ETV Bharat / bharat

8 বজাৰ পৰা আৰম্ভ মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 7:57 AM IST

Updated : Dec 4, 2023, 8:38 AM IST

Mizoram Assembly ELection 2023
মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা

আজি 8 বজাৰ পৰা আৰম্ভ হৈছে মিজোৰাম বিধানসভা নিৰ্বাচন 2023 ৰ ভোটগণনা । ৰাজ্যত শান্তিপূৰ্ণভাৱে ভোট গণনা সম্পন্ন হোৱাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে ব্যাপক নিৰাপত্তা ব্যৱস্থা ।

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ: মিজোৰাম বিধানসভা নিৰ্বাচন 2023 ৰ ভোটগণনা সোমবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হয় । ভোটগণনাৰ সম্পূৰ্ণ প্ৰস্তুতি নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰিছে । গণনা কেন্দ্ৰৰ বাহিৰত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । দেওবাৰে ভোটগণনা হ’ব লাগিছিল যদিও জনসাধাৰণৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰলৈ পিছুৱাই দিয়া হয় এই ভোটগণনা ।

উল্লেখ্য যে, ৰাজ্যখনৰ বহু দলে দেওবাৰে ভোটগণনা নকৰিবলৈ অনুৰোধ জনাইছিল । উক্ত দলসমূহে দেওবাৰে খ্ৰীষ্টানসকলে ধৰ্মীয় কাৰ্যসূচী আয়োজন কৰে, সেয়েহে দেওবাৰে গণনা কৰিলে জনসাধাৰণৰ সমস্যা হ’ব পাৰে বুলি উল্লেখ কৰিছিল । এই দাবীৰ পিছত নিৰ্বাচন আয়োগে ভোটগণনা এদিন পিছুৱাই দিয়ে ।

মিজোৰামত মুঠ 40 খন বিধানসভাৰ আসন আছে আৰু সোমবাৰৰ দিনটোত মুঠ 174 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । যোৱা 7 নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ । ইয়াত চৰকাৰৰ কাৰ্যকাল 17 ডিচেম্বৰত শেষ হ’ব । বৰ্তমান জোৰামথাংগাৰ মিজো নেশ্যনেল ফ্ৰন্টে ৰাজ্যখনত ক্ষমতাত আছে ।

এগজিট প’লৰ মতে ৰাজ্যখনৰ চৰকাৰ সলনি হ’ব পাৰে ৷ একে সময়তে একাংশ এগজিট প’লৰ মতে ইয়াত ওলোমা চৰকাৰৰ সম্ভাৱনীতা প্ৰকাশ কৰিছে ৷ শাসকীয় এম এন এফৰ জোৰামথাংগাই ক্ষমতা পুনৰ তেওঁৰ হাততেই থাকিব বুলি দাবী কৰিছে । একে সময়তে প্ৰাক্তন আই পি এছ লালডুহোমাৰ নেতৃত্বত গঠিত হোৱা নতুন দল মিজোৰাম পিপ’লছ মুভমেণ্টেও বিজয়ী হ’ব বুলি দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, পূৰ্ব নিৰ্ধাৰিত অনুসৰি 3 ডিচেম্বৰৰ দিনা ছত্তীশগড়, তামিলনাডু, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হয় ৷

লগতে পঢ়ক: মিজোৰামত যি দলেই জিকিব বিজেপি তাৰেই লগত থাকিব: হিমন্ত বিশ্ব শৰ্মা

Last Updated :Dec 4, 2023, 8:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.