ETV Bharat / bharat

Take people of Manipur in confidence: মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে বিৰোধীক আগুৱাই অহাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Aug 11, 2023, 7:27 AM IST

people of Manipur
PM Modi appeals to Opposition

লোকসভাত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে বিৰোধী পক্ষই উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ বৃহস্পতিবাৰে অৱসান ঘটে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীক সদনত এই প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দিয়ে ৷ মণিপুৰ হিংসাৰ সুবিধা লৈ ৰাজনীতি কৰাৰ পৰিৱৰ্তে শান্তি প্ৰতিষ্ঠাৰ বাবে আগুৱাই আহিবলৈ বিৰোধীক আহ্বান প্ৰধানমন্ত্ৰীৰ ৷

নিউজ ডেস্ক, 11 আগষ্ট: বৃহস্পতিবাৰে লোকসভাৰ মজিয়াত অনাস্থা প্ৰস্তাৱৰ বিষয়ত দিয়া ভাষণৰ মাজতে মণিপুৰবাসীৰ মনত বিশ্বাস বৃদ্ধি কৰিবলৈ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো বিৰোধী দলকে সামুহিকভাৱে জড়িত হ’বলৈ অনুৰোধ জনায় ৷ তেওঁ লগতে উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰিস্থিতিৰ অৱনতি ঘটাই ৰাজনৈতিক অভিসিদ্ধি পূৰণৰ চেষ্টা নকৰিবলৈও বিৰোধী দলবোৰক আহ্বান জনাইছে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, মণিপুৰত শান্তি প্ৰতিষ্ঠা আৰু স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে বিৰোধীয়ে ঐক্যবদ্ধভাৱে কাম কৰা উচিত ৷

‘‘মই সকলো সাংসদকে এই সময়খিনিৰ মূল্য অনুধাৱন কৰিবলৈ অনুৰোধ কৰিছো ৷ আহক আৰু একেলগে কাম কৰক ৷ এইখন দেশত পূৰ্বে ইয়াতকৈও অধিক গম্ভীৰ ঘটনা সংঘটিত হৈছিল ৷ কিন্তু আমি ঐক্যবদ্ধভাৱে কাম কৰাৰ এটা পথ বিচাৰি পাইছিলোঁ ৷ আহক একেলগে মণিপুৰবাসীৰ আত্মবিশ্বাস জগাই তোলো ৷ ৰাজনীতি কৰিবলৈ মণিপুৰ হিংসাৰ সুবিধা ল’ব নালাগে ৷’’ প্ৰধানমন্ত্ৰীয়ে কয় ৷

‘‘মণিপুৰত সংঘটিত এই হিংসাৰ ঘটনা দুৰ্ভাগ্যজনক ৷ তেওঁলোকৰ কষ্ট অনুধাৱন কৰক আৰু সেয়া নিৰাময়ৰ বাবে কাম কৰক ৷ এইটোৱেই আমাৰ একমাত্ৰ উপায় ৷’’ সদনত বৃহস্পতিবাৰে ভাষণৰ সামৰণি মৰা ঠিক আগে আগে সকলো সাংসদলৈ এইদৰে আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে হিংসাজৰ্জৰ মণিপুৰৰ জনতাক আশ্বাস দিয়ে যে অতিসোনকালে ৰাজ্যখনলৈ শান্তি ঘূৰি আহিব ৷ দোষীক শাস্তি দিবৰ বাবে চৰকাৰে সাম্ভাব্য সকলোখিনি কৰিছে ৷

‘‘সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছে, এই সদন আপোনালোকৰ সৈতে আছে ৷ আমি একেলগে এই প্ৰত্যাহ্বান নেওচিবলৈ উপায় উলিয়াম ৷ অতিশীঘ্ৰেই তাত শান্তি বিৰাজমান হ’ব ৷ মই মণিপুৰৰ ৰাইজক নিশ্চয়তা প্ৰদান কৰিছোঁ যে ৰাজ্যখন পুনৰ উন্নয়নৰ সাক্ষী হ’ব ৷’’ প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় ৷

তেওঁ লগতে এই কথাও উল্লেখ কৰে যে মহিলাৰ বিৰুদ্ধে ৰাজ্যখনত যি গুৰুতৰ অপৰাধ সংঘটিত হৈছে, সেয়া ক্ষমাৰ অযোগ্য ৷

‘‘কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নাৰীজনিত অপৰাধ সংঘটিত কৰা অপৰাধীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে যথাসাধ্য চেষ্টা কৰিছে ৷ মই দেশবাসীক আশ্বাস দিছোঁ, শান্তি পুনৰ প্ৰতিষ্ঠা হ’ব আৰু মণিপুৰে নতুন আত্মবিশ্বাসেৰে আগবাঢ়িব ৷’’ মোদীয়ে লগতে কয় ৷

লগতে পঢ়ক: PM Modi slams Cong: উত্তৰ-পূবৰ সকলো সমস্যাৰ মাতৃ কংগ্ৰেছ; প্ৰধানমন্ত্ৰী

অনাস্থা প্ৰস্তাৱ বিতৰ্কৰ প্ৰত্যুত্তৰ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘যদি এই প্ৰস্তাৱ অনা নহ’ল হেতেন, তেন্তে আমি (চৰকাৰে) ইমানখিনি কথা ক’ব নোৱাৰিলোঁ হেতেন ৷’’ ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেন্টেল ইনক্লুচিভ এলায়েন্সৰ সাংসদসকলে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে অনাস্থা প্ৰস্তাৱৰ উত্তৰ দি থকা অৱস্থাতে সদন ত্যাগ কৰে ৷

অৱশ্যে লোকসভাত অনাস্থা প্ৰস্তাৱ বিফল হয় ৷ এন ডি এ মিত্ৰশক্তিয়ে ধ্বনি ভোটৰ দ্বাৰা লোকসভাত এই অনাস্থা প্ৰস্তাৱ অতি সহজেই বিফল কৰিবলৈ সক্ষম হয় ৷ তিনিদিনীয়া এই অনাস্থা বিতৰ্কৰ কালত মণিপুৰ তথা আন কেইবাটাও চৰ্চিত বিষয়ক লৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ হোৱা দেখা যায় ৷

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সদনত অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দিয়ে ৷ ভাষণৰ মাজত বাৰে বাৰে কংগ্ৰেছক এই অনাস্থা প্ৰস্তাৱৰ বাবে সমালোচনাৰ লক্ষ্য হিচাপে লয় মোদীয়ে ৷ তেওঁ কয় যে কংগ্ৰেছৰ ওপৰত আস্থা নাই সমগ্ৰ দেশৰ ৷

‘‘ভাৰতৰ জনতাৰ কংগ্ৰেছৰ ওপৰত কোনো আস্থা নাই ৷ অংকাৰৰ বাবে তেওঁলোকে বাস্তৱটো দেখা পোৱা নাই ৷ তামিলনাডুত 1962 ত তেওঁলোক জয়ী হৈছিল আৰু তেতিয়াৰ পৰা তামিলনাডুৰ জনতাই ‘No Congress’ বুলি কৈ আহিছে ৷ পশ্চিমবংগত 1972 চনত কংগ্ৰেছ জয়ী হৈছিল ৷ তাতো জনসাধাৰণে ‘No Congress’ বুলি দাবী কৰি আহিছে ৷ উত্তৰ প্ৰদেশ, বিহাৰ আৰু গুজৰাটত তেওঁলোক 1985 চনত জয়ী হৈছিল ৷ এইকেইখন ৰাজ্যৰ জনতায়ো কৈ আহিছে ‘No Congress’ ৷’’ প্ৰধামন্ত্ৰীয়ে কয় ৷

যেতিয়া প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণ আৰম্ভ কৰে, তেওঁ কয় যে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাতো ভগৱানৰ আশীৰ্বাদ ৷ ‘‘ভগৱান অতি সদয় আৰু কিছুমান মাধ্যমেৰে তেওঁ সেয়া ব্যক্ত কৰে ৷ মই বিশ্বাস কৰোঁ যে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাতো ভাগৱানৰে আশীৰ্বাদ ৷ 2018 চনত উত্থাপিত অনাস্থা প্ৰস্তাৱৰ সময়তে মই কৈছিলোঁ এয়া আমাৰ বাবে অনাস্থা প্ৰস্তাৱ নহয়, এয়া তেওঁলোকৰ বাবেহে অনাস্থা প্ৰস্তাৱ ৷ ইয়াৰ ফলাফল স্বৰূপে তেওঁলোক নিৰ্বাচনত পৰাস্ত হ’ল ৷’’ মোদীয়ে কয় ৷

লগতে পঢ়ক: PM Modi in Parliament: বিৰোধীৰ আক্ৰমণ দেশৰ উন্নয়নৰ বাবে আশীৰ্বাদ; মোক গালি দি আহিছে, কিন্তু মই উন্নতি কৰি আছোঁ; প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.