ETV Bharat / bharat

পুডুচেৰীত বিজেপিৰ দখলত ৰাজ্যসভাৰ প্ৰথমখন আসন

author img

By

Published : Sep 28, 2021, 1:17 PM IST

কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰথমগৰাকী ৰাজ্যসভাৰ সাংসদ লাভ কৰিছে ৷ এই বিজয় দলটোৰ সকলো সদস্যৰ বাবে যথেষ্ট গৌৰৱৰ বিষয় আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷

'Matter of immense pride,' PM Modi on BJP's first RS seat from Puducherry
পুডুচেৰীত বিজেপিৰ দখলত প্ৰথমখন ৰাজ্যসভাৰ আসন

নেশ্যনেল ডেস্ক, 28 ছেপ্তেম্বৰ : পুডুচেৰীৰ পৰা প্ৰথমগৰাকী ৰাজ্যসভাৰ সাংসদ লাভ কৰিলে বিজেপিয়ে ৷ এই জয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰি কয় যে, এই জয় দলটোৰ সকলো সদস্যৰ বাবে যথেষ্ট গৌৰৱৰ বিষয় ৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে AYUSH মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী এল মুৰুগানকো ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়, "এয়া দলৰ সকলো কৰ্মকৰ্তাৰ বাবে যথেষ্ট গৌৰৱৰ বিষয় যে দলটোৱে পুডুচেৰীৰ পৰা প্ৰথমগৰাকী বিজেপি ৰাজ্যসভাৰ সাংসদ হিচাপে এছ. চেলভাগনবথীক লাভ কৰিছে ৷ আমাৰ প্ৰতি পুডুচেৰীৰ জনসাধাৰণৰ বিশ্বাস যথেষ্ট আদৰণীয় ৷ আমি পুডুচেৰীৰ উন্নয়নৰ বাবে সদায় কাম কৰি যাম" ৷

  • Congratulations to my Ministerial colleagues, Shri @sarbanandsonwal Ji and Shri @Murugan_MoS Ji on being elected to the Rajya Sabha from Assam and Madhya Pradesh respectively. I am confident that they will enrich Parliamentary proceedings and further our agenda of public good.

    — Narendra Modi (@narendramodi) September 28, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, এছ. চেলভাগনবথীয়ে পুডুচেৰীৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনত সোমবাৰে জয়লাভ কৰে ৷ কেন্দ্ৰীয় শাসিত অঞ্চলটোত AINRC ৰ সৈতে মিত্ৰজোঁটত চৰকাৰ গঠন কৰিছে বিজেপিয়ে ৷ প্ৰধানমন্ত্ৰীয়ে লগতে টুইট কৰে যে, "মোৰ সহকৰ্মী মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জী আৰু এল মুৰুগান জীক অসম আৰু মধ্য প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক শুভেচ্ছা ৷ মই নিশ্চিত যে, তেওঁলোকে সংসদীয়া কাৰ্যক্ৰমসমূহ সমৃদ্ধ কৰিব আৰু আমাৰ ৰাজহুৱা হিতৰ কাৰ্যসূচীসমূহ আগুৱাই নিব" ৷

সোমবাৰে অসমৰ পৰা একমাত্ৰ ৰাজ্যসভাৰ আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে সৰ্বানন্দ সোণোৱালে ৷ একেদৰে মধ্য প্ৰদেশৰ পৰাও বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে এল মুৰুগানে ৷ ইয়াৰ উপৰিও পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় সদ্য কংগ্ৰেছ ত্যাগী তৃণমূলৰ নেত্ৰী সুস্মিতা দেৱ ৷

লগতে পঢ়ক : বলিজৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীক সাক্ষাৎ এছ জয়শংকৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.