ETV Bharat / bharat

National Drug Destruction Day 2023: ড্ৰাগছ নিৰ্মূলকৰণৰ ক্ষেত্ৰত এক প্ৰচেষ্টা

author img

By

Published : Jun 8, 2023, 8:30 AM IST

আজি সমগ্ৰ দেশতে ড্ৰাগছ নিৰ্মূলকৰণ দিৱস পালন কৰা হৈছে । 2022 চনৰ পৰা এই দিৱসৰ আৰম্ভণি হৈছিল । কিন্তু ইমান চেষ্টাৰ পিচতো দেশ আৰু বিশ্বত এতিয়াও মানুহ ড্ৰাগছ আসক্তিৰ বলি হৈ আছে । ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানো আহক-

Let's learn why National Drug Destruction Day is celebrated
ড্ৰাগছৰ নিৰ্মূলকৰণৰ ক্ষেত্ৰত এক প্ৰচেষ্টা

২০২২ চনৰ আজিৰ দিনটোতে পোন প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশতে ড্ৰাগছ নিৰ্মূলকৰণ দিৱস হিচাপে পালন কৰা হৈছিল ৷ আজিৰ দিনটোতে দেশৰ ১৪টা স্থানত ৪২ হাজাৰ কেজি মাদক দ্ৰব্য ধ্বংস কৰা হৈছিল ৷ এই অভিযানত উপস্থিত আছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ (Finance Minister Nirmala Sitharaman)৷

আপোনালোকক জনাই দিও যে, ড্ৰাগছ ধ্বংস দিৱস 'আজাদী কা অমৃত মহোৎসৱ' উদযাপনৰ এক অংশ আছিল । এই অনুষ্ঠান গুৱাহাটী, লক্ষ্ণৌ, মুম্বাই, মুন্দ্ৰা/কণ্ডলা, পাটনা আৰু শিলিগুৰিত অনুষ্ঠিত কৰা হৈছিল (National drug destruction day 2023 India)। তেতিয়াৰ পৰাই ২০২২ চনৰ ৮ জুন তাৰিখে ড্ৰাগছ নিৰ্মূলকৰণ দিৱস পালন কৰা হয় ৷ উল্লেখ্য যে এই অনুষ্ঠানৰ সময়ত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰ্চুৱেলি উপস্থিত থাকি এই অনুষ্ঠানত আগভাগ লয় । সেয়ে ড্ৰাগছ ধ্বংস দিৱস উপলক্ষে আহক জানো ড্ৰাগছ আসক্তিৰ পৰা কেনেকৈ মুক্তি পাব পাৰি-

ড্ৰাগছ আসক্তিৰ পৰা মুক্তি পাবলৈ ভাৰতত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ড্ৰাগছ নিৰ্মূলকৰণ দিৱস পালন কৰা হয় । এই দিৱসৰ উদ্দেশ্য হৈছে মানুহক ড্ৰাগছ আসক্তিৰ বিষয়ে সজাগ কৰা (National drug destruction day 2023 theme)।

নিচাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি

নিচাৰ পৰা মুক্তি পাবলৈ নিজকে অন্য কামত ব্যস্ত ৰাখক(How to get rid of addiction), কাৰণ এনে কৰিলে আপোনাৰ মনটো আন ঠাইত নিয়োজিত হৈ পৰিব আৰু আপুনি ড্ৰাগছ সেৱনৰ কথা মনলৈ নানে (National drug destruction day Significance)।

বিকল্পও সহায় কৰিব পাৰে

নিচাৰ পৰা মুক্তি পাবলৈ ইয়াৰ অন্য বিকল্প বাচনি কৰক । উদাহৰণস্বৰূপে, যদি আপুনি গুটখা বা ধঁপাত সেৱন কৰে, তেন্তে ইয়াৰ ঠাইত ইলাচি বা ছফৰ (Fennel) ব্যৱহাৰ কৰিব লাগে । কফি মদ্যপানৰ বিকল্পও হ’ব পাৰে (National drug destruction day 2023)।

হোমিঅ’পেথীৰ ঔষধৰ সহায়ত

মদ্যপানৰ পৰা মুক্তি পাবলৈ হোমিঅ’পেথীৰ ঔষধো উপলব্ধ, এই ঔষধৰ কোনো পাৰ্শ্বক্ৰিয়া নাই । কিন্তু এই ঔষধবোৰ কেৱল চিকিৎসকৰ পৰামৰ্শ মতেহে গ্ৰহণ কৰাটো উচিত ।

ড্ৰাগছ পৰামৰ্শদাতাৰ পৰা সহায় লওক

নিচাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসক বা পৰামৰ্শদাতাৰ সহায় লোৱাটোও উচিত ।

ড্ৰাগছ বিক্ৰী হোৱা ঠাইৰ পৰা দূৰত্ব বজাই ৰাখিও নিজকে ড্ৰাগছৰ পৰা আঁতৰাই ৰাখিব পাৰি । নিচা এৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিজক মানসিকভাৱে প্ৰস্তুত কৰা । কাৰণ যেতিয়ালৈকে আপুনি নিচাক ত্যাগ নকৰে তেতিয়ালৈকে এনেধৰণৰ মাৰাত্মক সামগ্ৰীৰ কৰালগ্ৰাসৰ পৰা নিজকে কেতিয়াও আঁতৰাই আনিব নোৱাৰে ৷

লগতে পঢ়ক: Japanese diet: কেৱল স্বাস্থ্যৰ বাবেই নহয় সৌন্দৰ্যতা বৃদ্ধি কৰাটো লাভদায়ক জাপানীজ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.