ETV Bharat / bharat

No-confidence motion: ধ্বনি ভোটৰ দ্বাৰা লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ খাৰিজ

author img

By

Published : Aug 10, 2023, 9:30 PM IST

No-confidence motion
No-confidence motion

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰত লোকসভাত ভাষণ প্ৰদান কৰে ৷ প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাচতে ধ্বনি ভোটৰ দ্বাৰা এই অনাস্থা প্ৰস্তাৱ খাৰিজ কৰা হয় ৷

ধ্বনি ভোটৰ দ্বাৰা লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ খাৰিজ

নেশ্যনেল ডেস্ক, 10 আগষ্ট: বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী মোদীয়ে দি সমাপ্ত কৰাৰ পাচতে চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ ধ্বনি ভোটৰ জৰিয়তে লোকসভাত দৃঢ়ভাৱে পৰাজিত হয় ।

উল্লেখ্য যে বিৰোধীয়ে মণিপুৰ হিংসাৰ বিষয়টোক কেন্দ্ৰ কৰি চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল । অনাস্থা প্ৰস্তাৱ হৈছে লোকসভাত ‘প্ৰক্ৰিয়া আৰু ব্যৱসায় পৰিচালনা’ৰ (Rules of Procedure and Conduct of Business) নিয়ম 198-ৰ অধীনত লোকসভাত এজন সদস্যই উপস্থাপন কৰা এক আনুষ্ঠানিক প্ৰস্তাৱ । মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ ২৬ জুলাইত উত্থাপন কৰা হৈছিল ৷ এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷

লোকসভাত বক্তব্য প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে হাস্যৰসাত্মকভাৱে উল্লেখ কৰে যে অনাস্থা প্ৰস্তাৱটো বিজেপি-এন ডি এ চৰকাৰৰ বাবে অতি সৌভাগ্যশালী আছিল ৷ তেওঁ কয় যে 2024 নিৰ্বাচনত বিজয়ৰ ব্যৱধান অধিক হ'ব ৷

মঙলবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে এই প্ৰস্তাৱৰ ওপৰত বিতৰ্ক আৰম্ভ কৰিছিল । অৱশ্যে, এই বিতৰ্কটো বিৰোধী আৰু চৰকাৰৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ বিষয় হৈ পৰে ৷ 2 জুলাইত বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পিচৰে পৰা সংসদত বহুবাৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে বিৰোধীয়ে সদন ত্যাগ কৰে ৷

স্মৰ্তব্য যে 2018ত নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে তেলেগু দেশম পাৰ্টিৰ শ্ৰীনিবাস কেছিনেনীয়ে এক অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল । প্ৰায় 11 ঘণ্টাৰ বিতৰ্কৰ পিচত, প্ৰস্তাৱটোৰ ওপৰত 2018 চনৰ 20 জুলাইত ভোটাদান কৰা হৈছিল । এই অনাস্থা প্ৰস্তাৱে 135 জন সাংসদৰ পৰা সমৰ্থন লাভ কৰিছিল, আনহাতে 330 জন সাংসদে ইয়াৰ বিৰোধিতা কৰিছিল ৷ যাৰ ফলত অৱশেষত প্ৰস্তাৱটো পৰাজিত হৈছিল ।

লগতে পঢ়ক: PM Modi in Parliament: বিৰোধীৰ আক্ৰমণ দেশৰ উন্নয়নৰ বাবে আশীৰ্বাদ; মোক গালি দি আহিছে, কিন্তু মই উন্নতি কৰি আছোঁ; প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.