ETV Bharat / bharat

Post mortem report : হত্যাকাৰীয়ে 15 জাঁই গুলীৰে থকা সৰকা কৰিছিল আতিকসহ ভাতৃ আশ্ৰফক

author img

By

Published : Apr 16, 2023, 10:52 PM IST

গেংষ্টাৰ তথা ৰাজনৈতিক নেতা আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক 15 জাঁই গুলীৰে থকা সৰকা কৰি হত্যা কৰিছিল তিনি আততায়ীয়ে (Post mortem report Atiq Ashraf murder case) ৷ বিয়লি 6.30 বজাত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন আতিক-আশ্ৰফৰ ৷

post mortem report of Atiq Ahmed and brother Assraf
15 জাই গুলীৰে থকা সৰকা কৰিছিল আতিক-আশ্ৰফক

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল: আতিক-আশ্ৰফৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ ৷ শনিবাৰে তিনি আততায়ীৰ হাতত গুলীবিদ্ধ হৈ মৃত্যু ঘটিছিল গেংষ্টাৰ তথা ৰাজনৈতিক নেতা আতিক আহমেদ আৰু ভাতৃ আশ্ৰফৰ (Mafia Atiq Ahmed murder case) ৷ 18 গৰাকী আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহু ওফৰাই সাংবাদিকৰ ভেশ লৈ তিনি আততায়ীয়ে অন কেমেৰা হত্যা কৰিছিল ভাতৃদ্বয়ক (Atiq Ashraf murder case update) ৷

ইয়াৰ পিচতে আতিক আহমেদ আৰু আশ্ৰফৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে, তিনি শ্বুটাৰে তেওঁলোকৰ শৰীৰত 15 জাঁই গুলীচালনা কৰে (Post mortem report Atiq Ashraf murder case) ৷ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকৰ দলটোৱে প্ৰকাশ কৰা অনুসৰি আতিকৰ মৃতদেহত মুঠ ১০ টা গুলী পোৱা গৈছিল ৷ কিন্তু সাতটা গুলীৰ টুকুৰা টুকুৰা অৱস্থাত পোৱা গৈছিল, আতিকৰ শৰীৰৰ পৰা তিনিটা গুলী সম্পূৰ্ণকৈ পোৱা গৈছিল । ইফালে আশ্ৰফৰ শৰীৰত পাঁচটা গুলী পোৱা গৈছিল যাৰ ভিতৰত এটা তেওঁৰ মুখত আঘাত কৰিছিল, আনহাতে চাৰিটা তেওঁৰ বুকু আৰু পেটত পোৱা গৈছিল ।

মৰণোত্তৰ পৰীক্ষা কৰাৰ পিচত পৰিয়ালৰ সদস্যসকলক দুয়োটা মৃতদেহ চমজাই দিয়ে আৰক্ষীয়ে ৷ সন্ধিয়া প্ৰায় ৬.৩০ বজাত অন্তিম সংস্কাৰৰ বাবে কছাৰী মাছাৰী কবৰস্থানলৈ লৈ যোৱা হয় দুয়োটা মৃতদেহ ৷ এই অনুষ্ঠান সমাপ্ত কৰিবলৈ প্ৰায় দুঘণ্টা সময় লাগিছিল । ইফআলে অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অনুমতি দিয়াসকলৰ নাম এখন তালিকাত উল্লেখ কৰা হৈছিল আৰু তেওঁলোকৰ পৰিচয় প্ৰমাণিত হোৱাৰ পিচতহে তেওঁলোকক প্ৰৱেশৰ অনুমতি দিয়া হৈছিল । যদিও উমেশ পাল হত্যাকাণ্ডৰ পলাতক অভিযুক্ত আতিক আহমেদৰ পত্নী ছাইস্তা পাৰবীনক স্বামীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা পৰ্বত দেখা নগ’ল ৷

স্মৰ্তব্য যে, তিনিজন শ্বুটাৰে কম সময়ৰ ভিতৰতে প্ৰায় ১৭ ৰ পৰা ২০ ৰাউণ্ড গুলীচালনা কৰিছিল । নিৰ্বিচাৰ গুলীচালনাৰ পিচত হত্যাকাৰীকেইটাই পিষ্টল পেলাই আত্মসমৰ্পণ কৰি হাত দাঙিছিল ৷ তাৰ পিচতেই আৰক্ষীয়ে হত্যাকাৰীকেইটাক গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক: Atiq Ahmed murder case : তুৰস্কত নিৰ্মিত প্ৰায় 7 লাখ টকীয়া পিষ্টল ব্যৱহাৰ কৰিছিল হত্যাকাৰীয়ে

দেওবাৰে বিয়লি প্ৰয়াগৰাজ আদালতত লাভলেশ তিৱাৰী, মোহিত ওৰফে ছানী আৰু অৰুণ মৌৰ্য নামৰ তিনি অভিযুক্তক হাজিৰ কৰাৰ পিচতে আদালতে তিনিও হত্যাকাৰীকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে (Accused 14 days of judicial custody)। হত্যাকাৰীকেইটাৰ বিৰুদ্ধে আইপিচি আৰু অস্ত্ৰ আইনৰ ধাৰা ৩০২, ৩০৭ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.