ETV Bharat / bharat

বলিজৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীক সাক্ষাৎ এছ জয়শংকৰৰ

author img

By

Published : Sep 28, 2021, 12:47 PM IST

বৈদেশিক মন্ত্ৰী হিচাপে প্ৰথমটো বিদেশ ভ্ৰমণ এছ জয়শংকৰৰ ৷ মেক্সিকোৰ 200 তম স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উপস্থিত বৈদেশিক মন্ত্ৰীগৰাকী ৷

Jaishankar meets Belizean PM, FM, appreciates their warm words on Vaccine Maitri
বলিজৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীক সাক্ষাৎ এছ. জয়শংকৰৰ

নেশ্যনেল ডেস্ক, 28 ছেপ্তেম্বৰ : সোমবাৰে মেক্সিকোৰ 200 তম স্বাধীনতা উপলক্ষে বলিজৰ প্ৰধানমন্ত্ৰী জনী ব্ৰিকেন’ আৰু বৈদেশিক মন্ত্ৰী ইমন কোৰ্টনেক সাক্ষাৎ কৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৷ ভাৰতৰ ‘ভেকচিন মৈত্ৰী’ সন্দৰ্ভত তেওঁলোকৰ উষ্ম প্ৰসংশাক আদৰণি জনায় বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৷ টুইটযোগে তেওঁ এই সাক্ষাৎ সন্দৰ্ভত লিখে "Pleased to meet PM JohnBrind FM Eamon Courtenay of Belize. Appreciated their warm words on our vaccine maitri".

‘ভেকচিন মৈত্ৰী’ হ’ল ভাৰতৰ দ্বাৰা গ্ৰহণ কৰা এক মানৱীয় পদক্ষেপ ৷ ভাৰতে দেশত প্ৰস্তুত কৰা ক’ভিড 19 ভেকচিনসমূহ বিশ্বৰ বিভিন্ন দেশত বিতৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ 2021 চনৰ 20 জানুৱাৰীৰ পৰাই ভাৰত চৰকাৰে অন্য ৰাষ্ট্ৰসমূহক ভেকচিনৰ যোগান ধৰি আহিছে ৷

যোৱা সপ্তাহত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডব্যই ঘোষণা কৰিছিল যে, চলিত বৰ্ষৰ চতুৰ্থাংশত ভাৰত চৰকাৰে ‘ভেকচিন মৈত্ৰী’ পুনৰ আৰম্ভ কৰিব ৷ ইয়াৰ উপৰিও ই Covax ৰ অধীনত দায়িত্বসমূহো পূৰণ কৰিব ৷

উল্লেখ্য যে, ভাৰতৰ বৈদেশীক মন্ত্ৰী এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসমূচীৰে মেক্সিকোত উপস্থিত হৈছে ৷ তেওঁ আন কেইবাগৰাকীও দেশৰ নেতাসকলৰ সৈতে মেক্সিকোৰ 200 তম স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ বৈদেশিক মন্ত্ৰী হিচাপে এইটোৱেই তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ ৷

লগতে পঢ়ক : ভাৰতত দ্ৰুতগতিত চলিছে ক’ভিড 19 ৰ প্ৰতিষেধক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.