ETV Bharat / bharat

PM Modi slams Cong: উত্তৰ-পূবৰ সকলো সমস্যাৰ মাতৃ কংগ্ৰেছ; প্ৰধানমন্ত্ৰী

author img

By

Published : Aug 10, 2023, 10:39 PM IST

সদনত বিৰোধীক তীব্ৰ আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ ৷ মণিপুৰী আৰু মিজোসকলৰ হত্যাত ইন্দিৰা গান্ধীৰ হাত থকাৰ অভিযোগ মোদীৰ ৷ ‘‘উত্তৰ-পূব মোৰ হৃদয়ত আছে’’- প্ৰধানমন্ত্ৰী ৷

PM Modi slams Cong
PM Modi slams Cong

নেশ্যনেল, 10 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সদনত অনাস্থা প্ৰস্তাৱৰ ওপৰত বক্তব্য ৰাখি কংগ্ৰেছক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শাসনকালত উত্তৰ-পূবত মণিপুৰী আৰু মিজোসকলৰ হত্যাত ইন্দিৰা গান্ধীৰ হাত থকাৰ অভিযোগ উত্থাপন কৰি এয়া ‘অতীতৰ ৰক্তক্ষয়ী ইতিহাস’ বুলি উল্লেখ কৰে ৷

তেওঁ কয়,‘‘মই সুধিব বিচাৰোঁ 1966 চনত কোনে মিজোসকলক হত্যা কৰাৰ নিৰ্দেশ দিছিল ? সেয়া আছিল তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী যিয়ে নিৰীহ মিজোসকলক হত্যা কৰাৰ নিৰ্দেশ দিছিল ৷ একেটা দলে মণিপুৰত সংঘটিত হিংসাৰ বাবে মোৰ পৰা কেনেকৈ দায়বদ্ধতা বিচাৰিব পাৰে, য'ত একেটা দলেই পূৰ্বে অস্থিৰতাৰ বীজ ৰোপণ কৰিছিল ?’’

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কংগ্ৰেছে সদায় উত্তৰ-পূৰ্বাঞ্চলৰ নিৰীহ লোকসকলৰ অনুভূতিৰ সৈতে খেলি আহিছে ৷ তেওঁলোকে চিৰকাল ধৰি অৱহেলা কৰি আহিছে ৷ ‘‘ইয়াক ডিএনএ ত্ৰুটি বুলি কওক ৷ ইতিহাসে কংগ্ৰেছে উত্তৰ-পূবৰ প্ৰতি কি কৰিছিল তাৰ সাক্ষ্য বহন কৰে ৷ যাৰ বাবে যুৱক-যুৱতীসকলে অস্ত্ৰ হাতত তুলি লৈছিল । এইটো তেওঁলোকৰ দোষ নাছিল ৷ কিয়নো যুৱক-যুৱতীসকল কংগ্ৰেছৰ ভুল নীতি আৰু দশকজোৰা অৱহেলাৰ দ্বাৰা পৰিলচালিত হৈছিল,’’ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূব তেওঁৰ ‘হৃদয়’ত আছে ৷ এটা সময়ত বিদ্ৰোহীৰ দ্বাৰা উত্তৰ-পূব জৰ্জৰিত হৈছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে কংগ্ৰেছে অৱহেলা উত্তৰ-পূবৰ আন্তঃগাঁথনি উন্নত কৰা হৈছে ৷ উত্তৰ-পূবত এক বৃহৎ নেটৱৰ্ক নিৰ্মাণ কৰা হৈছে ৷

তেওঁ আৰু কয় যে কংগ্ৰেছৰ হৈছে উত্তৰ-পূবৰ সকলো সমস্যাৰ মাতৃ ৷ ‘‘যেতিয়া ইস্কন মন্দিৰত বোমা বিস্ফোৰণ কৰা হৈছিল আৰু নেতাজীৰ মূৰ্তি মণিপুৰত বোমাৰে উৰুৱাই দিয়া হৈছিল তেতিয়া কংগ্ৰেছে কি কৰিছিল ? মোক আক্ৰমণ কৰাৰ আগতে কংগ্ৰেছে প্ৰথমে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব,’’ মোদীয়ে কয় ৷

তেওঁ ‘মণিপুৰৰ গৌৰৱময় ইতিহাস’ৰ বিষয়েও উল্লেখ কৰি মণিপুৰ আজাদ হিন্দ ফৌজৰ স্বাধীনতা সংগ্ৰামৰ মঞ্চ আছিল বুলি কৰে ৷ ‘‘উত্তৰ-পূব মোৰ হৃদয়ত এক বিশেষ হিচাপে থাকিব আৰু এই স্থান সদায় দখল কৰি থাকিব । মোৰ চৰকাৰ ইয়াৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷ আমি আছিয়ান (ASEAN) দেশসমূহৰ সৈতে ব্যৱসায়ৰ বাবে ট্ৰেঞ্জিট হাব হিচাপে উত্তৰ-পূবৰ গুৰুত্ব বুজি পাইছো,’’ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ৷

লগতে পঢ়ক: No-confidence motion: ধ্বনি ভোটৰ দ্বাৰা লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ খাৰিজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.