ETV Bharat / bharat

মিজোৰামত বিধানসভা নিৰ্বাচনত MNF ৰ বিপৰ্যয়, ZPM ৰ অভূতপূৰ্ব উত্থান

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:14 AM IST

Updated : Dec 4, 2023, 2:16 PM IST

Mizoram Assembly Election Result 2023
মিজোৰামত ZMPৰ অগ্ৰগতি

মিজোৰামত আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা । ৰাজ্যত শান্তিপূৰ্ণভাৱে ভোট গণনা সম্পন্ন হোৱাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে ব্যাপক নিৰাপত্তা ব্যৱস্থা ।

তেজপুৰ, 4 ডিচেম্বৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত আজি অৰ্থাৎ সোমবাৰে পুৱা 8 বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হৈছে ভোট গণনা । ৰাজ্যৰ ১৩টা কেন্দ্ৰত আৰু ৪০টা কাউণ্টিং হলত ভোটগণনা চলি আছে । ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে, ভোটগণনাৰ সৈতে প্ৰায় ৪০০০ কৰ্মী জড়িত হৈ আছে ৷ সম্প্ৰতি ZPM য়ে 27 খন আসনত, MNF য়ে 10, বিজেপিয়ে 2 খন আসনত আৰু কংগ্ৰেছে 1 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷

আপডেট, 12.56

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ পৰাজয় । আইজল পূৱ-1 সমষ্টিত ZPMৰ প্ৰাৰ্থী লালথাচাংগাৰ বিৰুদ্ধে 2101 টা ভোটৰ ব্যৱধানত পৰাস্ত হয় জোৰামথাংগা ৷ লালথাচাংগাই 10,727 টা ভোট লাভ কৰাৰ বিপৰীতে জোৰামথাংগাই লাভ কৰে 8626 টা ভোট ৷

আপডেট, 12.09

ZPM ৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালডুহোমাই কয়, "মিজোৰাম আৰ্থিক সংকটৰ সন্মুখীন হৈছে ৷ সেইটোৱেই আমি বিদায়ী চৰকাৰৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিবলৈ ওলাইছো ৷ আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ওলাইছো ৷ আৰ্থিক সংস্কাৰ প্ৰয়োজন আছে আৰু তাৰবাবে আমি এটা ৰি’ৰ্ছচ মোবাইলাইজেশ্যনৰ দল গঠন কৰিবলৈ ওলাইছো ৷

তেওঁ লগতে পৰৱৰ্তী দুটা দিনৰ ভিতৰত ৰাজ্যপালক সাক্ষাৎ কৰি এই মাহৰ ভিতৰত শপত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷"

আপডেট, 12

ZPMৰ উপ-সভাপতি ড° কেনেথ চাউংলিয়ানাই কয়, "এতিয়ালৈকে আমি ২০খনতকৈও অধিক আসনত আগবাঢ়ি আছো, যিটো ইতিমধ্যে সংখ্যাগৰিষ্ঠতা ৷ মই ভাবো আমি নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিম (জিকাৰ পিচত) ৷ আমাৰ মূল অগ্ৰাধিকাৰ হ'ব কৃষি, খাদ্য উৎপাদনত স্বাৱলম্বী হোৱা আৰু তাৰ পিছত বিদ্যুৎ আৰু যোগাযোগ আৰু আমাৰ যুৱ প্ৰজন্মক আগবঢ়াই নিয়া ৷"

আপডেট, 11.45

আইজল পশ্চিম-2 সমষ্টিত ZPMৰ প্ৰাৰ্থী লালংহিংগ্লোভা হমাৰৰ হাতত MNFৰ প্ৰাৰ্থী লালৰুআক্তিমা 4819 টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে ৷ ইফালে কোলাচিব সমষ্টিত ZPM ৰ প্ৰাৰ্থী লালফামকিমা হাতত MNFৰ প্ৰাৰ্থী এ লাৰলিনলীনা 1169 টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে ৷ একেদৰে টুইচাং, দক্ষিণ টুইপুই, তাৱি, আইজল পশ্চিম-I সমষ্টিত ZPM য়ে প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে ৷

বৰ্তমান ZPM য়ে 26 খন আসনত, MNF য়ে 11, বিজেপিয়ে 2 খন আসনত আৰু কংগ্ৰেছে 1 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷

আপডেট, 11.29

আইজল পূৱ-1 সমষ্টিত পিচ পৰি আছে MNF ৰ নেতা জোৰামথাংগা ৷ সমষ্টিটোত ZPMৰ প্ৰাৰ্থী লালথাচাংগাই 2101 টা ভোটৰ ব্যৱধানত সম্প্ৰতি অগ্ৰগতি লাভ কৰি আছে ৷

আপডেট, 10.53

মিজো নেচনেল ফ্ৰণ্টৰ বিধায়কক পৰাস্ত কৰি টুইচাঙত জোৰাম পিপলছ মুভমেণ্ট প্ৰথমটো বিজয়ৰ দিশে ৷

আপডেট, 10.40

জাৰ্কাৱাট প্ৰেছবিটেৰিয়ান চাৰ্চত মুখ্যমন্ত্ৰী জোৰামথাংগা আৰু ZPM মুখ্যমন্ত্ৰী প্ৰাৰ্থী লালডুহোমাৰ প্ৰাৰ্থনা ৷ ইতিমধ্যে মেজিক নম্বৰ অতিক্ৰম কৰিছে ZPM য়ে ৷ সম্প্ৰতি ZPM য়ে 29 খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে MNF য়ে 7 খন আসনত আগবাঢ়ি আছে ৷ ইফালে বিজেপিয়ে 3 খন আসনত আৰু কংগ্ৰেছে 1 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

আপডেট, 10.20

ভাৰতৰ নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি চেৰচিপ সমষ্টিৰ পৰা ZPMৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালডুহোমা ১৩৯০ টা ভোটেৰে আগবাঢ়ি আছে ।

আপডেট. 10.13

ভাৰতীয় নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত প্ৰাক্তন আই পি এছ বিষয়া লালডুহোমাৰ নেতৃত্বত গঠিত হোৱা নতুন দল জোৰাম পিপ’লছ মুভমেণ্ট চমুকৈ ZPMয়ে (Zoram People's Movement) অগ্ৰগতি লাভ কৰি আছে ৷

ZPMয়ে ৰাজ্যখনত 26 খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী জোৰামথাংগাৰ নেতৃত্বাধীন মিজো নেশ্যনেল ফ্ৰণ্ট চমুকৈ MNF য়ে 9 খন আসনত আগবাঢ়ি আছে ৷ একে সময়তে বিজেপিয়ে 3 খন আসনত আৰু কংগ্ৰেছে 2 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

লগতে পঢ়ক: 8 বজাৰ পৰা আৰম্ভ মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা

Last Updated :Dec 4, 2023, 2:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.