ETV Bharat / bharat

মিজোৰাম বিধানসভালৈ নিৰ্বাচিত সৰ্বকনিষ্ঠ বিধায়ক বেৰীল ৱান্নেইছাংগি কোন ?

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 7:36 PM IST

youngest MLA of Mizoram
MLA Baryl Vanneihsangi

মিজোৰাম বিধানসভা নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে তিনিগৰাকী মহিলা প্ৰাৰ্থী সদনলৈ নিৰ্বাচিত হৈছে ৷ তাৰে ভিতৰত সৰ্বাধিক চৰ্চা লাভ কৰিছে 32 বছৰীয়া বেৰীল ৱান্নেইছাংগিয়ে ৷ মিজোৰামৰ সৰ্বকনিষ্ঠ বিধায়ক হিচাপে পৰিগণিত বেৰীল ZPM ৰ প্ৰাৰ্থী ৷

নিউজ ডেস্ক, 5 ডিচেম্বৰ: সোমবাৰে ঘোষণা হ’ল 40 খন আসন বিশিষ্ট মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ শাসনৰ গাদী ধৰি ৰাখিবলৈ সক্ষম ন’হল মুখ্যমন্ত্ৰী জোৰামথাংগা নেতৃত্বাধীন মিজো নেশ্যনেল ফ্ৰন্ট ৷ জোৰামথাংগাৰ লগতে MNF ৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা এই নিৰ্বাচনী ৰণত পৰাস্ত হ’ল ৷ দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট জোৰামথাংগাৰ দলক পৰাস্ত কৰি মিজোৰামত শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিলে জোৰাম পিপলছ মুভমেন্ট চমুকৈ ZPM এ ৷

নিৰ্বাচনী ফলাফল ঘোষণাৰ পিচতে চৰ্চালৈ আহিছে এগৰাকী মিজো সুন্দৰী, যি আইজল দক্ষিণ-3 সমষ্টিৰ পৰা ZPM ৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ আহিছে ৷ তেওঁৰ নাম বেৰীল ৱান্নেইছাংগি ৷ মিজোৰামৰ আটাইতকৈ কনিষ্ঠ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে বেৰীল ৷ এইগৰাকী মিজো সুন্দৰী চৰ্চাৰ কেন্দ্ৰ হোৱাৰ কাৰণ কি ? জানো আহক সবিশেষ...

জোৰাম পিপলছ মুভমেন্টে মিজোৰামত 27 খন আসনত জয়লাভ কৰাৰ বিপৰীতে মিজো নেশ্যনেল ফ্ৰন্টে মাত্ৰ 10 খন আসনতহে জয়লাভ কৰে ৷ ইয়াৰ লগতে মিজোৰামত এই নিৰ্বাচনত অন্য এক অভিলেখ স্থাপন হ’ল ৷ প্ৰথমবাৰৰ বাবে তিনিগৰাকী মহিলা বিধায়ক হিচাপে সদনলৈ নিৰ্বাচিত হৈছে ৷ তাৰে মাজৰ অন্যতম বেৰীল ৷ এসময়ৰ জনপ্ৰিয় টিভি এংকৰ, মডেল আৰু পৰৱৰ্তী সময়ত কাউঞ্চিলৰ হিচাপে কাম কৰা বেৰীল এতিয়া বিধায়ক হ’ল ৷

বেৰীল ৱান্নেইছাংগি মিজোৰামৰ সৰ্ব কনিষ্ঠ বিধায়ক, তেওঁৰ বৰ্তমান বয়স 32 বছৰ ৷ ZPM ৰ প্ৰাৰ্থী বেৰীলে লাভ কৰে মুঠ 9370 টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দী MNF ৰ এফ. লালনুন্মাৱিয়াই লাভ কৰে 7956 টা ভোট ৷ বেৰীলে 1414 টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ৷

মেঘালয়ৰ ৰাজধানী শ্বিলংস্থিত নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্ছিটী (NEHU) ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা বেৰীলৰ পিতৃৰ নাম ৱানৰচুৱাং ৷ বেৰীল এগৰাকী জনপ্ৰিয় টিভি এংকৰ ৷ নিৰ্বাচন আয়োগক শপতনামাত এই তথ্য দাখিল কৰিছিল বেৰীলে ৷ তেওঁৰ বিৰুদ্ধে নাই কোনো অপৰাধৰ গোচৰ ৷ ইয়াৰ পূৰ্বে বেৰীলে মিজোৰাম পৌৰ নিগমৰ নিৰ্বাচনত কাউঞ্চিলাৰ হিচাপে জয়ী হৈছিল ৷ সামাজিক মাধ্যমত অতি জনপ্ৰিয় বেৰীল ৷ ইনষ্টাগ্ৰামত তেওঁৰ 251 হাজাৰ অনুৰাগী আছে ৷

লগতে পঢ়ক: ৮ ডিচেম্বৰত মিজোৰামৰ নতুন চৰকাৰৰ শপত গ্ৰহণ; গুৰুত্ব বাঢ়িছে ৩ মহিলা বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.