ETV Bharat / bharat

Maruti Suzuki car: দুৰ্গা পূজাত অতি কম খৰচতে ক্ৰয় কৰক এইখন Family Car

author img

By

Published : Sep 25, 2022, 6:48 PM IST

Maruti brings cheapest family car ertiga in new look
দুৰ্গা পূজাত অতি কম খৰচতে ক্ৰয় কৰক এইখন Family Car

মাৰুতি ছুজুকী আৰটিগা ভাৰতৰ আটাইকৈ বেছি বিক্ৰী হোৱা মাল্টিপাৰপাছ গাড়ীসমূহৰ ভিতৰত এখন । এই গাড়ীখন বিদেশৰ বজাৰতো খুবেই জনপ্ৰিয় । সম্প্ৰতি ছুবুকীয়ে বিশ্বৰ বজাৰত তেওঁলোকৰ আপডেটেড ২০২৩ আৰ্টিগা মডেল লঞ্চ কৰাৰ কথা ঘোষণা কৰিছে । নতুন মডেলৰ এই গাড়ীখন ভাৰততে তৈয়াৰ কৰা হৈছে ।

নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ: মাৰুতি ছুজুকী আৰটিগা(Maruti Suzuki Ertiga) ভাৰতৰ আটাইকৈ বেছি বিক্ৰী হোৱা মাল্টিপাৰপাছ গাড়ীসমূহৰ ভিতৰত এখন । এই গাড়ীখন বিদেশৰ বজাৰতো খুবেই জনপ্ৰিয় । সম্প্ৰতি ছুজুকীয়ে বিশ্বৰ বজাৰত তেওঁলোকৰ আপডেটেত ২০২৩ আৰ্টিগা মডেল লঞ্চ কৰাৰ কথা ঘোষণা কৰিছে । নতুন মডেলৰ এই গাড়ীখন ভাৰততে তৈয়াৰ কৰা হৈছে(Maruti brings cheapest family car Ertiga in new look) ।

২০২৩ৰ ছুজুকী আৰ্টিগা(Maruti Suzuki Ertiga) গাড়ীখন সম্প্ৰতি ফিলিপাইন ইণ্টাৰনেচনেল মটৰ শ্ব’ত প্ৰদৰ্শন কৰা হৈছে । ষ্টাইলৰ ফালৰ পৰা দেখিবলৈ নতুন মডেলৰ গাড়ীখন বহু পৰিমাণে এমপিবি ভাৰত–স্পেকৰ মডেলৰ দৰেই । কিন্তু ইয়াৰ মাজত সৰু সৰু কিছুমান পৰিৱৰ্তন কৰা হৈছে । নতুন মডেলৰ এই গাড়ীখনত লেফ্ট হেণ্ড ড্ৰাইফ ছেটআপ, এটা বিকল্প বডী কিট আৰু নতুন এলয় হুইল ব্যৱহাৰ কৰা হৈছে ।

২০২৩ ছুজুকী আৰ্টিগা গাড়ীখনত কিছু অতিৰিক্ত ফিচাৰ সংলগ্ন কৰা হৈছে । ভাৰত–স্পেক মাৰুতি ছুজুকী আৰ্টিগাত ৭.০ ইঞ্চিৰ স্মাৰ্ত প্লে প্ৰো টাচস্ক্ৰীণ ইনফোটেইনমেণ্ট ছিষ্টেম ব্যৱহাৰ কৰা হৈছে । কিন্তু ৰপ্তানি কৰা ২০২৩ ছুজুকী আৰ্টিগা গাড়ীত ৯.০ ইঞ্চিৰ ডাঙৰ ইউনিট ব্যৱহাৰ কৰা হৈছে ।

২০২৩ ছুজুকী আৰ্টিগা গাড়ীত এনড্ৰইড অটো, এপল কাৰ প্লে আৰু ছুজুকী কানেক্টেড কাৰ টেকনিক ব্যৱহাৰ কৰা হৈছে । ইয়াৰ উপৰি ২০২৩ ছুজুকী আৰ্টিগা গাড়ীখনত ৩৬০ ডিগ্ৰী কেমেৰা ব্যৱহাৰ কৰা হৈছে । ইয়াৰ উপৰি ২০২৩ ছুজুকী আৰ্টিগা গাড়ীখনত ভাৰত–স্পেক মডেলৰ কিছু হাইটেক ফিচাৰ ব্যৱহাৰ কৰা হৈছে ।

ভাৰত–স্পেক মাৰুতি ছুজুকী আৰ্টিগা গাড়ীত কে১৫চিৰ ১.৫ লিটাৰৰ নেচাৰেল এষ্টিমেডেট পেট্ৰ’ল ব্যৱহাৰ কৰা হয়। কিন্তু ২০২৩ ছুজুকী আৰ্টিগা গাড়ীত পুৰণি কে১৫বি মটৰ ব্যৱহাৰ কৰা হৈছে । ভাৰত–স্পেক মাৰুতী ছুজুকী আৰ্টিগা গাড়ী আৰু ২০২৩ ছুজুকী আৰ্টিগা গাড়ীত বেছ কিছু সালসলনি আছে । ইয়াৰ উপৰি ২০২৩ ছুজুকী আৰ্টিগা গাড়ীত কিছু নতুন ফিচাৰ ব্যৱহাৰ কৰা হৈছে ।

২০২৩ ছুকুৰী আৰ্টিগা গাড়ীত ৫ স্পীড মেনুৱেল গিয়েৰবক্স পেডেল ছিফটাৰৰ সৈতে ৬ স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক ট্ৰান্সমিচন ব্যৱহাৰ কৰা হৈছে। বৰ্তমান ভাৰতত মাৰুতী ছুজুকী আৰ্টিগা গাড়ীৰ দাম ৮.৪১ লাখ টকাৰ পৰা আৰম্ভ হৈ ১২.৭৯ লাখ টকাৰ ভিতৰত । কিন্তু ২০২৩ ছুজুকী আৰ্টিগা গাড়ীৰ দাম কিমান হ’ব সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই । কোম্পানীৰ ফালৰ পৰা ২০২৩ ছুজুকী আৰ্টিগা গাড়ীৰ মডেলখন কেৱল প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ উপৰি জানিব পৰা মতে, ২০২৩ ছুজুকী আৰ্টিগা গাড়ী ভাৰততে তৈয়াৰ কৰি বিদেশৰ বজাৰলৈ ৰপ্তানি কৰা হ’ব ।

লগতে পঢ়ক: Tata group big announcement: সাতটা মেটেল কোম্পানীৰ সৈতে টাটা গ্ৰুপৰ একত্ৰীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.