ETV Bharat / bharat

মিজোৰামৰ এমএনএফৰ দুৰ্গত মোক্ষম আঘাত, সন্মান ৰক্ষা কৰিবলৈ সক্ষম নহ’ল মুখ্যমন্ত্ৰী জোৰামথাংগা

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 2:33 PM IST

Mizoram CM Zoramthanga
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা

আইজল পূৱ-১ আসনত পৰাস্ত হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা । জেড পি এমৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত মুখ্যমন্ত্ৰী জোৰামথাংগা । ইফালে মিজোৰাম বিধানসভা নিৰ্বাচনত ইতিহাস ৰচনা জেড পি এমৰ । মিজোৰামত চৰকাৰ গঠন কৰিবলৈ সাজু জেড পি এম ।

তেজপুৰ, ৪ ডিচেম্বৰ: মিজোৰামত ইতিহাস ৰচনা কৰিলে জোৰাম পিপলচ মুভমেণ্ট চমুকৈ জেড পি এমে । প্ৰথমবাৰৰ বাবে মিজোৰামত চৰকাৰ গঠন কৰিবলৈ গঠন কৰিবলৈ সাজু হৈছে জেড পি এমে । দলটোৱে ৪০ খন বিধানসভা আসনৰ ২৭ খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে শাসকীয় মিজো নেচনেল ফ্ৰণ্টে মাত্ৰ ১০খন আসনহে অগ্ৰগতি লাভ কৰিছে । মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা আৰু উপ-মুখ্যমন্ত্ৰী টাউনলুইয়াৰ পৰাজয় হৈছে । ইয়াৰ সমান্তৰালকৈ ৰাজ্যখনত কংগ্ৰেছৰ আসন আৰু অধিক হ্ৰাস পাইছে । কংগ্ৰেছে মাত্ৰ ১খন আসনহে অগ্ৰগতি লাভ কৰে । আনহাতে কেন্দ্ৰত শাসকীয় বিজেপিয়ে মাত্ৰ ২ খন আসনহে লাভ কৰিবলৈ সক্ষম হয় ।

জোৰামথাংগাৰ দল মিজো নেচনেল ফ্ৰণ্টে বিগত নিৰ্বাচনত ৰাজ্যখনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল । কিন্তু এইবাৰ নিৰ্বাচনত আইজল পূৱ-১ আসনত পৰাস্ত হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা । জেড পি এম দলৰ লালথাংগাৰ বিৰুদ্ধে 2101 টা ভোটৰ ব্যৱধানত পৰাস্ত হয় জোৰামথাংগা ৷ লালথাংগাই 10,727 টা ভোট লাভ কৰাৰ বিপৰীতে জোৰামথাংগাই লাভ কৰে 8626 টা ভোট ৷

উল্লেখ্য যে, মিজো নেচনেল ফ্ৰণ্টৰ বিচ্ছিন্নতা আন্দোলনৰ সময়ত জোৰামথাংগা লালডেংগাৰ পিচত দ্বিতীয় কমাণ্ডাৰৰ দায়িত্বত আছিল আৰু ১৯৯০ চনত লালডেংগাৰ মৃত্যুৰ পিচত এমএনএফ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল হোৱাৰ পিচত তেওঁ দলৰ নেতা হিচাপে দায়িত্ব লাভ কৰিছিল । ১৯৮৭ চনত তেওঁ বিত্ত আৰু শিক্ষামন্ত্ৰীৰো দায়িত্বত আছিল । তেওঁৰ দলে ২০০৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত পৰাস্ত হয় । তেওঁ উত্তৰ আৰু দক্ষিণ চম্পাই দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু দুয়োটা সমষ্টিতে পৰাস্ত হৈছিল । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত এমএনএফে পুনৰ ক্ষমতালৈ আহে আৰু তেওঁ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনৰ দায়িত্ব গ্ৰহণ কৰে ।

লগতে পঢ়ক: মিজোৰামত বিধানসভা নিৰ্বাচনত MNF ৰ বিপৰ্যয়, ZPM ৰ অভূতপূৰ্ব উত্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.