ETV Bharat / bharat

Delhi excise policy case: অৰবিন্দ কেজৰিৱালক 9 ঘণ্টা জেৰা CBIৰ

author img

By

Published : Apr 17, 2023, 7:34 AM IST

Updated : Apr 17, 2023, 8:16 AM IST

আবকাৰী কেলেংকাৰীৰ গোচৰত 9 ঘণ্টা ধৰি CBI য়ে জেৰা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৷ 9 ঘণ্টাত 56 টা প্ৰশ্ন সোধা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক ৷ দলটোৰ কৰ্ম-কৰ্তাই সমগ্ৰ দিল্লীতে সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ (CBI summons to Kejriwal) ৷

Delhi excise policy case
Delhi excise policy case

নিউজ ডেস্ক, 17 এপ্ৰিল: নতুন দিল্লীৰ আবকাৰী কেলেংকাৰী গোচৰত দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 9 ঘণ্টা ধৰি সোধা-পোছা কৰিলে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ CBI য়ে ৷ এই জেৰাত কেজৰিৱালক সোধা হ’ল 56 টা বিভিন্ন প্ৰশ্ন (Delhi CM Kejriwal excise policy case) ৷

CBI ৰ জেৰা সম্পন্ন হোৱাৰ পাচতে অৰবিন্দ কেজৰিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘মোক 56 টা প্ৰশ্ন সোধা হৈছিল ৷ মই আটাইবোৰ প্ৰশ্নৰে উত্তৰ দিছো ৷ মই তেওঁলোকক কৈছিলো যে আমাৰ লুকুৱাব লগা একো নাই ৷ আবকাৰী কেলেংকাৰীৰ অভিযোগ সম্পূৰ্ণ ভুৱা আৰু ই এক পংকিল ৰাজনীতিৰ অংশ ৷ মোৰ মৃত্যু হ’লেও সততাৰ পৰা কেতিয়াও বিচলিত নহওঁ (Delhi CM Kejriwal at CBI office) ৷’’

উল্লেখ্য যে, দেওবাৰে নিশা 8.30 বজালৈকে জেৰা চলোৱা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ৷ ইফালে, CBI ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ পূৰ্বে দেওবাৰে পুৱাৰ ভাগত কেজৰিৱালে এক ভিডিঅ’ বাৰ্তাযোগে যে মোক গ্ৰেপ্তাৰ কৰিবৰ বাবে বিজেপিয়ে CBI ক আদেশ দিব পাৰে ৷ মন কৰিবলগীয়া যে, কেজৰিৱালক দিল্লীৰ আবকাৰী কেলেংকাৰী ঘটনাৰ ‘কিংপিন’ আখ্যা দিছে বিজেপিয়ে ৷ ইফালে, বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই দেওবাৰে চিবিআই আৰু ইডিৰ দৰে তদন্ত সংস্থাই তথ্যৰ ভিত্তিত কাম কৰে, আৱেগৰ ওপৰত নহয় বুলি স্পষ্ট কৰি দিয়ে (Delhi CM Kejriwal at CBI headquarter) ৷

CBI য়ে চলোৱা জেৰাৰ সময়ত কেজৰিৱালক সন্ধানহীন হোৱা ফাইলৰ বিষয়ে সোধা-পোছা কৰা বুলি জানিব পৰা গৈছে ৷ তদন্তকাৰী বিষয়াই কয় যে বিশেষজ্ঞ সমিতিৰ মতামত থকা ফাইলটো আৰু ইয়াৰ ওপৰত ৰাজহুৱা আৰু আইনী মতামত থকা ফাইলটো বৰ্তমানেও সন্ধানহীন হৈ আছে ৷ সুৰা নীতি প্ৰস্তুত কৰাত কেজৰিৱাল জড়িত আছিল নেকি বুলিও প্ৰশ্ন কৰে CBI য়ে ৷

আনহাতে, কেজৰিৱালক চলোৱা জেৰাৰ বিৰুদ্ধে দেওবাৰে সমগ্ৰ দিল্লীতে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে ৷ এই প্ৰতিবাদৰ সময়ত প্ৰায় 1500 আপৰ নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ লগতে দিল্লী সীমান্তত পঞ্জাৱৰ 20 গৰাকী বিধায়ককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Protest against CBI for summoning Delhi CM) ৷

লগতে পঢ়ক : Post mortem report : হত্যাকাৰীয়ে 15 জাঁই গুলীৰে থকা সৰকা কৰিছিল আতিকসহ ভাতৃ আশ্ৰফক

Last Updated :Apr 17, 2023, 8:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.