ETV Bharat / bharat

আপোচবিহীন জোৰামথাংগা: বিদ্ৰোহী শিবিৰৰ পৰা মুখ্যমন্ত্ৰীৰ আসনলৈ...

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 6:31 PM IST

Updated : Dec 4, 2023, 6:39 PM IST

Mizoram CM Zoramthanga
Mizoram CM Zoramthanga

মিজোৰামত সোমবাৰে অন্ত পৰিল জোৰামথাংগাৰ শাসনৰ ৷ তেওঁৰ দল মিজো নেশ্যনেল ফ্ৰন্ট পৰাস্ত হ’ল জোৰাম পিপলচ মুভমেন্টৰ হাতত ৷ তিনিটা কাৰ্যকাল মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে কটোৱা জোৰামথাংগাৰ ৰাজনৈতিক কেৰিয়াৰ সন্দৰ্ভত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন...

তেজপুৰ, 4 ডিচেম্বৰ: জোৰামথাংগা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিত এটা চিনাকি নাম । আঞ্চলিক দলৰ এজন অবিসম্বাদী নেতা জোৰামথাংগাই তিনিবাৰকৈ মিজোৰামৰ শাসনৰ গাদীত থাকি দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি আহিছে । মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ বৰ্তমান বয়স 79 বছৰ । এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰে অভিজ্ঞতাপুষ্ট জোৰামথাংগাৰ ৰাজনৈতিক কেৰিয়াৰ ।

আজি পুনৰ চৰ্চালৈ আহিছে জোৰামথাংগা ৷ যোৱা 7 নৱেম্বৰত অনুষ্ঠিত হোৱা 40 খন আসন বিশিষ্ট মিজোৰাম বিধানসভা নিৰ্বাচনৰ সোমবাৰে ফলাফল ঘোষণা হয় ৷ এই ফলাফলে সলনি কৰিলে জোৰামথাংগাৰ ৰাজনৈতিক জীৱন পৰিক্ৰমা ৷ এইবাৰ পৰাজয়ৰ সন্মুখীন হ’ল জোৰামথাংগা ৷ আইজল ইষ্ট i-13 নং সমষ্টিৰ পৰা জোৰাম পিপলচ্ মুভমেণ্টৰ (ZPM) প্ৰাৰ্থী লালথানচেংগাৰ হাতত পৰাস্ত হয় মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা । ZPM ৰ প্ৰাৰ্থীগৰাকীয়ে 10727 টা ভোট লাভ কৰাৰ বিপৰীতে MNF ৰ জোৰামথাংগাই লাভ কৰিছে 8626 টা ভোট ৷ অৰ্থাৎ 2101 টা ভোটাৰ ব্যৱধানত পৰাস্ত হয় জোৰামথাংগা ।

জোৰামথাংগাৰ ইতিবৃত্ত: মিজো নেশ্যনেল ফ্ৰণ্টৰ বিদ্ৰোহী আন্দোলনৰ সময়ত লালডেংগাৰ পিছতে দ্বিতীয় কমাণ্ডৰ দায়িত্বত আছিল জোৰামথাংগা৷ 1990 চনত লালডেংগাৰ মৃত্যুৰ পিছত MNF স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল হোৱাত দলৰ মুৰব্বী হৈছিল তেওঁ । 1987 চনত তেওঁ বিত্ত আৰু শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল । 1987 চনৰ 20 ফেব্ৰুৱাৰীত মিজোৰামে এখন সুকীয়া ৰাজ্য হিচাবে স্বীকৃতি লাভ কৰে । তেওঁৰ দল 1998 চনৰ বিধানসভা নিৰ্বাচনত MNF শাসনলৈ আহে আৰু প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হয় জোৰামথাংগা৷ তেতিয়াৰ পৰা ক্ৰমাগত দুটা কাৰ্যকাল তেওঁ মুখ্যমন্ত্ৰী হৈ থাকে ৷ কিন্তু 2008 চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হাতত পৰাস্ত হয় MNF । তেওঁ উত্তৰ আৰু দক্ষিণ চম্পাই দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু দুয়োটা সমষ্টিতে পৰাস্ত হৈছিল । 2008 চনৰ 8 ডিচেম্বৰত ৰাজ্যপাল এম এম লখেৰাক পদত্যাগ পত্ৰ দাখিল কৰে জোৰামথাংগাই ।

তেওঁ নিজৰ দলৰ পৰাজয়ৰ কাৰণ হিচাপে বিৰোধীৰ ক্ষমতাৰ কথা উল্লেখ কৰিছিল সেই সময়ত । 2018 চনৰ বিধানসভা নিৰ্বাচনত তেওঁৰ দল পুনৰ ক্ষমতালৈ অহাৰ পিছত জোৰামথাংগাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল । বৰ্তমানৰ 2023 চনৰ হিচাপত তেওঁ ভাৰতৰ আটাইতকৈ পুৰণি মুখ্যমন্ত্ৰী ।

2019 চনত বিজেপিক সমৰ্থন কৰি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল জোৰামথাংগা ৷ বিজেপি চৰকাৰে সেইসময়ত সদনত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ভোটদান কৰিছিল মিজোৰামৰ একমাত্ৰ সাংসদ লালৰোসাংগাই এই বিধেয়কৰ সপক্ষে ভোট দিয়ে ৷ যাৰ বাবে জোৰাম পিপলচ্ মুভমেন্টে তীব্ৰ সমালোচনা কৰিছিল শাসকীয় MNF ক ৷ 2018 চনৰ পৰা এখন আসনেৰে MNF ৰ সৈতে মিজোৰামত মিত্ৰতাত আছিল বিজেপি ৷ জোৰামথাংগাই কেন্দ্ৰত থকা বিজেপি দলৰ সমৰ্থন কৰিছিল । অৱশ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ সম্পূৰ্ণৰূপে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে প্ৰত্যেক ৰাজ্যই কেন্দ্ৰক সমৰ্থন কৰাটো স্বাভাৱিক ।

আনহাতে, শেহতীয়াকৈ মণিপুৰৰ হিংসাত্মক ঘটনাত জোৰামথাংগাই মণিপুৰত গৈ কুকি জনগোষ্ঠীৰ সমৰ্থনত মেইটেই বিৰোধী সমাবেশত যোগ দি মিজো ভোটাৰৰ সমৰ্থন লাভ কৰাৰ আশা কৰিছিল যদিও পৰৱৰ্তী সময়ত কুকি আৰু মিজোসকল অসন্তুষ্ট হৈ পৰে । যিহেতু ৰাজ্যখনত শেহতীয়াকৈ ZPM বিজেপিৰ ঘনিষ্ঠ বুলি চৰ্চিত হৈ আহিছে, গতিকে পৰৱৰ্তী মিজোৰাম চৰকাৰত জাতীয় দলটোৰ উত্থানে ইয়াৰ এক ইংগিত বহন কৰিছে ।

জোৰামথাংগাৰ MNF: কলেজৰ শেষ বৰ্ষত থাকোঁতে 1965 চনত জোৰামথাংগাই আনুষ্ঠানিকভাৱে মিজো নেচনেল ফ্ৰণ্টৰ আন্দোলনত যোগদান কৰে । 1966 চনত যেতিয়া MNFৰ বিদ্ৰোহ আৰম্ভ হৈছিল তেতিয়া তেওঁ গেৰিলা আন্দোলনত যোগদান কৰিছিল আৰু বাংলাদেশ (তেতিয়াৰ পূব পাকিস্তান) সীমান্তলৈ গৈছিল । তেওঁক ৰাণ বাং এৰিয়াৰ সচিব পদৰ প্ৰস্তাৱ দিয়া হৈছিল, যিটো দায়িত্ব তেওঁ তিনি বছৰ ধৰি পালন কৰিছিল । পৰৱৰ্তী সময়ত 1969 চনত MNF ৰ সকলো কেডাৰ পূব পাকিস্তানলৈ নামি যায় । MNF ৰ সভাপতি লালডেংগাই তেওঁক সম্পাদক হিচাপে নিয়োগ কৰিলে । এই দায়িত্বত জোৰামথাংগা সাত বছৰ ধৰি আছিল । 1979 চনত তেওঁক উপ-সভাপতিৰ দায়িত্ব দিয়া হয় ।

1986 চনত ভাৰত চৰকাৰৰ সৈতে মিজোৰাম শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে MNF ৰ বিদ্ৰোহৰ অন্ত পৰে । MNF ক অন্তৱৰ্তীকালীন ৰাজ্যখনত চৰকাৰ চলোৱাৰ প্ৰস্তাৱ দিয়া হয় । লালডেংগাক মুখ্যমন্ত্ৰী হিচাপে লৈ জোৰামথাংগাক কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত এজন হিচাপে নিযুক্তি দিয়া হয় । এইয়াই তেওঁৰ ৰাজনৈতিক পৰিক্ৰমা আৰম্ভণি । আনহাতে 1987 চনৰ 20 ফেব্ৰুৱাৰীত মিজোৰামক পূৰ্ণাংগ ৰাজ্য হিচাবে ঘোষণা কৰা হয় । তেতিয়ালৈকে MNFএটা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলত পৰিণত হয় ।

সেই মাহতে মিজোৰাম ৰাজ্যিক বিধানসভাৰ বাবে প্ৰথম নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ফলত MNF এ বিধানসভাৰ সংখ্যাগৰিষ্ঠ আসন লাভ কৰে ৷ ৪০ খনৰ ভিতৰত 24 খন আসনত জয়ী হয় MNF । জোৰামথাংগা চম্পাই সমষ্টিৰ পৰা নিৰ্বাচিত হয় ।

ZPMৰ উত্থান: উল্লেখযোগ্য যে, জোৰামথাংগাৰ পৰৱৰ্তীমুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালডুহোমাই জোৰাম পিপলচ মুভমেণ্টৰ নেতা হিচাপে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়ী হৈছে । 2018 চনত MNF এ 26 খন আসন লাভ কৰি মিজোৰামৰ 10 বছৰীয়া কংগ্ৰেছ শাসনৰ অন্ত পেলাইছিল । ZPM এ আঠখন আসন লাভ কৰিছিল ৷ তেতিয়া দলটোৱে স্বীকৃতি নোপোৱাৰ বাবে ইয়াৰ প্ৰাৰ্থীসকলে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ আনহাতে কংগ্ৰেছে পাঁচখন আসনেৰে তৃতীয় স্থান দখল কৰিছিল ।

যোৱা পাঁচ বছৰত কংগ্ৰেছে নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়তে 2018 চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাত MNF ৰ ব্যৰ্থতাৰ বাবে আৰু দলীয় অন্তঃকন্দলৰ বাবে ZPMৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল । চলিত বৰ্ষৰ মাৰ্চ মাহত দক্ষিণ-মধ্য মিজোৰামৰ লুংলেই নাগৰিক সংস্থাৰ নিৰ্বাচনত ZPM ৰ 11 খন আসনৰ আটাইকেইখন আসনতে জয়লাভ কৰি চহৰাঞ্চলত ZPMৰ জনপ্ৰিয়তাৰ পৰিচয় দিছিল । 2018 চনত বৌদ্ধ চাকমা অধ্যুষিত এলেকাত আসন লাভ কৰা বিজেপিয়ে MNF ৰ পৰা পদত্যাগ কৰা প্ৰাৰ্থীৰ শক্তিত নিজৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে এইবাৰ যথেষ্ট আশা কৰিছিল ।

ইতিমধ্যে পৰাজয়বৰণৰ পিচত ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগপত্ৰ দাখিল কৰিছে জোৰামথাংগাই ৷ মিজোৰামত নতুন চৰকাৰ গঠন কৰিব জোৰাম পিপলচ মুভমেন্টে ৷

লগতে পঢ়ক: মিজোৰামৰ এমএনএফৰ দুৰ্গত মোক্ষম আঘাত, সন্মান ৰক্ষা কৰিবলৈ সক্ষম নহ’ল মুখ্যমন্ত্ৰী জোৰামথাংগা

Last Updated :Dec 4, 2023, 6:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.