ETV Bharat / bharat

Mamata Banerjee on NRC: ঈদৰ দিনাই পুনৰ বিজেপিক প্ৰত্যাহ্বান মমতা বেনাৰ্জীৰ

author img

By

Published : Apr 22, 2023, 1:34 PM IST

পশ্চিমবংগৰ ৰেড ৰোডৰ এক ঈদৰ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ (Mamata Banerjee attends Eid celebrations)। ইছলাম ধৰ্মী লোকসকলক পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিশেষ প্ৰতিশ্ৰুতি দিয়ে । ৰাইজক আশ্বাস দি তেওঁ কয় যে কোনো কাৰণতে বিজেপিয়ে পশ্চিমবংগত এনআৰচি কাৰ্যকৰী কৰিব নোৱাৰে ।

Mamata Banerjee on NRC
ঈদৰ দিনাই পুনৰ বিজেপিক প্ৰত্যাহ্বান মমতা বেনাৰ্জীৰ

নেশ্যনেল ডেস্ক,২২ এপ্ৰিল: "মই মোৰ জীৱন উছৰ্গা কৰিম, কিন্তু দেশক বিভক্ত হ'বলৈ নিদিও"। পবিত্ৰ ঈদৰ দিনাই এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । ঈদৰ নামাজত অংশ লৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এনআৰচি প্ৰসংগত পুনৰ কেন্দ্ৰীয় চৰকাৰক সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ (Mamata Banerjee on NRC)।

আজি বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ (Eid al Fitr Celebration)। পশ্চিমবংগত পবিত্ৰ ঈদৰ নামাজত অংশগ্ৰহণ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । তেওঁৰ সৈতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীও উপস্থিত থাকে । টিএমচি মুৰব্বীয়ে উপস্থিত সকলোকে আৰু ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে । ঈদৰ দিনটোতে মমতা বেনাৰ্জীয়ে পুনৰ এনআৰচিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ দাবী কৰা মতে ৰাজ্যখনত কোনো কাৰণতে এনআৰচি কাৰ্যকৰী কৰিবলৈ দিয়া নহ'ব ।

বিজেপি দলক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে তেওঁ মৰিবলৈ সাজু কিন্তু গেৰুৱা দলটোক ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) কাৰ্যকৰী কৰিবলৈ নিদিয়ে । কলকাতাৰ ৰেড ৰোডৰ ঈদ উপলক্ষে ভাষণ প্ৰদান কৰি মমতাই অভিযোগ কৰে যে বিজেপিয়ে দেশৰ সংবিধান সলনি কৰিবলৈ চেষ্টা কৰি আছে আৰু দেশক বিভাজন কৰিবলৈ ঘৃণাৰ ৰাজনীতিৰ আশ্ৰয় লৈছে (Mamata Banerjee slams BJP)।

যোৱা পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিয়ে এন আৰ চিক এক মুখ্য ৰাজনৈতিক অস্ত্ৰ হিচাবে গঢ়ি তুলিছিল । বহুতে এন আৰ চিৰ ফলস্বৰূপে গেৰুৱা দলটোক তেওঁলোকৰ 'অবৈধ মুছলমান লোকক আঁতৰ কৰা'ৰ দৰে সাম্প্ৰদায়িক মন্তব্যক সমালোচনা কৰিছিল । সেয়ে সংখ্যালঘু লোকসকলক সাহসেৰে প্ৰতিটো বিপদৰ সন্মুখীন হ'বলৈ তেওঁ আহ্বান জনায় (Politics over NRC)।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কয় যে পশ্চিমবংগৰ ৰাইজে শান্তি বিচাৰে । ইয়াৰ ৰাইজে হিংসা নিবিচাৰে । ৰাম নৱমীৰ সময়ত ৰাজ্যখনত সংঘটিত সংঘৰ্ষৰ কথা উল্লেখ কৰি তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

বিজেপিক আক্ৰমণ কৰি তেওঁ কয় যে মুছলমান ভোট বিভাজন কৰাৰ সাহস বিজেপিৰ নাই । বিজেপিক বিশ্বাসঘাতক আখ্যা দি তেওঁ কয় যে বিশ্বাসঘাতক দল আৰু সংস্থাসমূহৰ বিৰুদ্ধেও যুঁজ দিব লাগিব । তেওঁ লগতে কয় যে তেওঁ তেওঁলোকৰ সৈতে যুঁজ দিয়ে কাৰণ তেওঁৰ সাহস আছে । বিলকিছ বানু গোচৰত গুজৰাট চৰকাৰে ১১ গৰাকী দোষীক ৰেহাই দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেই গোচৰত সকলোকে মুক্তি দিয়া হৈছে (Mamata Banerjee on Bilkis Bano case)। কিন্তু তেওঁ এই সকলোবোৰ সহ্য নকৰে । ইয়াৰ বিৰুদ্ধে তেওঁ যুঁজ দিব আৰু জয়ী হ'ব ।

লগতে পঢ়ক :Death threat letter to PM: প্ৰধানমন্ত্ৰীক মৃত্যুৰ ভাবুকি পত্ৰ ; কেৰালাত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.