ETV Bharat / bharat

PM Modi in Parliament: বিৰোধীৰ আক্ৰমণ দেশৰ উন্নয়নৰ বাবে আশীৰ্বাদ; মোক গালি দি আহিছে, কিন্তু মই উন্নতি কৰি আছোঁ; প্ৰধানমন্ত্ৰী

author img

By

Published : Aug 10, 2023, 8:05 PM IST

Etv Bharat
Etv Bharat

সদনত বিৰোধীক তীব্ৰ আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ অনাস্থা ভোটৰ সময়ত বিৰোধী প্ৰস্তুত নোহোৱাক লৈ কটাক্ষ কৰি কয় যে বিৰোধীয়ে যোৱা পাঁচ বছৰে প্ৰস্তুতি চলোৱা নাছিল । বিৰোধীৰ আক্ৰমণক আশীৰ্বাদ আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ ৷

নেশ্যনেল ডেস্ক, 10 আগষ্ট: লোকসভাত অনাস্থা প্ৰস্তাৱৰ উত্তৰ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদীয় কাৰ্যক্ৰমৰ প্ৰতি বিৰোধীৰ দৃষ্টিভংগীৰ তীব্ৰ সমালোচনা কৰে । বিশেষকৈ অনাস্থা ভোটৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সময়ত বিৰোধী প্ৰস্তুত নোহোৱাক লৈ সমালোচনাৰ লক্ষ্য কৰি লয় ৷

  • #WATCH | Prime Minister Narendra Modi says, "...In 2018, I gave them (Opposition) a work - bring No Confidence Motion in 2023 - and they followed my words. But I am sad. In 5 years, they should have done better. But there was no preparation, no innovation, no creativity...I will… pic.twitter.com/5gNGZ2OlP7

    — ANI (@ANI) August 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীৰ ‘ট্ৰেক ৰেকৰ্ড’ৰ ওপৰত তীব্ৰ আক্ৰমণ কৰি কয়, "বিৰোধীয়ে যোৱা পাঁচ বছৰে প্ৰস্তুতি চলোৱা নাছিল । মই তেওঁলোকক 2018 চনত কৈছিলো, কিন্তু 2023 চনত তেওঁলোক প্ৰস্তুত নহয় । মই আপোনালোকক পাঁচ বছৰ দিছিলো । বিৰোধীয়ে দেশৰ ভৱিষ্যতৰ প্ৰতি আগ্ৰহী নহয়, বৰঞ্চ তেওঁলোকে তেওঁলোকৰ নিজৰ দলৰ প্ৰতি আগ্ৰহী ৷’’

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘বিৰোধীয়ে যাকেই অভিশাপ দিব, তেওঁ জীৱনত সমৃদ্ধি লাভ কৰিব । বিৰোধীৰ এক 'গোপন শক্তি' আছে, তেওঁলোকে শেষ কৰিব বিচৰা যিকোনো ব্যক্তিয়ে আশীৰ্বাদ লাভ কৰে ৷ মই এটা জীৱন্ত উদাহৰণ । তেওঁলোকে যোৱা 20 বছৰ ধৰি মোক গালি দি আহিছে, কিন্তু মই উন্নতি কৰি আছোঁ ।’’

নিৰ্দিষ্ট উদাহৰণৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰী ‘এৰোস্পেচ ফাৰ্ম HAL আৰু লাইফ ইঞ্চিউৰেন্স কৰ্পোৰেচন (LIC)ৰ ওপৰত বিৰোধীৰ সমালোচনাৰ কথা উল্লেখ কৰে । তেওঁ উল্লেখ কৰে যে নেতিবাচক আলোচনাৰ পাচতো দুয়োটা প্ৰতিষ্ঠানে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে ।

লগতে বিৰোধীৰ দৃষ্টিভংগীক বালিত মূৰ পুতি থোৱা উটপখিৰ সৈতেও তুলনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ‘বিৰোধীৰ আক্ৰমণ দেশৰ উন্নয়নত ‘কালা তীকাৰ’ (কলা ফুট) দৰে,’’ তেওঁ বিৰোধীৰ বাক্যবাণক প্ৰগতিৰ এক অপৰিহাৰ্য উপাদান হিচাপে উল্লেখ কৰি এই মন্তব্য কৰে ৷ তেওঁ আৰু কয়, "বিৰোধীৰ প্ৰিয় শ্লোগান হৈছে ‘মোদী তেৰি কবৰ খৌদেগী’ (Modi, your grave will be dug) ৷ যোৱা তিনি দিনত বিৰোধীয়ে মোক কৰা আক্ৰমণৰ পৰা এটা টনিক প্ৰস্তুত কৰিছো ৷’’

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ আনুমানিক অৰ্থনৈতিক বিকাশৰ প্ৰতি বিৰোধীৰ সঁহাৰিত আচৰিত হৈ তেওঁ কয়, ‘‘কেইদিনমান আগতে মই কৈছিলো যে আমাৰ চৰকাৰৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'ব । এজন দায়িত্বশীল বিৰোধীয়ে যদি আমাৰ পৰিকল্পনাৰ বিষয়ে সুধিলেহেঁতেন বা আমাক কিছু পৰামৰ্শ দিব পাৰিলেহেঁতেন । কিন্তু তেওঁলোকে বিশ্বাস কৰে যে কোনো প্ৰচেষ্টা অবিহনেই দেশৰ উন্নয়ন হ’ব ।"

লগতে পঢ়ক: Article 370 Abrogation Case : অনুচ্ছেদ ৩৭০ কেতিয়াও বাতিল কৰিব নোৱাৰি বুলি কোৱাটো কঠিন; উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.