা নীতেশে গম পাইছিল। তাৰ পিছত মাজ মাজে নীতেশে অভিষেকৰ পৰা দুই, পাঁচ হাজাৰ টকাকৈ নিছিল। নীতেশে অভিষেকক কৈছিল যে এই টকাবোৰ crypto currency ত বিনিয়োগ কৰি দুগুণ কৰি অভিষেকক উভতাই দিব। এনেদৰে 90 হাজাৰ টকা নীতিশে অভিষেকৰ পৰা নিছিল।‌ কিন্তু উভতাই দিয়া নাছিল।

ইপিনে এদিন নীতেশে অভিষেকৰ samsung S22 ম'বাইল ফোনটো ফটো তোলাৰ‌ বাবে লৈ গৈছিল। পিচত ফোনটো উভতাই দিছিল। কিন্তু ফোনটোত অভিষেকৰ তাৰ প্ৰেয়সীৰ লগত থকা কিছু নিবিড় মুহূৰ্ততৰ ফটো মোবাইলৰ পৰা নীতেশে পেন ড্ৰাইভত গোপনে ৰাখি থৈছিল। পিছত অভিষেকে পইচাখিনি বিচাৰিলে নীতেশে ফটোখিনিৰ আৰু অভিষেকে দেউতাকৰ পৰা অনা টকাখিনিৰ কথা কৈ ব্লেকমেইলিং কৰি আহিছিল। পিচত অতিষ্ঠ হৈ অভিষেকে নীতেশক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীক স্বীকাৰোক্তি দিছে।

কেনেকৈ হত্যা কৰা হৈছিল নীতিশক ?

যোৱা বুধবাৰে নীতেশে অভিষেকক আমচাঙলৈ এটা নিজৰা দেখুৱাবলৈ তাৰ স্কুটীত লৈ গৈছিল।‌ পুৱা 6.30 বজাত দুয়োজন গৈছিল। আমচাঙলৈ ফুৰিব যাবলৈ নীতেশে যেতিয়া অভিষেকক লগ ধৰিছিল, সেই সময়তে অভিষেকে নীতিশক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীক স্বীকাৰোক্তি দিছে। অভিষেকে লগত এখন তৰোৱাল‌ লৈ গৈছিল। হাবিৰ জংঘল চাফা কৰাৰ অজুহাত দেখুৱাই অভিষেকে লগত দা এখন লৈ গৈছিল। পিছত হাবিত গৈ আৰম্ভণিতে দুয়োজনৰ মাজত ঠিকে চলি থাকে যদিও পিচত টকাক লৈ দুয়োজনৰ মাজত তৰ্কাতৰ্কি হয়।

তকাতৰ্কি চৰম সীমা পোৱাত অভিষেকে তৰোৱালেৰে নীতেশৰ ডিঙি কাটি হত্যা কৰে। পিছত ঘটনাটোক অভিষেকে অপহৰণৰ ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল।

লগতে পঢ়ক: Guwahati Student murder case: হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মহৰ্ষি বিদ্যা মন্দিৰৰ অধ্যক্ষাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.